--°C
Loading...
Listen to Article
2 min read
80%

লণ্ডনঃ দেশত এতিয়া মাৰন ভাইৰাছৰ তৃতীয়তো ঢৌৰ তাণ্ডৱ অব্যাহত। পূৰ্বতে কৰ’নাৰ তৃতীয় ঢৌৰ দ্বাৰা শিশুসকল আটাইতকৈ বেছি প্ৰভাৱিত হ'ব পাৰে বুলি আশংকা কৰা হৈছিল। শিশুসকলক এইবিধ মাৰাত্মক ভাইৰাছৰ পৰা কেনেকৈ সুৰক্ষিত কৰিব পাৰি তাকে লৈ সম্প্ৰতি সকলো উদ্বিগ্ন। ইফালে, তৃতীয়টো ঢৌ অহাৰ পূৰ্বে, দেশৰ বিভিন্ন প্ৰান্তৰ শিশুসকল কৰ’নাত আক্ৰান্ত বুলি প্ৰকাশ পাইছিল। এনে পৰিপ্ৰেক্ষিতত, দ্য লেঞ্চেট চাইল্ড এণ্ড এড’লচেণ্ট হেল্থ জাৰ্নেলৰ এক অধ্যয়নে সাময়িক সকাহ দিছে। অধ্যয়ন অনুসৰি, শিশুৰ শৰীৰৰ ওপৰত ক’ভিড-১৯ৰ প্ৰভাৱ দীৰ্ঘম্যাদী নহয়। কৰ’নাক্ৰান্ত বেছিভাগ শিশুৱে ৬ দিনৰ পাছত প্ৰায় সুস্থ হৈ উঠিছে।


অধ্যয়নটোত প্ৰকাশ পোৱা অনুসৰি, ‘৪ সপ্তাহৰ পাছতো, শৰীৰত ক’ভিড-১৯ৰ লক্ষণ থকা শিশুৰ সংখ্যা কম। অধ্যয়নটোৰ জ্যেষ্ঠ গৱেষক আথাৰ লণ্ডন কিংছ কলেজৰ অধ্যাপক এমা ডানকনে এক বিবৃতিযোগে সদৰী কৰিছে যে, ‘মই সকলোকে আশ্বাস দিওঁ যে শৰীৰত ক’ভিড-১৯ৰ দীৰ্ঘম্যাদী লক্ষণ থকা শিশু কম। খুব কমসংখ্যক শিশুহে দীৰ্ঘদিন ধৰি ক’ভিড-১৯ত ভুগি থাকে।


উল্লেখ্য যে, এই শিশুসকল ৬ দিন ধৰি অসুস্থ হৈ আছিল। প্ৰথম সপ্তাহত তেওঁলোকৰ গড়ে ৩টাকৈ লক্ষণে দেখা দিছিল। বেছিভাগ শিশু ৪ সপ্তাহৰ ভিতৰত আৰোগ্য লাভ কৰিছে। এমাহৰ পাছত ক্ৰমান্বয়ে শিশুসকল সুস্থস হৈ পৰে। অসুস্থতাৰ ৪ সপ্তাহ পাছত তেওঁলোকৰ শৰীৰত ৩টাৰ পৰিৱৰ্তে ২ লক্ষণ দেখা গৈছিল। এই অধ্যয়নটো লণ্ডনত ৫-১৭ বছৰ বয়সৰ ২৫০,০০০-ৰো অধিক শিশুৰ নমুনা সংগ্ৰহেৰে কৰা হৈছিল। জ’-ক’ভিড অধ্যয়ন স্মাৰ্টফোন এপ’ৰ সহায়ত কৰ’নাক্ৰান্তৰ তথ্য সংগ্ৰহ কৰিছিল গৱেষকে। এই তথ্যবোৰ বিগত বৰ্ষৰ ১ ছেপ্টেম্বৰৰ পৰা চলিত বৰ্ষৰ ২২ ফেব্ৰুৱাৰীৰ ভিতৰত সংগ্ৰহ কৰা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ