--°C
Loading...
Listen to Article
2 min read
80%

আফগানিস্তানঃ আফগানিস্তানত তালিবানে এখনৰ পাছত এখন চহৰ দখল কৰি আছে। ইতিমধ্যে ৬খন প্ৰাদেশিক ৰাজধানী দখল কৰিছে তালিবানে। সম্প্ৰতি হাজাৰ হাজাৰ আফগান পৰিয়ালে তালিবানী উপদ্ৰৱৰ পৰা পৰা ৰক্ষা পাবলৈ ৰাজধানী কাবুলত আশ্ৰয় লৈছে। বহুতে পথৰ দাঁতিত আশ্ৰয় লৈছে। ইয়াৰ পূৰ্বে তালিবানে কুন্দুজ, তাখাৰ, জ’জান, চাৰ-ই-পোল আৰু নিমৰুজ অঞ্চল দখল কৰিছিল।


স্থানীয় আফগান সংবাদ মাধ্যমৰ মতে, সামৰিক বাহিনীৰ সৈতে প্ৰচণ্ড যুঁজৰ বাবে হাজাৰ হাজাৰ পৰিয়ালে কুন্দুজ, কান্দাহাৰ, নিমৰুজ, তাখাৰ আৰু বাগলান প্ৰদেশৰ পৰা কাবুললৈ পলায়ন কৰিছে। আশ্ৰয়হীন লোকসকলে কাবুলৰ চাৰ-ই-শ্বামালী আৰু খাইৰখানা অঞ্চলত শিবিৰ পাতিবলৈ আৰম্ভ কৰিছে। স্থানীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, কুন্দুজ প্ৰদেশৰ শ শ গৃহহীন লোকে কাবুলৰ আৰক্ষী জিলাৰ ১৫নং আৰক্ষী চকীৰ এখন উদ্যানত শিশু, বৃদ্ধা আৰু আঘাতপ্ৰাপ্ত বহু লোকে বাহৰ পাতিছে।


জানিবলৈ পোৱা মতে, আফগান চৰকাৰে এতিয়ালৈকে গৃহহীন লোকসকলৰ সুৰক্ষাৰ নিমিত্তে খাদ্য বা আশ্ৰয়ৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বিগত ৫ মাহত প্ৰায় ৭৫,০০০ পৰিয়াল গৃহহীন হৈছে আফাগানিস্তানত।
উল্লেখ্য যে, আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য প্ৰত্যাহাৰ কৰাৰ লগে লগে তালিবানী উপদ্ৰৱ তথা হিংসাজৰ্জৰ পৰিৱেশৰ সূত্ৰপাত হৈছে। আফগানিস্তানত যুৱতীসকলৰ ওপৰত অত্যাচাৰ দিনক দিনে বৃদ্ধি পোৱা ঘটনাই উদ্ৰেগ বৃদ্ধি কৰিছে। আফগান চৰকাৰৰ মিডিয়া বিভাগৰ শীৰ্ষ বিষয়া ডাৱা খানক শুকুৰবাৰে তালিবানে হত্যা কৰিছিল। তালিবানে পূৰ্বেই এই বিষয়ে সতৰ্ক কৰি দিছিল যে, ‘তেওঁলোকৰ ওপৰত চলোৱা বিমান আক্ৰমণৰ প্ৰতিশোধ তালিবানে ল’ব।’ ডাৱা খান মিনাপাল আফগান ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানীৰে ঘনিষ্ঠ সম্পৰ্ক আছিল। শুকুৰবাৰে বাসগৃহৰ পৰা ওলাই যোৱাৰ লগে লগে তেওঁক হত্যা কৰা হৈছিল বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু