--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : পেগাছাছ চোৰাংচোৱাগিৰি কাণ্ডক লৈ দেশৰ ৰাজনীতিত এতিয়াও আলোড়ন অব্যাহত আছে। সংসদত এই বিষয় লৈ আজিও সংগবদ্ধভাৱে বিৰোধীয়ে আক্ৰমণ কৰে চৰকাৰক। ১৪টাকৈ বিৰোধী দলে পেগাছাছ সন্দৰ্ভত সংসদত আলোচনা কৰাৰ দাবী কৰে। এই সন্দৰ্ভত গৃহমন্ত্ৰীয়ে দিয়া এটা উত্তৰৰ আঁত ধৰি বিৰোধীয়ে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

চৰকাৰক ‘অহংকাৰী’ আৰু ‘জেদী’ আখ্যা দি বিৰোধীয়ে এখন পত্ৰযোগে চৰকাৰক সংসদীয় গণতন্ত্ৰক সন্মান কৰি আলোচনাৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। চৰকাৰে সংসদত এই বিষয় লৈ আলোচনা অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰি থকাটোক দুৰ্ভাগ্যজনক আখ্যা দিয়ে বিৰোধী জোঁটে।

উল্লেখ্য যে, পেগাছাছ ছফ্টৱেৰৰ জৰিয়তে ভালেকেইগৰাকী বিৰোধী দলৰ নেতা, প্ৰশান্ত কিশোৰৰ দৰে নিৰ্বাচনী কৌশল নিৰ্ধাৰক তথা ভালেকেইগৰাকী সংবাদিককে ধৰি তিনি শতাধিক লোকৰ মোবাইলত অবৈধ নজৰদাৰি কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতে চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ভূমিকা গ্ৰহণ কৰি আহিছে বিৰোধী দলসমূহে। ইয়াৰ বিপৰীতে চৰকাৰে এই কথাক নস্যাৎ কৰি বিষয়টো আলোচনাৰ পৰা বিৰত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ