--°C
Loading...
Listen to Article
2 min read
80%

পেৰিছঃ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে নতুন নিয়ম আৰম্ভণি কৰিছে ফ্ৰান্সে। পেৰিছত ক্ৰমাৎ বৃদ্ধি পাইছে সন্তানহীন দম্পতীৰ সংখ্যা। ইতিমধ্যে বিশ্বত জনসংখ্যাৰ সীমা ৭.৮ মিলিয়ন অতিক্ৰম কৰাৰ দিশে। সেয়েহে জনসংখ্যা হ্ৰাসৰ প্ৰতি দৃষ্টি ৰাখি গৰ্ভধাৰণ নিয়ন্ত্ৰণৰ মানসিকতাক অধিক প্ৰাধান্য দিছে ফ্ৰান্সৰ বাসিন্দাসকলে। আনকি সন্তান ধাৰণৰ অনিচ্ছাও বৃদ্ধি পাইছে পেৰিছৰ একাংশ মহিলাৰ মাজত। পেৰিছৰ এগৰাকী বাসিন্দাৰ মতে, ‘সন্তান ধাৰণ কৰাটো আমাৰ বাবে জীৱনযাত্ৰাৰ পৰিপন্থী। মই সন্তান নিবিচাৰো। বয়স বৃদ্ধিৰ লগে লগে এই ধাৰণা ক্ৰমাত দৃঢ় হৈছে। সকলোতকৈ ডাঙৰ কথা, আৰু এটা প্ৰাণীৰ পৃথিৱীলৈ আগমন ঘটা মানে অৰ্থনীতিত প্ৰভাৱ পৰা।’ সম্প্ৰতি পেৰিছৰ অধিকাংশ যুৱতীৰ একেই মনোভাৱে ক্ৰিয়া কৰা পৰিলক্ষিত হৈছে। তেওঁলোকৰ মতে পৃথিৱীক ধৰি ৰাখিবলৈ হ’লে জনসংখ্যা হ্ৰাসৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো উচিত। সেইবাবে পেৰিছৰ যুৱতীসকলে নিজকে ‘চাইল্ড ফ্ৰী’ অৰ্থাৎ সন্তানহীন হিচাপে ঘোষণা কৰিছে।


প্ৰখ্যাত ইউটিউবাৰ এনা ব’গেন’ই কয়, ‘এই পৃথিৱীত কোনো সন্তানক জন্ম দিয়াৰ অভিপ্ৰায় মোৰ নাই। সন্তান ওপজা মানে শিশুটিৰ প্ৰতি মোৰ দ্বায়িত্ব থাকিব। সমগ্ৰ বিশ্বই ভাৰসাম্য হেৰুৱালে মোৰ সন্তানকো বিপদৰ মুখলৈ ঠেলি দিয়াহে হ’ব। এটি শিশুক সুস্থ আৰু নিৰাপদ জীৱন উপহাৰ দিব নোৱাৰিলে জন্ম দিয়াৰ কোনো অৰ্থ নাই।’
ডেম’গ্ৰাফিক ৰেছপনছিবল সংগঠনৰ সভাপতি ডেনিছ গাৰ্নিয়াৰৰ মতে নতুন প্ৰজন্মৰ দম্পতীসকল অধিক সচেতন। বিগত ১০বছৰত পেৰিছত সন্তানহীন প্ৰক্ৰিয়া অধিক জনপ্ৰিয় হৈ উঠিছে। গোলকীয়কৰণক লৈ চলি থকা গৱেষণা প্ৰসংগতো সজাগ আৰু সচেতন হৈছে মানৱকুল। সংগঠনৰ প্ৰকাশিত তথ্য অনুসৰি আগন্তুক ২০২২-২৩ চনৰ ভিতৰত দেশৰ জনসংখ্যা ৮০০ কোটিলৈ শিপাব বুলি আশংকা কৰা হৈছে।

ইয়াৰোপৰি ডেনিছ গাৰ্নিয়াৰে কয়, পৃথিৱীত জনসংখ্যা বৃদ্ধি পালে কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণে বৃদ্ধি পাব, জলবায়ুৰো সঘন পৰিৱৰ্তন হ’ব। গতিকে, ফ্ৰান্সত ১টা শিশু কমকৈ জন্ম পোৱা মানে ৪০ টন কাৰ্বন-ডাই-অক্সাইড কমকৈ উৎপন্ন হোৱা। বৈদ্যুতিক বাহনৰ ব্যৱহাৰে মাত্ৰ ২টন কাৰ্বন-ডাই-অক্সাইডহে কমকৈ উৎপন্ন কৰে।’
ফ্ৰান্সৰ শেহতীয়া জনসংখ্যা নীতি অনাগত সময়ত কিমান সুদুৰপ্ৰসাৰী হয়, সেয়াহে লক্ষ্যণীয় হ’ব। ফ্ৰান্সৰ লগতে জমসংখ্যা নিয়ন্ত্ৰণৰ প্ৰসংগত অধিক সজাক হোৱা পৰিলক্ষিত হৈছে ভাৰতবৰ্ষ। সম্প্ৰতি ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশকে আদি কৰি অসম ৰাজ্যতো চৰকাৰে নতুন নীতি বলবৎ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ