--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : আফগানিস্তানত চলা তালিবানবিৰোধী অভিযানত মূল ভূমিকা গ্ৰহণ কৰিছিল আমেৰিকাই। এক বিধ্বংসী যুঁজ চলিছিল দীঘলীয়া সময় ধৰি। প্ৰায় দুই দশক সন্ত্ৰাসবাদ বিৰোধী যুঁজ চলোৱাৰ নামত তচনচ কৰি পেলোৱা হৈছে দেশখন। সন্ত্ৰাসবাদ এতিয়াও সম্পূৰ্ণৰূপে দমন হোৱা নাই। কিন্তু এতিয়া এক গুৰুকত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আমেৰিকাই। আফগানিস্তানৰ বৃহত্তম সামৰিক ঘাটী এৰি দিছে আমেৰিকা আৰু নাটোৰ সৈন্য বাহিনীয়ে। মাৰ্কিন প্ৰতিৰক্ষা বিভাগৰ এগৰাকী বিষয়াই শুকুৰবাৰে এইকথা প্ৰকাশ কৰিছে।

সন্ত্ৰাসজৰ্জৰ দেশখনৰ পৰা সম্পূৰ্ণৰূপে বিদেশী সামৰিক শক্তি প্ৰত্যাহাৰৰো ইংগিত দিয়ে বিষয়াগৰাকীয়ে। প্ৰায় দুটা দশক ধৰি আফগানিস্তানত সন্ত্ৰাসবাদ দমন অভিযান চলাই থকাৰ পাছত এতিয়া মাৰ্কিন তথা নাটো বাহিনীৰ অভিযান সমাপ্ত কৰাটো আসন্ন হৈ পৰিছে। আফগানিস্তানৰ মাৰ্কিন সামৰিক অভিযানত এই বাগৰাম সামৰিক ঘাটীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তালিবান তথা আল কায়দাৰ দৰে বিশ্বত্ৰাস সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এই এয়াৰ ফিল্ডৰ পৰাই এয়াৰ ষ্ট্ৰাইক চলোৱাৰ লগতে বিভিন্ন সামৰিক ঘাটীলৈ সৈন্য তথা ৰচদ-পাতিৰ যোগানৰ কামো কৰা হৈছিল। এই বাগৰাম ঘাটীৰ পৰা মিত্ৰবাহিনীৰ সকলো সৈন্যকে আঁতৰাই নিয়া বুলি প্ৰকাশ কৰিছে মাৰ্কিন প্ৰতিৰক্ষা বিভাগে। আফগানিস্তানৰ পৰা মাৰ্কিন আৰু নাটো বাহিনীৰ সৈন্য অপসাৰণৰ শেষ পৰ্যায়ত উপস্থিত হৈছে। ১১ ছেপ্টেম্বৰৰ সময়সীমাৰ ভিতৰত দেশখনৰ পৰা সকলো বিদেশী সৈনিকক আঁতৰাই লৈ যোৱাৰ সম্ভাৱনা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ