--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হুৰাহুৰে হ্ৰাস পাইছে আফগানিস্তানৰ অৰ্থনীতি। তালিবানী চৰকাৰে নাগৰিকক অৰ্থনৈতিক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে বুলি প্ৰকাশ পাইছে আন্তঃৰাষ্ট্ৰীয় মহলত। আফগানিস্তানত জনসাধাৰণে পেটৰ ক্ষুধা নিবাৰণৰ বাবে হাতত ল’বলগীয়া হৈছে ভয়ংকৰ পন্থা। শেহতীয়া এটা আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদনে উদঙাইছে ভয়ানক তথ্য। তালিবানে আফগানিস্তান দখল কৰি চৰকাৰ গঠন কৰাৰ পাছৰেপৰাই দেশখনে অৰ্থনীতিৰ মানত অধোগামী গতি লৈছে। কেৱল বন্দুকৰ বলত ক্ষমতালৈ অহা তালিবান ৰাজনীতি, অৰ্থনীতিকে ধৰি চৰকাৰ চলোৱাৰ ক্ষেত্ৰত একেবাৰে অনভিজ্ঞ তথা কোনো নীতি-আদৰ্শ নোহোৱাৰ দৰে। যাৰ বাবে কাৰ্যপন্থা গ্ৰহণৰ ক্ষেত্ৰত প্ৰায় বিফল হোৱা দেখা গৈছে। যাৰ পৰিণতিত দেশখনত অভাৱনীয় হাৰত মুদ্ৰাস্ফীতিৰ পৰিৱেশ আহি পৰিছে। দেশখনৰ বেছিভাগ অঞ্চল মানৱ সভ্যতাৰ পূৰণি দিনলৈ ঘূৰি গৈছে। তেওঁলোকে টকাৰ পৰিৱৰ্তে পণ্য বিনিময় প্ৰথাত আশ্ৰয় ল’বলৈ বাধ্য হৈছে। দেশখনৰ নাগৰিকসকলৰ অধিকাংশই তেওঁলোকৰ কৰ্মসংস্থাপন হেৰুৱাইছে। জনসাধাৰণৰ হাতত জমা টকা একেবাৰে শূণ্যপ্ৰায়। দুবেলা দুসাঁজ খাদ্যৰ বাবে হাহাকাৰ কৰিছে আফগানিস্থানৰ জনতাই। শেহতীয়া এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি কাবুলৰ পৰিস্থিতি অত্যন্ত ভয়াৱহ হৈ উঠিছে। পেটৰ ভোক নিবাৰণৰ বাবে যিকোনো বস্তু বিক্ৰী কৰিবলৈ প্ৰস্তুত ক্ষুধাৰ্ত জনতা। পূৰ্বে আফিং, ড্ৰাগছ আদি চোৰাং ব্যৱসায়ৰ বাবে কুখ্যাত দেশখনে এতিয়া ক্ষুধা নিবাৰণৰ স্বাৰ্থতেই মানৱ অংগৰ ব্যৱসায় কৰিবলৈ বাধ্য হৈছে। প্ৰতিবেদন অনুসৰি দৰিদ্ৰতা আৰু অনাহাৰত ভুগি থকা দেশখনত টকাৰ বাবে বিক্ৰী কৰিছে নিজ সন্তানক। ইয়াৰোপৰি দেহৰ অংগ, বিশেষকৈ বৃক্ক বিক্ৰী কৰিও পেট প্ৰৱৰ্তাইছে সাধাৰণ লোকে। এটা বৃক্কৰ বাবদ দাতাই ৬ লাখ আফগানী মূল্য লাভ কৰে। ভাৰতীয় হিচাপত এই মূল্য ৪ লাখ ২৫ হাজাৰ টকা হ’ব। ইয়াৰ উপৰি চিকিৎসালয়ৰ ব্যয়, ঔষধ আৰু অস্ত্ৰোপচাৰৰ মাচুল পৃথকে লোৱা হয়। এই কথা জানিবলৈ দিছে ইউৰোলজিষ্ট আৰু বৃক্ক সংৰোপণ শল্য চিকিৎসক ডাঃ নাছিৰ আহমেদ নামৰ এগৰাকী চিকিৎসকে। উল্লেখযোগ্য যে, তেজৰ গোটৰ ওপৰত আধাৰিত কৰি বৃক্কৰ ব্যয় নিৰ্ধাৰণ কৰা হয়। গড় হিচাপত এটা বৃক্কৰ মূল্য ভাৰতীয় হিচাপত ১.৫ লাখ টকা। আন এজন আফগানিস্তানৰ চিকিৎসক ডাঃ আহমেদ চাকিবৰ মতে আৰ্থিক দৈন্যতাত ভুগি নিজৰ কিডনী বিক্ৰী কৰিবলৈ বাধ্য হোৱা ব্যক্তিসকলে পাছলৈ গুৰুতৰ অসুখত ভুগিব পাৰে। আনকি বহু লোকে প্ৰাণ হেৰুওৱাৰ আশংকাও নথকা নহয়। আফগানিস্তানৰ খাদ্য সংকট হ্ৰাস কৰিবলৈ তালিবানে এসপ্তাহ আগতে এক খাদ্য-কামৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। আন দেশে দান কৰা ঘেঁহু আফগানিস্তানৰ ৰাজহুৱা খণ্ডত কাম কৰা শ্ৰমিকসকলক দৰমহা হিচাপে দিয়া হৈছিল। ৰাষ্ট্ৰসংঘয়ো আফগানিস্তানক সহায় কৰিবলৈ ৩.২ বিলিয়ন পাউণ্ডৰ বাবে আৱেদন জনাইছে। দৰিদ্ৰতা আৰু নিবনুৱাৰ বাবে কাবুলৰ ৰাজপথত সামগ্ৰী বিক্ৰী কৰা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। কাবুলৰ বেছিভাগ লোকৰ খাদ্যসামগ্ৰী কিনিবলৈ ধন নাই। মানুহে আনকি চিকিৎসালয়তো চিকিৎসা লাভ কৰা নাই। কেৱল এয়াই নহয়, সাধাৰণ ৰোগৰ বাবেও দোকানত ঔষধ উপলব্ধ নহয়। বাহিৰৰ দেশৰ পৰা আমদানি স্থবিৰ হোৱাৰ বাবে খাদ্য সামগ্ৰীৰ দূৰন্ত অভাৱে দেখা দিছে তালিবান শাসনাধিস্থ আফগানিস্তানত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ