--°C
Loading...
Listen to Article
2 min read
80%

ছীডনী : অষ্ট্ৰেলিয়াৰ সৰ্ববৃহৎ মহানগৰ ছীডনীত অধিক কটকটীয়া কৰি তোলা হৈছে লকডাউন। কোভিড-১৯ৰ সংক্ৰমণ অভিলেখ হাৰত বৃদ্ধি পোৱাৰ পাছত অধিক কঠোৰ ৰূপত বলৱৎ কৰা হৈছে লকডাউন। দেশখনৰ প্ৰশাসনে কোভিডৰ ডেল্টা প্ৰকাৰৰ সংক্ৰমণ নিয়ন্ত্ৰণহীন অৱস্থালৈ গতি কৰাৰ আশংকা ব্যক্ত কৰিছে।

‘অতি জৰুৰী পৰিস্থিতিৰ সৃষ্টি নোহোৱালৈকে ঘৰৰ পৰা বাহিৰ নোলাব।’ ছীডনী প্ৰশাসনৰ মুৰব্বী গ্লাডেইজ বেৰেজিকলিয়ানে ছিডনীৰ ৫০ লাখ বাসিন্দাৰ উদ্দেশ্যি এই আহ্বান জনায়। বিগত ২৪ ঘণ্টাত মহানগৰখনত ৪৪জন নতুন আক্ৰান্ত চিনাক্ত হোৱাৰ পাছতে এই তৎপৰতা প্ৰদৰ্শন কৰিছে ছীডনী প্ৰশাসনে। ছীডনীত বলৱৎ হৈ থকা লকডাউনে তৃতীয় সপ্তাহত ভৰি দিছে যদিও মহানগৰখনত কোভিডৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাই থকা পৰিলক্ষিত হৈছে। মহামাৰী আৰম্ভ হোৱাৰ সময়ৰ ভিতৰতে ছীডনীত আটাইতকৈ জটিল পৰিস্থিতি সৃষ্টি হোৱা বুলি অভিহিত কৰি দেশখনে ঘৰতে থকাৰ নীতি কঠোৰভাৱে বলৱৎ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ