--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : তালিবান অধ্যুষিত আফগানিস্তানত এতিয়া মৃত্যু সহজ সত্যত পৰিণত হৈছে। প্ৰায় নিয়মীয়াকৈ তাত আফগান সাধাৰণ নাগৰিকৰ প্ৰাণ যোৱাৰ ঘটনা সংঘটিত হৈছে। তালিবানৰ সন্ত্ৰাসৰ পৰা ৰক্ষা পাবলৈ বিভিন্নজন লোকে দেশখনৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে তালিবানে বাধা দিয়াৰ চেষ্টা কৰিছে আৰু একধৰণৰ অস্থিৰ পৰিস্থিতিৰ মাজত ভালেমান লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

দেওবাৰে কাবুল এয়াৰপোৰ্টত প্ৰাণ হেৰুৱালে সাতজনকৈ আফগান নাগৰিকে। দেশখনৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে সৃষ্টি হোৱা বিশৃংখল পৰিস্থিতিৰ মাজতে এইসকল লোকে প্ৰাণ হেৰুৱায়। ব্ৰিটিছ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ এগৰাকী মুখপাত্ৰই এইকথা প্ৰকাশ কৰে। তেওঁ কয়, অনিয়ন্ত্ৰিত ভিৰৰ মাজত আকস্মিকভাৱে প্ৰাণ হেৰুৱাবলগীয়া হোৱা সাতজনকৈ আফগান নাগৰিকৰ পৰিয়ালৰ প্ৰতি আমাৰ সমবেদনা জনাইছোঁ।

দেশখনৰ পৰা পলাবলৈ চেষ্টা কৰি কাবুল বিমানবন্দৰত ভিৰ কৰা হাজাৰ হাজাৰ লোকক নিয়ন্ত্ৰণ কৰিবলৈ মাৰ্কিন সামৰিক বাহিনী আৰু তেওঁলোকৰ সহযোগীসকলে চেষ্টা কৰি আছে যদিও পৰিস্থিতি চম্ভালাতো অতি প্ৰত্যাহ্বানজনক হৈ পৰিছে। তালিবানৰ ভয়ত নিজৰ প্ৰাণৰ মায়াকো পৰিত্যাগ কৰা একাংশ লোকে এতিয়া দেশ এৰাৰ চেষ্টাত কৰুণ মৃত্যুক আকোঁৱালি লবলগীয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু