--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : তালিবান অধ্যুষিত আফগানিস্তানত এতিয়া মৃত্যু সহজ সত্যত পৰিণত হৈছে। প্ৰায় নিয়মীয়াকৈ তাত আফগান সাধাৰণ নাগৰিকৰ প্ৰাণ যোৱাৰ ঘটনা সংঘটিত হৈছে। তালিবানৰ সন্ত্ৰাসৰ পৰা ৰক্ষা পাবলৈ বিভিন্নজন লোকে দেশখনৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে তালিবানে বাধা দিয়াৰ চেষ্টা কৰিছে আৰু একধৰণৰ অস্থিৰ পৰিস্থিতিৰ মাজত ভালেমান লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

দেওবাৰে কাবুল এয়াৰপোৰ্টত প্ৰাণ হেৰুৱালে সাতজনকৈ আফগান নাগৰিকে। দেশখনৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে সৃষ্টি হোৱা বিশৃংখল পৰিস্থিতিৰ মাজতে এইসকল লোকে প্ৰাণ হেৰুৱায়। ব্ৰিটিছ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ এগৰাকী মুখপাত্ৰই এইকথা প্ৰকাশ কৰে। তেওঁ কয়, অনিয়ন্ত্ৰিত ভিৰৰ মাজত আকস্মিকভাৱে প্ৰাণ হেৰুৱাবলগীয়া হোৱা সাতজনকৈ আফগান নাগৰিকৰ পৰিয়ালৰ প্ৰতি আমাৰ সমবেদনা জনাইছোঁ।

দেশখনৰ পৰা পলাবলৈ চেষ্টা কৰি কাবুল বিমানবন্দৰত ভিৰ কৰা হাজাৰ হাজাৰ লোকক নিয়ন্ত্ৰণ কৰিবলৈ মাৰ্কিন সামৰিক বাহিনী আৰু তেওঁলোকৰ সহযোগীসকলে চেষ্টা কৰি আছে যদিও পৰিস্থিতি চম্ভালাতো অতি প্ৰত্যাহ্বানজনক হৈ পৰিছে। তালিবানৰ ভয়ত নিজৰ প্ৰাণৰ মায়াকো পৰিত্যাগ কৰা একাংশ লোকে এতিয়া দেশ এৰাৰ চেষ্টাত কৰুণ মৃত্যুক আকোঁৱালি লবলগীয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ