--°C
Loading...
Listen to Article
2 min read
80%

কাবুল: ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত শেহতীয়াকৈ এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। সোমবাৰে প্ৰকাশিত প্ৰতিবেদনখনৰ মতে, ২০০৯ চনত ৰাষ্ট্ৰসংঘই প্ৰণালীবদ্ধভাৱে গণনা আৰম্ভ কৰাৰ পাছত যিকোনো বছৰৰ প্ৰথম ৬মাহতকৈ ২০২১ চনৰ প্ৰথমাৰ্দ্ধত আফগানিস্তানত অধিক মহিলা আৰু শিশুৰ মৃত্যু হৈছে। যুদ্ধবিধ্বস্ত দেশখনত বছৰৰ প্ৰথম ৬মাহত সমগ্ৰ আফগানিস্তানত হিংসাত্মক ঘটনাত নিহত আৰু আহত হোৱা নাগৰিকৰ সংখ্যা ৪৭ শতাংশলৈ বৃদ্ধি পাইছে। ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ বিশেষ প্ৰতিনিধি ডেবৰা লিয়ন্সে কয়, ‘মই তালিবান আৰু আফগান নেতাসকলক সংঘৰ্ষৰ ভয়ংকৰ আৰু সাধাৰণ লোকৰ ওপৰত ইয়াৰ বিধ্বংসী প্ৰভাৱৰ প্ৰতি সুদৃষ্টি প্ৰদানৰ অনুৰোধ জনাইছো।’ বৰ্ধিত হিংসাৰ পৰিৱেশ শীঘ্ৰে স্তিমিত কৰিব পৰা নগ’লে চলিত বৰ্ষত অসংখ্য আফগান নাগৰিক ধ্বংস হোৱাৰ সম্ভাৱনা প্ৰতিবেদনখনত স্পষ্টকৈ প্ৰকাশ পাইছে।


শেহতীয়াকৈ, তালিবানে দ্ৰুতগতিত গুৰুত্বপূৰ্ণ কেইবাটাও অঞ্চল দখল কৰিছে, কেইবাখনো চুবুৰীয়া দেশৰ সৈতে সীমান্ত অতিক্ৰম কৰাৰ লগতে কেইবাখনো প্ৰাদেশিক ৰাজধানীক ভাবুকি প্ৰদান কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাট’( NATO) ৰ সৈন্যসকলে আফগানিস্তান ত্যাগ কৰাৰ লগে লগে তালিবানৰ অগ্ৰগতি ব্যাপক হাৰত বৃদ্ধি পাবলৈ লৈছে।
প্ৰতিবেদন অনুসৰি, ২০২১ চনৰ প্ৰথমাৰ্দ্ধত মহিলা-শিশুৰ নিহত আৰু আহতৰ সংখ্যা ৪৬ শতাংশ। ইয়াৰে ৩২ শতাংশ শিশু। ৪৬৮ জন নিহত আৰু ১,২১৪ জন আহত হৈছিল। ইফালে সংঘৰ্ষত মহিলা হতাহতিৰ হাৰ ১৪ শতাংশ। ইয়াৰে ২১৯গৰাকী নিহত আৰু ৫০৮গৰাকী আহত মহিলা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ