--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : আফগানিস্তানৰ পৰিস্থিতি এতিয়া সমগ্ৰ বিশ্বৰ বাবেই হৈ পৰিছে উদ্বেগজনক। চুবুৰীয়া দেশ ভাৰততো পৰিছে ইয়াৰ প্ৰভাৱ। সংকটকালত ভৰি দিয়া আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবে বিশেষ বৈঠক আহ্বান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

অহা ২৬ আগষ্টত দিনৰ ১১ বজাত এই সৰ্বদলীয় বৈঠকখন অনুষ্ঠিত কৰা হ’ব। এই বৈঠকতে দেশৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে আফগানিস্তানৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বিতং তথ্য প্ৰকাশ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে জয়শংকৰ সকলো দলৰ প্ৰতিনিধিকে যুদ্ধজৰ্জৰ দেশখনৰ পৰিস্থিতিৰ খতিয়ান দিবলৈ আহ্বান জনাইছিল।

উল্লেখ্য যে, দেশখনৰ পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে জয়শংকৰে প্ৰত্যক্ষভাৱে মোকাবিলা কৰি আছে। দেশখনত আবদ্ধ ভাৰতীয়সকলক ওভটাই অনাৰ ক্ষেত্ৰত তেওঁৰ নেতৃত্বতে বিশেষ অভিযান চলায় ভাৰতে আৰু এই অভিযান এতিয়া প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এই সমগ্ৰ পৰিস্থিতি সন্দৰ্ভত বিতং আলোচনাৰ বাবে প্ৰধানমন্ত্ৰীৰ বৈঠকলৈ বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলক আমন্ত্ৰণ জনোৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ