--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আফগানিস্তানৰ পৰা ভাৰতলৈ উভতি অহাৰ নাগৰিকৰ বাবে বিনামূলীয়া পলিঅ'ৰ টিকাকৰণৰ ব্যৱস্থা হাতত লৈছে ভাৰতে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱীয়ে শেহতীয়াকৈ এই বিষয়ে টুইটাৰযোগে সদৰী কৰিছে। পলিঅ' টিকাকৰণৰ এখন ছবি পোষ্ট কৰি তেওঁ লিখিছে যে, ‘আফগানিস্তানৰ পৰা ভাৰতলৈ প্ৰত্যাৱৰ্তনকাৰীসকলক বিনামূলীয়া পলিঅ' ভেকচিন-অ’ পিভি আৰু এফআইপিভি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে পলিঅ' সংক্ৰমণ প্ৰতিৰোধ কৰা।’


দেশৰ স্বাস্থ্য কৰ্মীসকলকো ধন্যবাদ জ্ঞাপন কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আফগানিস্তানৰ উভতি অহা লোকসকলক ক’ভিড-১৯ প্ৰতিৰোধকাৰী প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে।


উল্লেখ্য যে, ভাৰতে ইতিমধ্যে আফগানিস্তানৰ পৰা ১০৭ জন ভাৰতীয়সহ ১৬৮ জন লোকক সুৰক্ষিত আশ্ৰয় প্ৰদান কৰিছে। এতিয়ালৈকে ভাৰতে আফগানিস্তানৰ পৰা ২০০ জন লোকক উদ্ধাৰ কৰিছে। তেওঁলোকক দুখন চি-১৭ বিমানেৰে লৈ অহা হৈছে। উল্লেখ্য যে, আফগানিস্তানৰ পৰা পলিঅ' লৈ যাতে কোনো লোক ভাৰতলৈ উভতি নাহে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ