--°C
Loading...
Listen to Article
2 min read
80%

আফগানিস্তানঃ বিগত কিছুদিন ধৰি আফগানিস্তানৰ অৱস্থা বিপন্ন হোৱা দেখা গৈছে। তালিবানী আগ্ৰাসনে ক্ৰমাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এটাৰ পিছত এটা প্ৰাদেশিক ৰাজধানী দখল কৰি আছে তালিবানে। ফলস্বৰূপে, আফগানিস্তানৰ পৰিস্থিতি অধিক সংকটাপন্ন হৈ পৰিছে। আফগান চৰকাৰে তালিবানৰ দাবী মানি নোলোৱাত তালিবানে দেওবাৰে আফগানিস্তানৰ আৰু দুখন প্ৰাদেশিক ৰাজধানী দখল কৰিছে। শুকুৰবাৰৰ পৰা দেওবাৰলৈ মুঠ ৪খন প্ৰাদেশিক ৰাজধানী দখল কৰিছে। দেওবাৰে তেওঁলোকে কুন্দুজ অঞ্চল দখল কৰিছে।

মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে কুন্দুজ আৰু চাৰ-ই-পুল দখল কৰে তালিবানে। চাৰ-ই-পুল চহৰৰ চৰকাৰী বাসভৱনসমূহো দখল কৰিছে তালিবানে। উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীয়ে ক্ৰমান্বয়ে আফগানিস্তানক প্ৰত্যাহাৰ কৰাৰ পাছৰে পৰা তালিবানী সন্ত্ৰাস বৃদ্ধি হৈ আহিছে। কিন্তু কুন্দুজ দখল কৰাটো তালিবানৰ শেহতীয়া কাৰ্য-কলাপৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। চহৰখন দীৰ্ঘদিন ধৰি তালিবানৰ লক্ষ্যস্থান হৈ পৰিছিল। ২০১৫-১৬ চনত চহৰখনৰ কিছু অংশ ইতিমধ্যে দখল কৰিছিল। কিন্তু বেছিদিন তেওঁলোকে এই অঞ্চল ধৰি ৰাখিব নোৱাৰিলে। অৱশ্যে, আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে সদৰী কৰিছে যে, আফগান সেনাবাহিনীয়ে অধিকৃত অঞ্চলটো পুনৰুদ্ধাৰৰ বাবে যুঁজ আৰম্ভ কৰিছে। অনুসন্ধান চলাই তালিবানৰ পৰা ৰাষ্ট্ৰীয় ৰেডিঅ’ আৰু টিভি ভৱনটোও উদ্ধাৰ কৰিছে সামৰিক বাহিনীয়ে।


আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যসকলক ২০ বছৰৰ বাবে আফগানিস্তানলৈ মোতায়েন কৰা হৈছিল। শেহতীয়াকৈ আমেৰিকাই পূৰ্বে প্ৰেৰণ কৰা সামৰিক বাহিনীক ওভতাই লৈছে। ফলস্বৰূপে, তালিবানৰ দপদপনি আফগান চৰকাৰৰ বাবে বৃহৎ প্ৰত্যাহ্বান হৈ পৰা পৰিলক্ষিত হৈছে। আফগানিস্তানৰ কেইবাখনো চহৰ এতিয়া তালিবানৰ নিয়ন্ত্ৰণত আছে। পৰৱৰ্তি সময়ত আফগানে চৰকাৰে তালিবানী আগ্ৰাসনক কিদৰে দমন কৰে, সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ