--°C
Loading...
Listen to Article
2 min read
80%

মু্ম্বাই : দেশৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিব বিচাৰিছিল ‘এলগাৰ পৰিষদ-মাওবাদীৰে সম্পৰ্ক’ৰ গোচৰত অভিযুক্তই। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এই গোচৰৰ তদন্ত কৰি থকা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই। নিয়াই মুম্বাইৰ এখন বিশেষ আদালতত দাখিল কৰা খচৰা অভিযোগনামাত এনে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। এই অভিযুক্তসকলে তেওঁলোকৰ নিজা চৰকাৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল আৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব বিচাৰিছিল বুলি উল্লেখ কৰা হয় এই অভিযোগনামাত।

এই মাহৰ আৰম্ভণিতে নিয়াই এই খচৰা দাখিল কৰিছিল আৰু সোমবাৰে সেই খচৰাৰ প্ৰকাশ কৰা হয়। এই খচৰাখনত ১৫জন অভিযুক্তৰ বিৰুদ্ধে ১৭টাকৈ অভিযোগ অনা হৈছে। এইএপিএ, আইপিচিৰ বিভিন্ন ধাৰাত ৰুজু কৰা হৈছে গোচৰ। মন কৰিবলগীয়া যে, অভিযুক্তৰ তালিকাত দেশৰ কেইবাগৰাকীও বিশিষ্ট সমাজকৰ্মী, মানৱ অধিকাৰ কৰ্মী আৰু নাগৰিক স্বাধীনতাৰ হকে কাম কৰা সংগ্ৰামীও আছে। নিয়াই এইসকল অভিযুক্ত নিষিদ্ধ ঘোষিত চিপিআই (মাওবাদী) গোটৰ সক্ৰিয় সদস্য বুলিও অভিযোগ উত্থাপন কৰিছে।

সুধা ভৰদ্বাজ, ভাৰ্নন গোনছেলভ, ৱাৰাৱাৰা ৰাও, হেনী বাবু, আনন্দ তেলতুম্বে, ছোমা সেন, গৌতম নৱলেখাকে ধৰি দেশৰ ভালেমান বিশিষ্ট লোকক এই গুৰুতৰ গোচৰত অভিযুক্ত কৰি দীৰ্ঘদিনে কাৰাৰুদ্ধ কৰি ৰাখিছে নিয়াই। নিয়াৰ মূল অভিযোগ হৈছে যে, এইসকল লোকে গণ অভ্যুত্থান আৰু সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে ‘জনতা চৰকাৰ’ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল আৰু ৰাজ্যখনৰ ক্ষমতা হস্তগত কৰিব বিচাৰিছিল। নিয়াই লগতে অভিযোগ আনিছে যে, তেওঁলোকে ভাৰত তথা মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পৰিকল্পনা কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু