--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : আফগানিস্তানত তালিবানী সন্ত্ৰাস পুনৰ তুংগত উঠিছে। ব্যাপক হাৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থকাৰ লগতে তালিবানে আন ধৰ্মৰ প্ৰতিও নিজৰ অসহিষ্ণু কাৰ্যকলাপ আৰম্ভ কৰিছে। শেহতীয়াকৈ তালিবানৰ ৰোষৰ বলি হৈছে আফগানিস্তানৰ শিখ সম্প্ৰদায়ৰ লোকসকল। যুদ্ধজৰ্জৰ দেশখনৰ পূব প্ৰান্তৰ পাক্তিয়া প্ৰদেশৰ এটা গুৰুদ্বাৰত থকা শিখ সকলৰ ধৰ্মধ্বজা ‘নিচান চাহিব’ তালিবানে আঁতৰাই পেলোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

পাক্তিয়া প্ৰদেশৰ চামকানি এলেকাত থকা থালা চাহিব গুৰুদ্বাৰৰ ওপতৰ লাগি থকা ‘নিচান চাহিব’ আঁতৰাই পেলাইছে তালিবান সন্ত্ৰাসবাদীয়ে। ছ’চিয়েল মিডিয়াত ইয়াৰ আলোকচিত্ৰ প্ৰকাশেৰে পোনতে এই বিষয়টো পোহৰলৈ আনে একাংশ লোকে। এই ঐতিহাসিক গুৰুদ্বাৰটো এসময়ত শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকে ভ্ৰমণ কৰিছিল বুলি জনা যায়।

উল্লেখ্য যে, যোৱা বছৰ এই গুৰুদ্বাৰটোৰ পৰা হিন্দু আৰু শিখ ধৰ্মীয় নেতা নিদান সিং ছছদেৱাক অপহৰণ কৰিছিল তালিবানে। পাছত আফগান চৰকাৰ আৰু এই ধৰ্মীয় সমাজৰ নেতাসকলৰ হস্তক্ষেপত তেওঁক মুকলি কৰি দিছিল। তালিবানৰ বৰ্ধিত সন্ত্ৰাসে দেশখনৰ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ প্ৰতি পুনৰ সংকট কঢ়িয়াই অনাৰ আশংকাৰ সৃষ্টি হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ