--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ভাৰতৰ চুবুৰীয়া দেশ আফগানিস্তান এতিয়া তালিবানৰ কৱলত। ব্যাপক হাৰত উলংঘা হৈছে মানৱ অধিকাৰ। প্ৰাণৰ সংশয় লৈ সহস্ৰ লোকে ঢাপলি মেলিছে চুবুৰীয়া বিভিন্ন দেশলৈ। তাৰ ভিতৰত ভাৰতো আছে। দেশ এৰাৰ তাড়নাত বহুতেই দিবলগীয়া হৈছে প্ৰাণ। কট্টৰ মৌলবাদী সন্ত্ৰাসবাদী সংগঠন তালিবানৰ এই আগ্ৰাসনে ভাৰতত এটা অতি চৰ্চিত আৰু বিতৰ্কিত বিষয়ক পুনৰ প্ৰাসংগিক কৰি তুলিছে। নাগৰিকত্ব সংশোধনী আইন। বিগত সময়ছোৱাত ভাৰতত আটাইতকৈ বৃহত প্ৰতিবাদ হৈছে এই আইনক কেন্দ্ৰ কৰি। চুবুৰীয়া দেশৰ ধৰ্মীয় সংখ্যালঘু লোকক ভাৰতত আশ্ৰয় দিয়াৰ লক্ষ্যৰে গৃহীত কৰা এই আইনৰ বিৰোধীতা কৰি দেশত দীঘলীয়া সংগ্ৰাম চলিছে। বহু লোকৰ প্ৰাণহানি হৈছে। বহু প্ৰতিবাদকাৰী আছে কাৰাগাৰৰ অন্ধকাৰ কুঠৰিত। এই আইন সংসদৰ দুয়োখন সদনতে গৃহীত হৈ গৈছে যদিও জনসমৰ্থন লাভ কৰা নাই এই বিতৰ্কিত আইনে।

শাসকীয় বিজেপি দলে সংখ্যাৰ বলেৰে আৰু বাহুবলেৰে এই আইন গৃহীত কৰিছে যদিও তেওঁলোকৰো দ্বিধা আঁতৰা নাই এই আইনক লৈ। কিন্তু শেহতীয়াকৈ আফগানিস্তানৰ পৰিস্থিতিয়ে এই আইনৰ সপক্ষক কথা কবলৈ এটা নতুন অৱলম্বন দিছে। তালিবানৰ আগ্ৰাসনে আফগানিস্তানত যি মানৱীয় সংকট সৃষ্টি কৰিছে সেই পৰিস্থিতিয়ে সকলো লোকৰে চকু সেমেকাই তুলিছে। বিমানক চকাত ওলমি দেশ এৰাৰ চেষ্টা কৰিবলগীয়া হোৱা আফগান জনগণৰ দুৰ্দশাই সকলোকে সচকিত কৰি তুলিছে। সংশয় বৃদ্ধি পাইছে দেশখনত থকা শিখ আৰু হিন্দু লোকসকলৰো। ধৰ্মীয় সংখ্যালঘু এই লোকসকল যিকোনে মুহূৰ্ততে তালিবানৰ নিৰ্যাতনৰ বলি হোৱাৰ আশংকা আছে।

এইসকল লোকে নিৰাপত্তা বিচাৰি ক'লৈ যাব পাৰে! স্বাভাৱিকতেই এইসকল লোকৰ বাবে ভাৰত হব পাৰে নিৰাপদ আশ্ৰয়স্থল। ইতিমধ্যেই ধৰ্ম-বৰ্ণ নিৰ্বিশেষ বহু আফগান লোকে ভাৰতত প্ৰৱেশ কৰিছে। এনে পৰিস্থিতিয়ে নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে মাত মাতিবলৈ বিজেপিক এটা নতুন বল দিব। ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে আফগানিস্তানৰ পৰিস্থিতিৰ দোহাই দি ভাৰতত এই আইন বলৱত হোৱাটো কিমান জৰুৰী সেই কথা প্ৰকাশ কৰিছে। তেওঁ টুইটযোগে কয়, চুবুৰীয়া দেশ আফগানিস্তানত হিন্দু আৰু শিখসকলে সন্মুখীন হোৱা ভয়াৱহ পৰিস্থিতিলৈ লক্ষ্য কৰিলে এইকথা নিশ্চয়কৈ কব পাৰি যে ভাৰতত কা বলৱত কৰাটো কিমান দৰকাৰী কথা। মানৱীয়তাৰ দৃষ্টিৰে চালে এয়া যুক্তিপূৰ্ণ কথা যেন লাগিলেও দেশৰ ৰাজনীতিত ইয়াৰ প্ৰভাৱ কি হব সেয়া লক্ষ্যণীয় হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু