--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বানপানী আঁতৰি গ'লেও এতিয়াও বোকা-পলসে আৱৰি ধৰি আছে ঘৰৰ চোতাল, পথাৰ, কৃষিভূমি। ব্যাহত হৈ আছে যাতায়ত ব্যৱস্থা। সমান্তৰালকৈ বিশুদ্ধ খোৱা পানীৰ সংকটে বানাক্ৰান্ত লোকসকলৰ মাজত তীব্ৰ সমস্যাই দেখা দিছে।

ডিজিটেল ডেস্ক: বানপানী আঁতৰি গ’ল যদিও জোনাইৰ মধুপুৰ-অৰুণ চাপৰি অঞ্চলত এতিয়াও স্বাভাৱিক হোৱা নাই জনজীৱন। ঘৰৰ চাৰিওফালে আজিও বানত ভাঁহি অহা কাঠ, জাবৰ-জোঁট আৰু আৱৰ্জনাৰ দমে দমে স্তুপ। সেই আৱৰ্জনাৰ পৰা ওলোৱা দুৰ্গন্ধই সমগ্ৰ অঞ্চলটো দুৰ্গন্ধময় কৰি তুলিছে। এই অস্বাস্থ্যকৰ পৰিৱেশে জনস্বাস্থ্যৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। শিশুৰ পৰা বৃদ্ধলৈকে বহু লোক জ্বৰ, চৰ্মৰোগ, ডায়েৰিয়া আদি বিভিন্ন ৰোগে দেখা দিয়া জানিবলৈ দিছে স্থানীয় ৰাইজে।


আনহাতে বানপানী আঁতৰি গ'লেও এতিয়াও বোকা-পলসে আৱৰি ধৰি আছে ঘৰৰ চোতাল, পথাৰ, কৃষিভূমি। ব্যাহত হৈ আছে যাতায়ত ব্যৱস্থা। সমান্তৰালকৈ বিশুদ্ধ খোৱা পানীৰ সংকটে বানাক্ৰান্ত লোকসকলৰ মাজত তীব্ৰ সমস্যাই দেখা দিছে।


ইফালে ৰাইজে অভিযোগ কৰিছে যে, যেতিয়া বানে অঞ্চলটো তচনচ কৰিছিল, তেতিয়া মন্ত্ৰী, বিধায়ক, জনপ্ৰতিনিধি, স্বাস্থ্যকৰ্মী আৰু চৰকাৰী বিষয়া কৰ্মচাৰীৰ লানি নিছিগা ভিৰ আছিল, ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক শীঘ্ৰে পুনৰসংস্থাপন, উচিত ক্ষতিপূৰণ আৰু সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। কিন্তু আজি বানপানী আঁতৰি যোৱাৰ পিছতে সেই প্ৰতিশ্ৰুতিবোৰো পানীৰ সোঁতত উটি গ'ল। 


বানৰ সময়ত নিয়মীয়াকৈ খবৰ লোৱা বহু জনপ্ৰতিনিধি, স্বাস্থ্যকৰ্মী আৰু চৰকাৰী বিষয়া-কৰ্মচাৰী এতিয়া এগৰাকীও বানাক্ৰান্ত ৰাইজৰ খবৰ ল’বলৈ আহৰি নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে।


এতিয়া মাথোঁ পুনৰসংস্থাপন, স্বাস্থ্য সুৰক্ষা লগতে উচিত ক্ষতিপূৰণৰ বাবে চৰকাৰৰ বাস্তৱ পদক্ষেপৰ অপেক্ষাত আছে হাজাৰ হাজাৰ এইসকল মধুপুৰ অৰুণ চাপৰি বানাক্ৰান্ত ৰাইজে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ