--°C
Loading...
Listen to Article
2 min read
80%

আফগানিস্তান: আফগানিস্তানৰ ৰাজধানী কাবুল তালিবানে অধিগ্ৰহণ কৰাৰ লগে লগে দেশ এৰি যাবলৈ ওলোৱা আতংকিত বাসিন্দাসকলৰ সংঘৰ্ষই এক বৃহত শৰণাৰ্থী সংকটৰ সৃষ্টি কৰিছে। মঙলবাৰে কাবুল বিমানবন্দৰত পৰলক্ষিত এক মৰ্মস্পৰ্শী দৃশ্যই বিশ্বব্যাপী মানৱতাবাদী প্ৰহৰীসকলক উদ্বিগ্ন কৰি তুলিছে। কাবুলৰ হামিদ কাৰজাই আন্তৰ্জাতিক বিমানবন্দৰত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় এটি ৭ মহীয়া নৱজাতক।

ক্ৰন্দনৰত অৱস্থাত থকা নৱজাতকটিক বিমানবন্দৰৰ কৰ্মীয়ে উদ্ধাৰ কৰে। নৱজাতকটি উদ্ধাৰ কৰা হৈছে যদিও এতিয়ালৈকে পিতৃ–মাতৃৰ কোনো সন্ধান পোৱা নাই। বিমানবন্দৰত কৰ্তব্যৰত কৰ্মীসকলৰ অনুমান অনু্সৰি, কাবুলৰ বিমানবন্দৰত সৃষ্টিহোৱা অভাৱনীয় জনসমাগমৰ মাজত নৱজাতকটি পিতৃ–মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰে। শেহতীয়াকৈ, উদ্ধাৰ হোৱা নৱজাতকটিৰ এখন আলোকচিত্ৰ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

উল্লেখ্য যে, তালিবানসকলে আফগানিস্তান দখল কৰাৰ পাছৰে পৰা অশান্তজৰ্জৰ কাবুল। তালিবানীৰাজৰ পৰা মুক্তি পাবলৈ আফগানসকলৰ বহুতেই দেশ ত্যাগ কৰিবলৈ বাধ্য হৈছে। ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে দেশখনৰ সামিয়ক পৰিস্থিতি। প্ৰাণৰ মমতাত বিমানৰ ইঞ্জিনৰ ওপৰত বহি যাত্ৰা কৰাৰ দৰে চাঞ্চল্যকৰ ঘটনাও সংঘটিত হৈছে। ফলত মৃত্যুৰ মুখত পৰিছে ৩ আফগানী লোক। এনে পৰিপ্ৰেক্ষিতত নৱজাতকৰ হৃদয়বিদাৰক ঘটনাই সচেতন মহলৰ মাজত উদ্ৰেগ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ