--°C
Loading...
Listen to Article
2 min read
80%

আফগানিস্তানঃ আফগানিস্তানত তালিবানে এখনৰ পাছত এখন চহৰ দখল কৰি আছে। ইতিমধ্যে ৬খন প্ৰাদেশিক ৰাজধানী দখল কৰিছে তালিবানে। সম্প্ৰতি হাজাৰ হাজাৰ আফগান পৰিয়ালে তালিবানী উপদ্ৰৱৰ পৰা পৰা ৰক্ষা পাবলৈ ৰাজধানী কাবুলত আশ্ৰয় লৈছে। বহুতে পথৰ দাঁতিত আশ্ৰয় লৈছে। ইয়াৰ পূৰ্বে তালিবানে কুন্দুজ, তাখাৰ, জ’জান, চাৰ-ই-পোল আৰু নিমৰুজ অঞ্চল দখল কৰিছিল।


স্থানীয় আফগান সংবাদ মাধ্যমৰ মতে, সামৰিক বাহিনীৰ সৈতে প্ৰচণ্ড যুঁজৰ বাবে হাজাৰ হাজাৰ পৰিয়ালে কুন্দুজ, কান্দাহাৰ, নিমৰুজ, তাখাৰ আৰু বাগলান প্ৰদেশৰ পৰা কাবুললৈ পলায়ন কৰিছে। আশ্ৰয়হীন লোকসকলে কাবুলৰ চাৰ-ই-শ্বামালী আৰু খাইৰখানা অঞ্চলত শিবিৰ পাতিবলৈ আৰম্ভ কৰিছে। স্থানীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, কুন্দুজ প্ৰদেশৰ শ শ গৃহহীন লোকে কাবুলৰ আৰক্ষী জিলাৰ ১৫নং আৰক্ষী চকীৰ এখন উদ্যানত শিশু, বৃদ্ধা আৰু আঘাতপ্ৰাপ্ত বহু লোকে বাহৰ পাতিছে।


জানিবলৈ পোৱা মতে, আফগান চৰকাৰে এতিয়ালৈকে গৃহহীন লোকসকলৰ সুৰক্ষাৰ নিমিত্তে খাদ্য বা আশ্ৰয়ৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বিগত ৫ মাহত প্ৰায় ৭৫,০০০ পৰিয়াল গৃহহীন হৈছে আফাগানিস্তানত।
উল্লেখ্য যে, আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য প্ৰত্যাহাৰ কৰাৰ লগে লগে তালিবানী উপদ্ৰৱ তথা হিংসাজৰ্জৰ পৰিৱেশৰ সূত্ৰপাত হৈছে। আফগানিস্তানত যুৱতীসকলৰ ওপৰত অত্যাচাৰ দিনক দিনে বৃদ্ধি পোৱা ঘটনাই উদ্ৰেগ বৃদ্ধি কৰিছে। আফগান চৰকাৰৰ মিডিয়া বিভাগৰ শীৰ্ষ বিষয়া ডাৱা খানক শুকুৰবাৰে তালিবানে হত্যা কৰিছিল। তালিবানে পূৰ্বেই এই বিষয়ে সতৰ্ক কৰি দিছিল যে, ‘তেওঁলোকৰ ওপৰত চলোৱা বিমান আক্ৰমণৰ প্ৰতিশোধ তালিবানে ল’ব।’ ডাৱা খান মিনাপাল আফগান ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানীৰে ঘনিষ্ঠ সম্পৰ্ক আছিল। শুকুৰবাৰে বাসগৃহৰ পৰা ওলাই যোৱাৰ লগে লগে তেওঁক হত্যা কৰা হৈছিল বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ