--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ জম্মু-কাশ্মীৰৰ পিপলছ ডেম'ক্ৰেটিক পাৰ্টীৰ (পিডিপি) নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীয়ে আফগানিস্তানৰ প্ৰসংগৰ আওতাত বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে। কথাৰ প্ৰসংগত ভাৰত চৰকাৰৰ শাসনাধিষ্ঠ মোদী চৰকাৰক সতৰ্ক কৰি দিয়ে নেত্ৰীগৰাকীয়ে।


মেহবুবা মুফতীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যই আফগানিস্তান এৰি যোৱাৰ লগে লগে দেশখনে সন্মুখীন হোৱা ভয়াৱহ পৰিস্থিতিৰ পৰা নীতিশিক্ষা ল’বলৈ মোদী চৰকাৰক আহ্বান জনাইছে। বিজেপিৰ প্ৰাক্তন সহযোগী পিপলছ ডেম'ক্ৰেটিক পাৰ্টীৰ (পিডিপি) নেতা মেহবুবা মুফতীয়ে বাৰম্বাৰ কাশ্মীৰৰ বিশেষ মৰ্যাদা ঘূৰাই অনাৰ দাবী জনাই আহিছে। তেওঁ কেন্দ্ৰক কাশ্মীৰ আৰু আনকি পাকিস্তানৰ লোকসকলৰ সৈতে একাধিকবাৰ আলোচনা কৰিবলৈও সময়ে সময়ে পৰামৰ্শ দি আহিছে।


শেহতীয়াকৈ মোদী চৰকাৰক সম্বোধন কৰি তেওঁ কয়, ‘মই আপোনাক বাৰে বাৰে ধৈৰ্য্য পৰীক্ষা নল’বলৈ কৈ আছো। পৰিস্থিতিৰ বুজ লওক আৰু নিজকে সংশোধন কৰক। কাশ্মীৰীসকলৰ ধৈৰ্য্যৰ পৰীক্ষা নল’ব। ধৈৰ্য্যৰ বান্ধ ছিঙিলে কথা বিষম হ’ব। ' প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দৰে কাশ্মীৰৰ বিষয়ে আলোচনা আৰম্ভ কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী মোদীক আহ্বান মেহবুবা মুফতীৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ