--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ ক’ভিড-১৯ৰ ডেল্টা প্ৰকাৰ ইতিমধ্যে ১২৪খন দেশলৈ বিয়পি পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰতো শেহতীয়াকৈ ডেল্টা প্ৰকাৰে ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। কৰ’না মহামাৰী নিৰ্মূলৰ বাবে টিকাকৰণকে সমগ্ৰ বিশ্বই প্ৰধান অস্ত্ৰ হিচাপে গ্ৰহণ কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়াও টিকাকৰণ প্ৰক্ৰিয়া জাৰি আছে। বিশ্বৰ আগশাৰীৰ দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰো নাজল-নাথল অৱস্থা। এনে পৰিপ্ৰেক্ষিতত শীৰ্ষ ৰোগ বিশেষজ্ঞ এন্থনী ফাউচিৰ বিস্ফোৰক মন্তব্য। সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰত টিকাকৰণ নোহোৱা লোকসকলৰ মাজত ক’ভিড-১৯ ৰ ঘটনা, মৃত্যুৰ হাৰ আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ ঘটনা বৃদ্ধি হৈ থকাৰ মূলতঃ দেশখন ভুল দিশে অগ্ৰসৰ হোৱা বুলি সংবাদমাধ্যমৰ আগত ফাউচিয়ে সদৰী কৰিছে।

লগতে তেওঁ কয়, ‘ ক’ভিড প্ৰতিষেধক গ্ৰহণ নকৰাসকলহে নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। যিহেতু আমাৰ দেশৰ ৫০ শতাংশ লোকক সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হোৱা নাই, সেয়া এক জটিল সমস্যাৰূপে দেখা দিছে। ক’ভিড প্ৰতিষেধক গ্ৰহণ নকৰা সৰহভাগ লোকৰ মৃত্যু হ’ব পাৰে।’ ক’ভিড প্ৰতিষেধক নোলোৱাসকলক অতিশীঘ্ৰে প্ৰতিষেধক গ্ৰহণৰো অনুৰোধ জনাইছে ফাউচিয়ে। ক’ভিড সংক্ৰমণৰ পৰা হাত সাৰিবলৈ তথা কৰ’না মহামাৰী নিয়ন্ত্ৰণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰক ব্যাপক হাৰত টিকাকৰণ কৰিবলৈ আহ্বান জনাইছে বিশ্বৰ অভিজ্ঞ স্বাস্থ্য বিষয়াসকলে। জনছ হ’পকিন্স বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিখন ৰাজ্যই বিগত সপ্তাহতকৈ ২৩জুলাইৰ পাছত ব্যাপক হাৰত কৰ’নাক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। ইফালে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ (চিডিচি) মতে, ৩০খন ৰাজ্যই এতিয়াও তেওঁলোকৰ প্ৰায় ৫০শতাংশ নাগৰিকক টিকাকৰণ কৰিবলৈ বাকী আছে বুলি জানিবলৈ দিছে। পৰৱৰ্তী সময়ত আমেৰিকাই কৰ’নাৰ প্ৰত্যাহ্বানক কিদৰে প্ৰতিহত কৰে, সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ