--°C
Loading...
Listen to Article
2 min read
80%

মু্ম্বাই : দেশৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিব বিচাৰিছিল ‘এলগাৰ পৰিষদ-মাওবাদীৰে সম্পৰ্ক’ৰ গোচৰত অভিযুক্তই। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এই গোচৰৰ তদন্ত কৰি থকা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই। নিয়াই মুম্বাইৰ এখন বিশেষ আদালতত দাখিল কৰা খচৰা অভিযোগনামাত এনে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। এই অভিযুক্তসকলে তেওঁলোকৰ নিজা চৰকাৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল আৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব বিচাৰিছিল বুলি উল্লেখ কৰা হয় এই অভিযোগনামাত।

এই মাহৰ আৰম্ভণিতে নিয়াই এই খচৰা দাখিল কৰিছিল আৰু সোমবাৰে সেই খচৰাৰ প্ৰকাশ কৰা হয়। এই খচৰাখনত ১৫জন অভিযুক্তৰ বিৰুদ্ধে ১৭টাকৈ অভিযোগ অনা হৈছে। এইএপিএ, আইপিচিৰ বিভিন্ন ধাৰাত ৰুজু কৰা হৈছে গোচৰ। মন কৰিবলগীয়া যে, অভিযুক্তৰ তালিকাত দেশৰ কেইবাগৰাকীও বিশিষ্ট সমাজকৰ্মী, মানৱ অধিকাৰ কৰ্মী আৰু নাগৰিক স্বাধীনতাৰ হকে কাম কৰা সংগ্ৰামীও আছে। নিয়াই এইসকল অভিযুক্ত নিষিদ্ধ ঘোষিত চিপিআই (মাওবাদী) গোটৰ সক্ৰিয় সদস্য বুলিও অভিযোগ উত্থাপন কৰিছে।

সুধা ভৰদ্বাজ, ভাৰ্নন গোনছেলভ, ৱাৰাৱাৰা ৰাও, হেনী বাবু, আনন্দ তেলতুম্বে, ছোমা সেন, গৌতম নৱলেখাকে ধৰি দেশৰ ভালেমান বিশিষ্ট লোকক এই গুৰুতৰ গোচৰত অভিযুক্ত কৰি দীৰ্ঘদিনে কাৰাৰুদ্ধ কৰি ৰাখিছে নিয়াই। নিয়াৰ মূল অভিযোগ হৈছে যে, এইসকল লোকে গণ অভ্যুত্থান আৰু সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে ‘জনতা চৰকাৰ’ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল আৰু ৰাজ্যখনৰ ক্ষমতা হস্তগত কৰিব বিচাৰিছিল। নিয়াই লগতে অভিযোগ আনিছে যে, তেওঁলোকে ভাৰত তথা মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পৰিকল্পনা কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ