--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : পেগাছাছ চোৰাংচোৱাগিৰি কাণ্ড সম্পৰ্কীয় এটা গোচৰৰ শুনানি গ্ৰহণ কৰি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। পেগাছাছ স্পাইৱেৰ ব্যৱহাৰ কৰি বিৰোধী দলৰ নেতা, সাংবাদিক আৰু আনসকলক লক্ষ্য কৰা বুলি প্ৰকাশিত বাতৰি যদি সঁচা হয় তেন্তে এয়া এক গুৰুতৰ অভিযোগ। দেশৰ ৰাজনীতিত তোলপাৰ লগোৱা এই বিষয় সম্পৰ্কীয় ভালেমান আৱেদনৰ আজি শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বৰ দুজনীয়া বিচাৰপীঠে আবেদনকাৰীসকলক তেওঁলোকৰ আৱেদনৰ প্ৰতিলিপি চৰকাৰক প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

ন্যায়াধীশ সূৰ্য কান্ত বিচাৰপীঠখনৰ আনগৰাকী সদস্য আছিল। ন্যায়ালয়ে শুনানিৰ সময়ত চৰকাৰৰ প্ৰতিনিধি উপস্থিত থাকিব লাগিব বুলি উল্লেখ কৰি মঙলবাৰে পুনৰ এই আবেদনৰ শুনানি গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। উল্লেখ্য যে, ‘এডিটৰ্ছ গীল্ড অব্ ইণ্ডিয়া’ই দুদিন আগতে দাখিল কৰা এখন আৱেদনত উচ্চতম ন্যায়ালয়ক স্পাইৱেৰ চুক্তি সম্পৰ্কীয় তথ্য আৰু ইয়াৰ জৰিয়তে লক্ষ্য হিচাপে লোৱা লোকসকলৰ তালিকাৰ সবিশেষ চৰকাৰৰ পৰা বিচাৰিবলৈ ন্যায়ালয়ক অনুৰোধ জনাইছিল। একেটা বিষয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আগতে আন দুখন আবেদন দাখিল কৰা হৈছিল। চিপিএমৰ সাংসদ জন ব্ৰিটাছ আৰু অধিবক্তা এম এল শৰ্মাই এই আবেদন দুখন দাখিল কৰিছিল। ইয়াৰ পূৰ্বে, জ্যেষ্ঠ সাংবাদিক এন ৰাম আৰু শশী কুমাৰে অনৈতিক চোৰাংচোৱাগিৰি অভিযোগৰ তদন্তৰ বাবে প্ৰাক্তন ন্যায়াধীশৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দল (এছআইটি) গঠন কৰাৰ দাবী কৰিছিল। আবেদনকাৰীৰ হৈ অধিবক্তা কপিল ছিবালে আজি কয়, চৰকাৰে এই সম্পৰ্কীয় চুক্তিৰ সবিশেষ তথা কাৰ সৈতে এই চুক্তি কৰা হৈছিল সেয়া আমাক জনাব লাগিব।’


উল্লেখ্য যে, ‘দ্য ৱায়াৰ’কে ধৰি কেইবাটাও আগশাৰীৰ সংবাদ মাধ্যমে পেগাছাছ সম্পৰ্কীয় প্ৰতিবেদনত প্ৰকাশ কৰিছে যে, ইজৰাইলী স্পাইৱেৰ পেগাছাছ যোগান ধৰা এনএছঅ'ৰ লিক ডাটাবেছত ভাৰতৰ ৩০০টা ফোনৰ সাম্ভাব্য লক্ষ্যৰ তালিকাত আছে। অৱশ্যে, এইটো সকলো ফোন হেক কৰা হৈছিল বুলি নিশ্চিত নহয়। কংগ্ৰেছ নেতা ৰাহুল গান্ধী, নিৰ্বাচনী ৰণকৌশল নিৰ্ধাৰক প্ৰশান্ত কিশোৰ, দুজন কৰ্মৰত কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন নিৰ্বাচন আয়ুক্ত, ৪০জন সাংবাদিককে ধৰি ভালেমান লোকৰ নাম এই তালিকাত থকা বুলি প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ