--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ভাৰতৰ চুবুৰীয়া দেশ আফগানিস্তান এতিয়া তালিবানৰ কৱলত। ব্যাপক হাৰত উলংঘা হৈছে মানৱ অধিকাৰ। প্ৰাণৰ সংশয় লৈ সহস্ৰ লোকে ঢাপলি মেলিছে চুবুৰীয়া বিভিন্ন দেশলৈ। তাৰ ভিতৰত ভাৰতো আছে। দেশ এৰাৰ তাড়নাত বহুতেই দিবলগীয়া হৈছে প্ৰাণ। কট্টৰ মৌলবাদী সন্ত্ৰাসবাদী সংগঠন তালিবানৰ এই আগ্ৰাসনে ভাৰতত এটা অতি চৰ্চিত আৰু বিতৰ্কিত বিষয়ক পুনৰ প্ৰাসংগিক কৰি তুলিছে। নাগৰিকত্ব সংশোধনী আইন। বিগত সময়ছোৱাত ভাৰতত আটাইতকৈ বৃহত প্ৰতিবাদ হৈছে এই আইনক কেন্দ্ৰ কৰি। চুবুৰীয়া দেশৰ ধৰ্মীয় সংখ্যালঘু লোকক ভাৰতত আশ্ৰয় দিয়াৰ লক্ষ্যৰে গৃহীত কৰা এই আইনৰ বিৰোধীতা কৰি দেশত দীঘলীয়া সংগ্ৰাম চলিছে। বহু লোকৰ প্ৰাণহানি হৈছে। বহু প্ৰতিবাদকাৰী আছে কাৰাগাৰৰ অন্ধকাৰ কুঠৰিত। এই আইন সংসদৰ দুয়োখন সদনতে গৃহীত হৈ গৈছে যদিও জনসমৰ্থন লাভ কৰা নাই এই বিতৰ্কিত আইনে।

শাসকীয় বিজেপি দলে সংখ্যাৰ বলেৰে আৰু বাহুবলেৰে এই আইন গৃহীত কৰিছে যদিও তেওঁলোকৰো দ্বিধা আঁতৰা নাই এই আইনক লৈ। কিন্তু শেহতীয়াকৈ আফগানিস্তানৰ পৰিস্থিতিয়ে এই আইনৰ সপক্ষক কথা কবলৈ এটা নতুন অৱলম্বন দিছে। তালিবানৰ আগ্ৰাসনে আফগানিস্তানত যি মানৱীয় সংকট সৃষ্টি কৰিছে সেই পৰিস্থিতিয়ে সকলো লোকৰে চকু সেমেকাই তুলিছে। বিমানক চকাত ওলমি দেশ এৰাৰ চেষ্টা কৰিবলগীয়া হোৱা আফগান জনগণৰ দুৰ্দশাই সকলোকে সচকিত কৰি তুলিছে। সংশয় বৃদ্ধি পাইছে দেশখনত থকা শিখ আৰু হিন্দু লোকসকলৰো। ধৰ্মীয় সংখ্যালঘু এই লোকসকল যিকোনে মুহূৰ্ততে তালিবানৰ নিৰ্যাতনৰ বলি হোৱাৰ আশংকা আছে।

এইসকল লোকে নিৰাপত্তা বিচাৰি ক'লৈ যাব পাৰে! স্বাভাৱিকতেই এইসকল লোকৰ বাবে ভাৰত হব পাৰে নিৰাপদ আশ্ৰয়স্থল। ইতিমধ্যেই ধৰ্ম-বৰ্ণ নিৰ্বিশেষ বহু আফগান লোকে ভাৰতত প্ৰৱেশ কৰিছে। এনে পৰিস্থিতিয়ে নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে মাত মাতিবলৈ বিজেপিক এটা নতুন বল দিব। ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে আফগানিস্তানৰ পৰিস্থিতিৰ দোহাই দি ভাৰতত এই আইন বলৱত হোৱাটো কিমান জৰুৰী সেই কথা প্ৰকাশ কৰিছে। তেওঁ টুইটযোগে কয়, চুবুৰীয়া দেশ আফগানিস্তানত হিন্দু আৰু শিখসকলে সন্মুখীন হোৱা ভয়াৱহ পৰিস্থিতিলৈ লক্ষ্য কৰিলে এইকথা নিশ্চয়কৈ কব পাৰি যে ভাৰতত কা বলৱত কৰাটো কিমান দৰকাৰী কথা। মানৱীয়তাৰ দৃষ্টিৰে চালে এয়া যুক্তিপূৰ্ণ কথা যেন লাগিলেও দেশৰ ৰাজনীতিত ইয়াৰ প্ৰভাৱ কি হব সেয়া লক্ষ্যণীয় হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ