--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ জম্মু-কাশ্মীৰৰ পিপলছ ডেম'ক্ৰেটিক পাৰ্টীৰ (পিডিপি) নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীয়ে আফগানিস্তানৰ প্ৰসংগৰ আওতাত বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে। কথাৰ প্ৰসংগত ভাৰত চৰকাৰৰ শাসনাধিষ্ঠ মোদী চৰকাৰক সতৰ্ক কৰি দিয়ে নেত্ৰীগৰাকীয়ে।


মেহবুবা মুফতীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যই আফগানিস্তান এৰি যোৱাৰ লগে লগে দেশখনে সন্মুখীন হোৱা ভয়াৱহ পৰিস্থিতিৰ পৰা নীতিশিক্ষা ল’বলৈ মোদী চৰকাৰক আহ্বান জনাইছে। বিজেপিৰ প্ৰাক্তন সহযোগী পিপলছ ডেম'ক্ৰেটিক পাৰ্টীৰ (পিডিপি) নেতা মেহবুবা মুফতীয়ে বাৰম্বাৰ কাশ্মীৰৰ বিশেষ মৰ্যাদা ঘূৰাই অনাৰ দাবী জনাই আহিছে। তেওঁ কেন্দ্ৰক কাশ্মীৰ আৰু আনকি পাকিস্তানৰ লোকসকলৰ সৈতে একাধিকবাৰ আলোচনা কৰিবলৈও সময়ে সময়ে পৰামৰ্শ দি আহিছে।


শেহতীয়াকৈ মোদী চৰকাৰক সম্বোধন কৰি তেওঁ কয়, ‘মই আপোনাক বাৰে বাৰে ধৈৰ্য্য পৰীক্ষা নল’বলৈ কৈ আছো। পৰিস্থিতিৰ বুজ লওক আৰু নিজকে সংশোধন কৰক। কাশ্মীৰীসকলৰ ধৈৰ্য্যৰ পৰীক্ষা নল’ব। ধৈৰ্য্যৰ বান্ধ ছিঙিলে কথা বিষম হ’ব। ' প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দৰে কাশ্মীৰৰ বিষয়ে আলোচনা আৰম্ভ কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী মোদীক আহ্বান মেহবুবা মুফতীৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু