--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ ‘আফগানিস্তানত আমেৰিকান সেনা মোতায়েন কৰাটো আমেৰিকাৰ ইতিহাসত আটাইতকৈ ডাঙৰ ভুল’- বুলি মন্তব্য কৰিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ফ’ক্স নিউজৰ এক সাক্ষাৎকাৰত এই বিষয়ে সদৰী কৰিছে ট্ৰাম্পে। সাক্ষাৎকাৰটোত ট্ৰাম্পৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ পাইছে। তেওঁ সদৰী কৰে যে, ‘আমিৰ মধ্যপ্ৰাচ্যক ধ্বংস কৰিছো। ইয়াৰ বাবে আমাৰ কেইবা ট্ৰিলিয়ন ডলাৰ খৰচ হৈছে। লাখ লাখ মানুহে প্ৰাণ হেৰুৱাইছে। কিন্তু পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই। বৰঞ্চ, পৰিস্থিতি বেয়াৰ দিশেহে ঢাল খাইছে।’


আফগানিস্তানৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনকো সমালোচনাৰ লক্ষ্য কৰি লৈছিল ট্ৰাম্পে। জ’ বাইডেনে আমেৰিকান সেনা প্ৰত্যাহাৰৰ বিষয়টিক লৈ বিশেষ ব্যৱস্থা হাতত ল’ব পাৰিব লাগিছিল বুলি দাবী ট্ৰাম্পৰ। সম্প্ৰতি আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰক লৈ বাইডেন প্ৰশাসনৰ সিদ্ধান্তক গৰিহণা জনাই ট্ৰাম্পে বাইডেনক আন এজন ডেমক্ৰেটিক ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ সৈতে তুলনা কৰিছে। জিম কাৰ্টাৰৰ দৰে আমেৰিকা যুক্তৰাষ্ট্ৰক অপমানিত কৰাৰ অভিযোগ ট্ৰাম্পৰ। ১৯৭৯ চনৰ ইৰাণ বিপ্লৱৰ সময়ত কাৰ্টাৰে আমেৰিকানসকলক এনেদৰে অপমানিত কৰিছিল। এইটো আমাৰ বাবে এক বেদনাদায়ক মুহূৰ্ত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত পুনৰ কেতিয়াও এনে অপমানজনক ঘটনা সংঘটিত নোহোৱাৰ পোষকতা কৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতিজনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ