--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : আফগানিস্তানত পুনৰ তালিবানী ত্ৰাস আৰম্ভ হৈছে। দেশখনৰ পৰা প্ৰায় কুৰি বছৰজোৰা মাৰ্কিন সামৰিক অভিযান প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰাৰ পাছতে তালিবানী সন্ত্ৰাসবাদীয়ে পুনৰ আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছে। মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে ৩১ আগষ্টত দেশখনৰ পৰা সামৰিক বাহিনী সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল। তাৰ পাছতে সক্ৰিয় হৈ পৰে মৌলবাদী সন্ত্ৰাসবাদী। এই সপ্তাহৰ মাজভাগত তালিবানে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছিল যে, দেশখনৰ ৮৫শতাশ পুনৰ দখল কৰাৰ কথা ঘোষণা কৰিছিল।

দেশখনৰ ৩৯৮খন জিলাৰ ভিতৰত ২৫০খনতে আধিপত্য বিস্তাৰৰ দাবী কৰিছিল তালিবানে। বিশেষকৈ সীমান্তৱৰ্তী অঞ্চলবোৰত তালিবানী আধিপত্য অধিক তীব্ৰ হৈ পৰাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। এনে পৰিস্থিতিৰ মাজতে ভাৰতে দেশখনত কৰ্মৰত ৫০গৰাকীকৈ কূটনীতিক তথা আফগানিস্তানৰ কান্দাহাৰ দূতাবাসত কৰ্মৰত লোকক তাৰ পৰা দেশলৈ ঘূৰাই আনিছে।তালিবানে দেশখনত আধিপত্য বিস্তাৰৰ দাবী কৰাৰ পাছতে সম্ভাব্য বিপদৰ আশংকাতে এই পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে। অৱশ্যে এতিয়াই কাবুল বা কান্দাহাৰত থকা দূতাবাস বন্ধ কৰি দিয়া হোৱা নাই যদিও পৰিস্থিতি অনুকূলে ব্যৱস্থা গ্ৰহণ কৰা হব। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়েও দেশখনৰ পৰিস্থিতি অতি গভীৰভাৱে নিৰীক্ষণ কৰি থকা বুলি প্ৰকাশ কৰিছে আৰু পৰিৱৰ্তিত পৰিস্থিতি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিছে। মন কৰিবলগীয়া যে, ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে অলপতে ৰাছিয়াৰ বিদেশমন্ত্ৰীৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত আফগানিস্তান, ইৰান আৰু ছিৰিয়াৰ পৰিস্থিতি সম্পৰ্কত আলোচনা কৰিছিল আৰু তাৰ পৰিস্থিতিক লৈ উদ্বেগ ব্যক্ত কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ