--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আফগানিস্তান আৰু পাকিস্তানৰ মাজত বৃদ্ধি পাইছে উত্তেজনা। তালিবান শাসিত আফগানিস্তানত  সোমবাৰে পুৱতি নিশা পাকিস্তানৰ যুদ্ধ  বিমানে ভয়ংকৰ আক্ৰমণ চলায়। পাক বায়ু লেনা বাহিনীয়ে  চুবুৰীয়া আফগানিস্তানৰ ভিতৰত থকা  পাকিস্তানী তালিবানৰ একাধিক সন্দেহজনক ঘাটিক লক্ষ্য কৰি এই আক্ৰমণ চলায়।

পাকিস্তানৰ এনে আক্ৰমণৰ প্ৰত্যুত্তৰত আফগান তালিবানৰ তৰফৰ  পৰা গুলীচালনা কৰাৰ খবৰ আহিছে। শেহতীয়া আক্ৰণৰ ঘটনাই  ইছলামাবাদ আৰু কাবুলৰ মাজত উত্তেজনা  বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। পাক তালিবানে  উত্তৰ-পশ্চিম পাকিস্তানত  আত্মঘাতী বোমা বিস্ফোৰণ ঘটাই  সাতজন পাক সেনাক হত্যা কৰাৰ দুদিন পিছতে পাকিস্তানে এই  আক্ৰমণ সংঘটিত কৰে।  

আফগান তালিবানে এই আক্ৰমণক আফগানিস্তানৰ আঞ্চলিক অখণ্ডতাৰ প্ৰতি ভাবুকি আখ্যা দি পাকিস্তানক ক্ষুৰধাৰ সমালোচনা কৰিছে।  আফগানিস্তানৰ তালিবানে কয় যে পাকিস্তানে আকাশী পথেৰে আক্ৰমণ চলাই   কেইবাগৰাকীও মহিলা আৰু শিশুক হত্যা কৰিছে৷ কাবুলৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে  আফগান বাহিনীয়ে এই আক্ৰমণৰ পিছতে  পাকিস্তানৰ সামৰিক কেন্দ্ৰসমূহক লক্ষ্য কৰি লৈছে।পাকিস্তানৰ  নিৰাপত্তা আৰু চোৰাংচোৱা বিষয়াই জনোৱা অনুসৰি পাকিস্তানৰ সীমান্তৱৰ্তী খোষ্ট আৰু পাকটিকা প্ৰদেশত পাকিস্তানৰ বায়ুসেনাই আক্ৰমণ সংঘটিত কৰিছে। 

বিষয়াসকলে এই বিষয়ত অধিক তথ্য প্ৰকাশৰ পৰা বিৰত থাকে। পুৱতি নিশা সংঘটিত আক্ৰমণ সন্দৰ্ভত  পাকিস্তানৰ সামৰিক বাহিনীয়ে তাৎক্ষণিকভাৱে কোনো মন্তব্য কৰা নাই । এয়াও স্পষ্ট হোৱা নাই  যে পাকিস্তানী জেটবোৰে আফগানিস্তানৰ কিমান ভিতৰলৈ সোমাই গৈছিল।  ২০২২ চনৰ পিছত আফগানিস্তানৰ বিৰুদ্ধে এয়া পাকিস্তানৰ শেহতীয়া  বিমান আক্ৰমণ। 

পাকিস্তানে আফগানিস্তানত তালিবানৰ বিৰুদ্ধে  প্ৰায়ে আক্ৰমণ চলাই গৈছে যদিও ইছলামাবাদে কেতিয়াও আনুষ্ঠানিকভাৱে সেই আক্ৰমণৰ কথা নিশ্চিত কৰা নাই।  আফগান তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে এক বিবৃতিত কয়  যে সোমবাৰৰ বিমান আক্ৰমণত তিনিজন নিহত হৈছে।   পাকটিকা প্ৰদেশৰ বৰমাল জিলাত মহিলা আৰু তিনিটা শিশু নিহত হোৱাৰ লগতে  খোষ্ট প্ৰদেশত হোৱা আক্ৰমণত  আন দুগৰাকী  মহিলা নিহত হৈছে।  " এনে ধৰণৰ আক্ৰমণ আফগানিস্তানৰ সাৰ্বভৌমত্বৰ উলংঘন আৰু ইয়াৰ  পৰিণাম ভয়াৱহ  হ'ব," মুজাহিদে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক