--°C
Loading...
Listen to Article
2 min read
80%

আফগানিস্তান: আফগানিস্তানৰ ৰাজধানী কাবুল তালিবানে অধিগ্ৰহণ কৰাৰ লগে লগে দেশ এৰি যাবলৈ ওলোৱা আতংকিত বাসিন্দাসকলৰ সংঘৰ্ষই এক বৃহত শৰণাৰ্থী সংকটৰ সৃষ্টি কৰিছে। মঙলবাৰে কাবুল বিমানবন্দৰত পৰলক্ষিত এক মৰ্মস্পৰ্শী দৃশ্যই বিশ্বব্যাপী মানৱতাবাদী প্ৰহৰীসকলক উদ্বিগ্ন কৰি তুলিছে। কাবুলৰ হামিদ কাৰজাই আন্তৰ্জাতিক বিমানবন্দৰত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় এটি ৭ মহীয়া নৱজাতক।

ক্ৰন্দনৰত অৱস্থাত থকা নৱজাতকটিক বিমানবন্দৰৰ কৰ্মীয়ে উদ্ধাৰ কৰে। নৱজাতকটি উদ্ধাৰ কৰা হৈছে যদিও এতিয়ালৈকে পিতৃ–মাতৃৰ কোনো সন্ধান পোৱা নাই। বিমানবন্দৰত কৰ্তব্যৰত কৰ্মীসকলৰ অনুমান অনু্সৰি, কাবুলৰ বিমানবন্দৰত সৃষ্টিহোৱা অভাৱনীয় জনসমাগমৰ মাজত নৱজাতকটি পিতৃ–মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰে। শেহতীয়াকৈ, উদ্ধাৰ হোৱা নৱজাতকটিৰ এখন আলোকচিত্ৰ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

উল্লেখ্য যে, তালিবানসকলে আফগানিস্তান দখল কৰাৰ পাছৰে পৰা অশান্তজৰ্জৰ কাবুল। তালিবানীৰাজৰ পৰা মুক্তি পাবলৈ আফগানসকলৰ বহুতেই দেশ ত্যাগ কৰিবলৈ বাধ্য হৈছে। ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে দেশখনৰ সামিয়ক পৰিস্থিতি। প্ৰাণৰ মমতাত বিমানৰ ইঞ্জিনৰ ওপৰত বহি যাত্ৰা কৰাৰ দৰে চাঞ্চল্যকৰ ঘটনাও সংঘটিত হৈছে। ফলত মৃত্যুৰ মুখত পৰিছে ৩ আফগানী লোক। এনে পৰিপ্ৰেক্ষিতত নৱজাতকৰ হৃদয়বিদাৰক ঘটনাই সচেতন মহলৰ মাজত উদ্ৰেগ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ