--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একেৰাহে ছটা কাৰ্যকালৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছতে ভ্লাদিমিৰ পুটিনে আমেৰিকাকে ধৰি পশ্চিমীয়া বিশ্বক তৃতীয় বিশ্বযুদ্ধৰ বিষয়ে সকীয়াই দিছে। আমেৰিকা নেতৃত্বাধীন পশ্চিমীয়া মিত্ৰজোঁট ‘নাটো’ৰ সৈতে ৰাছিয়াৰ সংঘাতৰ কোনো সম্ভাৱনা আছে নেকি সেই প্ৰশ্নৰ উত্তৰত সোমবাৰে পুটিনে কয় যে আধুনিক বিশ্বত সকলো সম্ভৱ।

এই প্ৰেক্ষাপটত পুটিনে ৰাছিয়াৰ সংবাদ মাধ্যমৰ আগত কয়, “এই ক্ষেত্ৰত আমি যে তৃতীয় বিশ্বযুদ্ধৰ পৰা এখোজ দূৰত থাকিম সেয়া সকলোৰে বাবে স্পষ্ট। মই ভাবো অতি কম সংখ্যক লোকেহে সেইটো বিচাৰিব।" ইউক্ৰেইনত ব্ৰিটিছ আৰু ফ্ৰান্সৰ সৈন্যও যুদ্ধক্ষেত্ৰত আছে বুলি দাবী কৰে পুটিনে। তেওঁ লগতে দাবী কৰে যে ৰাছিয়াৰ সেনাৰ “প্ৰতিৰোধ”ৰ সন্মুখত নাটোৰ বেছিভাগ সৈন্যই মৃত্যুমুখত পৰিছে।

প্ৰসংগক্ৰমে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে পুটিনে পাৰমাণৱিক যুদ্ধৰ সতৰ্কবাণী দিছিল। তেওঁ কয় যে ৰাছিয়া কাৰিকৰী আৰু কৌশলগতভাৱে পাৰমাণৱিক যুদ্ধৰ বাবে সাজু।

এতিয়া জয়ী হৈ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল সম্পূৰ্ণ কৰিলে পুটিনে ৰাছিয়াৰ ২০০ বছৰীয়া ইতিহাসৰ আটাইতকৈ দীৰ্ঘদিনীয়া শাসক হিচাপে পৰিগণিত হ’ব। জোচেফ ষ্টেলিন আৰু লিঅ’নিড ব্ৰেজনেভ একেৰাহে ২৪ বছৰ ক্ষমতাত থকাৰ নজিৰ ভংগ কৰিব। নিজৰ জয়ক বৈধতা প্ৰদান কৰিবলৈ সোমবাৰে পুটিনে ইংগিত দিয়ে যে পশ্চিমৰ বিৰুদ্ধে অস্ত্ৰ তুলি ইউক্ৰেইনলৈ সৈন্য প্ৰেৰণ কৰি তেওঁ একো ভুল কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক