--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বানপানী আঁতৰি গ'লেও এতিয়াও বোকা-পলসে আৱৰি ধৰি আছে ঘৰৰ চোতাল, পথাৰ, কৃষিভূমি। ব্যাহত হৈ আছে যাতায়ত ব্যৱস্থা। সমান্তৰালকৈ বিশুদ্ধ খোৱা পানীৰ সংকটে বানাক্ৰান্ত লোকসকলৰ মাজত তীব্ৰ সমস্যাই দেখা দিছে।

ডিজিটেল ডেস্ক: বানপানী আঁতৰি গ’ল যদিও জোনাইৰ মধুপুৰ-অৰুণ চাপৰি অঞ্চলত এতিয়াও স্বাভাৱিক হোৱা নাই জনজীৱন। ঘৰৰ চাৰিওফালে আজিও বানত ভাঁহি অহা কাঠ, জাবৰ-জোঁট আৰু আৱৰ্জনাৰ দমে দমে স্তুপ। সেই আৱৰ্জনাৰ পৰা ওলোৱা দুৰ্গন্ধই সমগ্ৰ অঞ্চলটো দুৰ্গন্ধময় কৰি তুলিছে। এই অস্বাস্থ্যকৰ পৰিৱেশে জনস্বাস্থ্যৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। শিশুৰ পৰা বৃদ্ধলৈকে বহু লোক জ্বৰ, চৰ্মৰোগ, ডায়েৰিয়া আদি বিভিন্ন ৰোগে দেখা দিয়া জানিবলৈ দিছে স্থানীয় ৰাইজে।


আনহাতে বানপানী আঁতৰি গ'লেও এতিয়াও বোকা-পলসে আৱৰি ধৰি আছে ঘৰৰ চোতাল, পথাৰ, কৃষিভূমি। ব্যাহত হৈ আছে যাতায়ত ব্যৱস্থা। সমান্তৰালকৈ বিশুদ্ধ খোৱা পানীৰ সংকটে বানাক্ৰান্ত লোকসকলৰ মাজত তীব্ৰ সমস্যাই দেখা দিছে।


ইফালে ৰাইজে অভিযোগ কৰিছে যে, যেতিয়া বানে অঞ্চলটো তচনচ কৰিছিল, তেতিয়া মন্ত্ৰী, বিধায়ক, জনপ্ৰতিনিধি, স্বাস্থ্যকৰ্মী আৰু চৰকাৰী বিষয়া কৰ্মচাৰীৰ লানি নিছিগা ভিৰ আছিল, ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক শীঘ্ৰে পুনৰসংস্থাপন, উচিত ক্ষতিপূৰণ আৰু সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। কিন্তু আজি বানপানী আঁতৰি যোৱাৰ পিছতে সেই প্ৰতিশ্ৰুতিবোৰো পানীৰ সোঁতত উটি গ'ল। 


বানৰ সময়ত নিয়মীয়াকৈ খবৰ লোৱা বহু জনপ্ৰতিনিধি, স্বাস্থ্যকৰ্মী আৰু চৰকাৰী বিষয়া-কৰ্মচাৰী এতিয়া এগৰাকীও বানাক্ৰান্ত ৰাইজৰ খবৰ ল’বলৈ আহৰি নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে।


এতিয়া মাথোঁ পুনৰসংস্থাপন, স্বাস্থ্য সুৰক্ষা লগতে উচিত ক্ষতিপূৰণৰ বাবে চৰকাৰৰ বাস্তৱ পদক্ষেপৰ অপেক্ষাত আছে হাজাৰ হাজাৰ এইসকল মধুপুৰ অৰুণ চাপৰি বানাক্ৰান্ত ৰাইজে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু