--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আফগানিস্তানৰ পৰা ভাৰতলৈ উভতি অহাৰ নাগৰিকৰ বাবে বিনামূলীয়া পলিঅ'ৰ টিকাকৰণৰ ব্যৱস্থা হাতত লৈছে ভাৰতে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱীয়ে শেহতীয়াকৈ এই বিষয়ে টুইটাৰযোগে সদৰী কৰিছে। পলিঅ' টিকাকৰণৰ এখন ছবি পোষ্ট কৰি তেওঁ লিখিছে যে, ‘আফগানিস্তানৰ পৰা ভাৰতলৈ প্ৰত্যাৱৰ্তনকাৰীসকলক বিনামূলীয়া পলিঅ' ভেকচিন-অ’ পিভি আৰু এফআইপিভি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে পলিঅ' সংক্ৰমণ প্ৰতিৰোধ কৰা।’

দেশৰ স্বাস্থ্য কৰ্মীসকলকো ধন্যবাদ জ্ঞাপন কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আফগানিস্তানৰ উভতি অহা লোকসকলক ক’ভিড-১৯ প্ৰতিৰোধকাৰী প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে।

উল্লেখ্য যে, ভাৰতে ইতিমধ্যে আফগানিস্তানৰ পৰা ১০৭ জন ভাৰতীয়সহ ১৬৮ জন লোকক সুৰক্ষিত আশ্ৰয় প্ৰদান কৰিছে। এতিয়ালৈকে ভাৰতে আফগানিস্তানৰ পৰা ২০০ জন লোকক উদ্ধাৰ কৰিছে। তেওঁলোকক দুখন চি-১৭ বিমানেৰে লৈ অহা হৈছে। উল্লেখ্য যে, আফগানিস্তানৰ পৰা পলিঅ' লৈ যাতে কোনো লোক ভাৰতলৈ উভতি নাহে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক