--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। এইবাৰ এলপিজি চিলিণ্ডাৰৰ দামবৃদ্ধিক লৈ কেন্দ্ৰক সমালোচনা প্ৰিয়ংকাৰ। টুইটযোগে দামবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই প্ৰিয়ংকাই কয়, ‘ধাৰাবাহিকভাৱে দাম বৃদ্ধি হৈ আছে। চিলিণ্ডাৰ ভৰোৱাৰ বাবে লোকৰ হাতত টকা নাই।

ব্যৱসায় বন্ধ হৈ পৰিছে। সাধাৰণ মহিলাৰ যন্ত্ৰণাৰ ছবিখন এয়াই। আমি কেতিয়া এই কষ্টৰ কথা পাতিম? দামবৃদ্ধি হ্ৰাস কৰক।’ উল্লেখ্য যে, পূৰ্বৰে পৰা দামবৃদ্ধিৰ দৰে স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত কেন্দ্ৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰি আহিছে প্ৰিয়ংকাই।

যোৱা ১১ আগষ্টটো তেওঁ দামবৃদ্ধিক লৈ কেন্দ্ৰক সমালোচনা কৰিছিল। উজ্বলা গেছ চিলিণ্ডাৰত দুখীয়া মহিলাক ৰাজসাহায্য দিয়াৰ দাবী জনাইছিল প্ৰিয়ংকাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ