--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উটি যোৱা কৃষকজন অকয়া গাঁৱৰ বাসিন্দা নীলকান্ত দাস (৭২) বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকে জনোৱা মতে, নীলকান্ত দাসে প্ৰতিদিনে একে পথেদি কালদিয়া নৈ পাৰ হৈ নিজৰ খেতিপথাৰলৈ যাতায়াত কৰিছিল।

ডিজিটেল ডেস্ক: বজালীৰ অকয়া গৰখীয়া গোঁহাই ঘাটত শোকাৱহ অঘটন। কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক। উদ্ধাৰ অভিযান অব্যাহত আছে।


বজালী জিলাৰ অকয়া গৰখীয়া গোঁহাই ঘাটত আজি এক শোকাৱহ ঘটনা সংঘটিত হয়। কালদিয়া নৈ পাৰ হৈ নিজৰ খেতিপথাৰলৈ যাবলৈ ওলাই যোৱা এগৰাকী বৃদ্ধ কৃষক নৈৰ প্ৰবল সোঁতত উটি যোৱাত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।


উটি যোৱা কৃষকজন অকয়া গাঁৱৰ বাসিন্দা নীলকান্ত দাস (৭২) বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকে জনোৱা মতে, নীলকান্ত দাসে প্ৰতিদিনে একে পথেদি কালদিয়া নৈ পাৰ হৈ নিজৰ খেতিপথাৰলৈ যাতায়াত কৰিছিল। 


আজি তেওঁ প্ৰতিদিনৰ দৰেই খেতিপথাৰলৈ ওলাই গৈছিল। কিন্তু নৈ পাৰ হোৱাৰ সময়তে হঠাতে প্ৰবল সোঁতত ভাহি যায়।


ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় ৰাইজ ঘটনাস্থলীত ভিৰ কৰে আৰু পাটাছাৰকুছি আৰক্ষীক অৱগত কৰে। কিছু সময়ৰ ভিতৰতে আৰক্ষীৰ দল আৰু ৰাজ্যিক দুৰ্যোগ বাহিনী (SDRF)-ৰ জোৱানসকল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।


SDRF-ৰ দলে নৈৰ বিভিন্ন অংশত ব্যাপক অনুসন্ধান চলাই আছে যদিও এই পৰ্যন্ত কৃষকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু