--°C
Loading...
Listen to Article
2 min read
80%

আফগানিস্তানঃ বিগত কিছুদিন ধৰি আফগানিস্তানৰ অৱস্থা বিপন্ন হোৱা দেখা গৈছে। তালিবানী আগ্ৰাসনে ক্ৰমাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এটাৰ পিছত এটা প্ৰাদেশিক ৰাজধানী দখল কৰি আছে তালিবানে। ফলস্বৰূপে, আফগানিস্তানৰ পৰিস্থিতি অধিক সংকটাপন্ন হৈ পৰিছে। আফগান চৰকাৰে তালিবানৰ দাবী মানি নোলোৱাত তালিবানে দেওবাৰে আফগানিস্তানৰ আৰু দুখন প্ৰাদেশিক ৰাজধানী দখল কৰিছে। শুকুৰবাৰৰ পৰা দেওবাৰলৈ মুঠ ৪খন প্ৰাদেশিক ৰাজধানী দখল কৰিছে। দেওবাৰে তেওঁলোকে কুন্দুজ অঞ্চল দখল কৰিছে।

মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে কুন্দুজ আৰু চাৰ-ই-পুল দখল কৰে তালিবানে। চাৰ-ই-পুল চহৰৰ চৰকাৰী বাসভৱনসমূহো দখল কৰিছে তালিবানে। উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীয়ে ক্ৰমান্বয়ে আফগানিস্তানক প্ৰত্যাহাৰ কৰাৰ পাছৰে পৰা তালিবানী সন্ত্ৰাস বৃদ্ধি হৈ আহিছে। কিন্তু কুন্দুজ দখল কৰাটো তালিবানৰ শেহতীয়া কাৰ্য-কলাপৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। চহৰখন দীৰ্ঘদিন ধৰি তালিবানৰ লক্ষ্যস্থান হৈ পৰিছিল। ২০১৫-১৬ চনত চহৰখনৰ কিছু অংশ ইতিমধ্যে দখল কৰিছিল। কিন্তু বেছিদিন তেওঁলোকে এই অঞ্চল ধৰি ৰাখিব নোৱাৰিলে। অৱশ্যে, আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে সদৰী কৰিছে যে, আফগান সেনাবাহিনীয়ে অধিকৃত অঞ্চলটো পুনৰুদ্ধাৰৰ বাবে যুঁজ আৰম্ভ কৰিছে। অনুসন্ধান চলাই তালিবানৰ পৰা ৰাষ্ট্ৰীয় ৰেডিঅ’ আৰু টিভি ভৱনটোও উদ্ধাৰ কৰিছে সামৰিক বাহিনীয়ে।


আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যসকলক ২০ বছৰৰ বাবে আফগানিস্তানলৈ মোতায়েন কৰা হৈছিল। শেহতীয়াকৈ আমেৰিকাই পূৰ্বে প্ৰেৰণ কৰা সামৰিক বাহিনীক ওভতাই লৈছে। ফলস্বৰূপে, তালিবানৰ দপদপনি আফগান চৰকাৰৰ বাবে বৃহৎ প্ৰত্যাহ্বান হৈ পৰা পৰিলক্ষিত হৈছে। আফগানিস্তানৰ কেইবাখনো চহৰ এতিয়া তালিবানৰ নিয়ন্ত্ৰণত আছে। পৰৱৰ্তি সময়ত আফগানে চৰকাৰে তালিবানী আগ্ৰাসনক কিদৰে দমন কৰে, সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু