--°C
Loading...
Listen to Article
2 min read
80%

ঢাকা : বাংলাদেশৰ ৰাজধানী ঢাকাত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডত কমেও ৫২জন লোকৰ মৃত্যু হৈছে আৰু আন অৰ্ধশতাধিক লোক আহত হৈছে। ৰাজধানী মহানগৰখনৰ উপকণ্ঠত অৱস্থিত এটা ফলৰ ৰসৰ ফেক্টৰীত এই অগ্নিকাণ্ড সংঘটিত হয়। ছমহলীয়া ভৱনটো জুয়ে আগুৰি ধৰাৰ ফলত তাত কৰ্মৰত শতাধিক লোকৰ জীৱন বিপন্ন হৈ পৰে।

বৃহস্পতিবাৰে সন্ধিয়া ৫বজাত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অৱশ্যে শুকুৰবাৰেহে এই বিষয়টো সংবাদ মাধ্যমত প্ৰকাশ পায়। প্ৰশাসনৰ লোকে প্ৰকাশ কৰে মতে, নাৰায়ণগঞ্জৰ ৰূপগঞ্জত থকা শ্বেজান জুইচ ফেক্টৰীত এই অগ্নিকাণ্ড সংঘটিত হয়। ভৱনটোৰ তলৰ মহলাত প্ৰথমে জুই লাগে আৰু তাৰপৰা সমগ্ৰ ভৱনটোতে জুই বিয়পি পৰে।

ফেক্টৰীটোত বিভিন্ন ৰাসায়নিক দ্ৰব্য আৰু প্লাষ্টিকৰ বটল জমা কৰি ৰখাৰ ফলত তৎক্ষনাত জুই বিয়পি পৰে। ভৱনটোত জুই লগাৰ লগে লগে তাত কৰ্মৰত বহু শ্ৰমিকে প্ৰাণ ৰক্ষা কৰিবলৈ তললৈ জঁপিয়াই দিয়ে। অগ্নিনিৰ্বাপন বাহিনীৰ ১৮টাকৈ গোটে অহৰহ চেষ্টাৰে জুই নিৰ্বাপিত কৰিছে যদিও ভৱনটোৰো ব্যাপক ক্ষতিসাধন হৈছে। তদুপৰি ৪০জনৰো অধিক লোক কালিলৈকে সন্ধানহীন হৈ থকা বুলিও প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ