--°C
Loading...
Listen to Article
2 min read
80%

ছীডনী : অষ্ট্ৰেলিয়াৰ সৰ্ববৃহৎ মহানগৰ ছীডনীত অধিক কটকটীয়া কৰি তোলা হৈছে লকডাউন। কোভিড-১৯ৰ সংক্ৰমণ অভিলেখ হাৰত বৃদ্ধি পোৱাৰ পাছত অধিক কঠোৰ ৰূপত বলৱৎ কৰা হৈছে লকডাউন। দেশখনৰ প্ৰশাসনে কোভিডৰ ডেল্টা প্ৰকাৰৰ সংক্ৰমণ নিয়ন্ত্ৰণহীন অৱস্থালৈ গতি কৰাৰ আশংকা ব্যক্ত কৰিছে।

‘অতি জৰুৰী পৰিস্থিতিৰ সৃষ্টি নোহোৱালৈকে ঘৰৰ পৰা বাহিৰ নোলাব।’ ছীডনী প্ৰশাসনৰ মুৰব্বী গ্লাডেইজ বেৰেজিকলিয়ানে ছিডনীৰ ৫০ লাখ বাসিন্দাৰ উদ্দেশ্যি এই আহ্বান জনায়। বিগত ২৪ ঘণ্টাত মহানগৰখনত ৪৪জন নতুন আক্ৰান্ত চিনাক্ত হোৱাৰ পাছতে এই তৎপৰতা প্ৰদৰ্শন কৰিছে ছীডনী প্ৰশাসনে। ছীডনীত বলৱৎ হৈ থকা লকডাউনে তৃতীয় সপ্তাহত ভৰি দিছে যদিও মহানগৰখনত কোভিডৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাই থকা পৰিলক্ষিত হৈছে। মহামাৰী আৰম্ভ হোৱাৰ সময়ৰ ভিতৰতে ছীডনীত আটাইতকৈ জটিল পৰিস্থিতি সৃষ্টি হোৱা বুলি অভিহিত কৰি দেশখনে ঘৰতে থকাৰ নীতি কঠোৰভাৱে বলৱৎ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক