--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আফগানিস্তান আৰু পাকিস্তানৰ মাজত বৃদ্ধি পাইছে উত্তেজনা। তালিবান শাসিত আফগানিস্তানত  সোমবাৰে পুৱতি নিশা পাকিস্তানৰ যুদ্ধ  বিমানে ভয়ংকৰ আক্ৰমণ চলায়। পাক বায়ু লেনা বাহিনীয়ে  চুবুৰীয়া আফগানিস্তানৰ ভিতৰত থকা  পাকিস্তানী তালিবানৰ একাধিক সন্দেহজনক ঘাটিক লক্ষ্য কৰি এই আক্ৰমণ চলায়।

পাকিস্তানৰ এনে আক্ৰমণৰ প্ৰত্যুত্তৰত আফগান তালিবানৰ তৰফৰ  পৰা গুলীচালনা কৰাৰ খবৰ আহিছে। শেহতীয়া আক্ৰণৰ ঘটনাই  ইছলামাবাদ আৰু কাবুলৰ মাজত উত্তেজনা  বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। পাক তালিবানে  উত্তৰ-পশ্চিম পাকিস্তানত  আত্মঘাতী বোমা বিস্ফোৰণ ঘটাই  সাতজন পাক সেনাক হত্যা কৰাৰ দুদিন পিছতে পাকিস্তানে এই  আক্ৰমণ সংঘটিত কৰে।  

আফগান তালিবানে এই আক্ৰমণক আফগানিস্তানৰ আঞ্চলিক অখণ্ডতাৰ প্ৰতি ভাবুকি আখ্যা দি পাকিস্তানক ক্ষুৰধাৰ সমালোচনা কৰিছে।  আফগানিস্তানৰ তালিবানে কয় যে পাকিস্তানে আকাশী পথেৰে আক্ৰমণ চলাই   কেইবাগৰাকীও মহিলা আৰু শিশুক হত্যা কৰিছে৷ কাবুলৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে  আফগান বাহিনীয়ে এই আক্ৰমণৰ পিছতে  পাকিস্তানৰ সামৰিক কেন্দ্ৰসমূহক লক্ষ্য কৰি লৈছে।পাকিস্তানৰ  নিৰাপত্তা আৰু চোৰাংচোৱা বিষয়াই জনোৱা অনুসৰি পাকিস্তানৰ সীমান্তৱৰ্তী খোষ্ট আৰু পাকটিকা প্ৰদেশত পাকিস্তানৰ বায়ুসেনাই আক্ৰমণ সংঘটিত কৰিছে। 

বিষয়াসকলে এই বিষয়ত অধিক তথ্য প্ৰকাশৰ পৰা বিৰত থাকে। পুৱতি নিশা সংঘটিত আক্ৰমণ সন্দৰ্ভত  পাকিস্তানৰ সামৰিক বাহিনীয়ে তাৎক্ষণিকভাৱে কোনো মন্তব্য কৰা নাই । এয়াও স্পষ্ট হোৱা নাই  যে পাকিস্তানী জেটবোৰে আফগানিস্তানৰ কিমান ভিতৰলৈ সোমাই গৈছিল।  ২০২২ চনৰ পিছত আফগানিস্তানৰ বিৰুদ্ধে এয়া পাকিস্তানৰ শেহতীয়া  বিমান আক্ৰমণ। 

পাকিস্তানে আফগানিস্তানত তালিবানৰ বিৰুদ্ধে  প্ৰায়ে আক্ৰমণ চলাই গৈছে যদিও ইছলামাবাদে কেতিয়াও আনুষ্ঠানিকভাৱে সেই আক্ৰমণৰ কথা নিশ্চিত কৰা নাই।  আফগান তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে এক বিবৃতিত কয়  যে সোমবাৰৰ বিমান আক্ৰমণত তিনিজন নিহত হৈছে।   পাকটিকা প্ৰদেশৰ বৰমাল জিলাত মহিলা আৰু তিনিটা শিশু নিহত হোৱাৰ লগতে  খোষ্ট প্ৰদেশত হোৱা আক্ৰমণত  আন দুগৰাকী  মহিলা নিহত হৈছে।  " এনে ধৰণৰ আক্ৰমণ আফগানিস্তানৰ সাৰ্বভৌমত্বৰ উলংঘন আৰু ইয়াৰ  পৰিণাম ভয়াৱহ  হ'ব," মুজাহিদে কয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা