--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উটি যোৱা কৃষকজন অকয়া গাঁৱৰ বাসিন্দা নীলকান্ত দাস (৭২) বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকে জনোৱা মতে, নীলকান্ত দাসে প্ৰতিদিনে একে পথেদি কালদিয়া নৈ পাৰ হৈ নিজৰ খেতিপথাৰলৈ যাতায়াত কৰিছিল।

ডিজিটেল ডেস্ক: বজালীৰ অকয়া গৰখীয়া গোঁহাই ঘাটত শোকাৱহ অঘটন। কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক। উদ্ধাৰ অভিযান অব্যাহত আছে।


বজালী জিলাৰ অকয়া গৰখীয়া গোঁহাই ঘাটত আজি এক শোকাৱহ ঘটনা সংঘটিত হয়। কালদিয়া নৈ পাৰ হৈ নিজৰ খেতিপথাৰলৈ যাবলৈ ওলাই যোৱা এগৰাকী বৃদ্ধ কৃষক নৈৰ প্ৰবল সোঁতত উটি যোৱাত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।


উটি যোৱা কৃষকজন অকয়া গাঁৱৰ বাসিন্দা নীলকান্ত দাস (৭২) বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকে জনোৱা মতে, নীলকান্ত দাসে প্ৰতিদিনে একে পথেদি কালদিয়া নৈ পাৰ হৈ নিজৰ খেতিপথাৰলৈ যাতায়াত কৰিছিল। 


আজি তেওঁ প্ৰতিদিনৰ দৰেই খেতিপথাৰলৈ ওলাই গৈছিল। কিন্তু নৈ পাৰ হোৱাৰ সময়তে হঠাতে প্ৰবল সোঁতত ভাহি যায়।


ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় ৰাইজ ঘটনাস্থলীত ভিৰ কৰে আৰু পাটাছাৰকুছি আৰক্ষীক অৱগত কৰে। কিছু সময়ৰ ভিতৰতে আৰক্ষীৰ দল আৰু ৰাজ্যিক দুৰ্যোগ বাহিনী (SDRF)-ৰ জোৱানসকল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।


SDRF-ৰ দলে নৈৰ বিভিন্ন অংশত ব্যাপক অনুসন্ধান চলাই আছে যদিও এই পৰ্যন্ত কৃষকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ