--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰঙিয়া–মুৰ্কংচেলেক ৰে’লপথত অৱস্থিত এই ষ্টেচনটো। ৰঙিয়া–মুৰ্কংচেলেক যাত্ৰী, মুৰ্কংচেলেক–ৰঙিয়া যাত্ৰী আৰু গুৱাহাটী–নাহৰলাগুন যাত্ৰীবাহী ৰে'লৰ বাবে এক গুৰুত্বপূৰ্ণ সংযোগস্থল।

ডিজিটেল ডেস্ক: ভাৰতীয় ৰে’লৱেৰ অমৃত ভাৰত ষ্টেচন আঁচনি (ABSS)ৰ অধীনত ওদালগুৰি জিলাৰ ঐতিহাসিক মাজবাট ৰে’লৱে ষ্টেচনটো সম্পূৰ্ণ আধুনিক ৰূপত নিৰ্মাণ কৰা হৈছে। প্ৰায় ১০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই ৰে’ল ষ্টেচনটো। ষ্টেচনটোত যাত্ৰীসকলৰ সুবিধা হোৱাকৈ আধুনিক আন্তঃগাঁথনিৰে সজ্জিত কৰা হৈছে।


দেশজুৰি ১,৩৩৭টা ৰে’ল ষ্টেচন পুনৰ উন্নয়ন আৰু আধুনিকীকৰণৰ লক্ষ্যৰে আৰম্ভ কৰা অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৯২টা ষ্টেচন অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰে অন্যতম হৈছে ১৯০৯ চনত স্থাপিত মাজবাট ৰে’লৱে ষ্টেচন। 


ৰঙিয়া–মুৰ্কংচেলেক ৰে’লপথত অৱস্থিত এই ষ্টেচনটো। ৰঙিয়া–মুৰ্কংচেলেক যাত্ৰী, মুৰ্কংচেলেক–ৰঙিয়া যাত্ৰী আৰু গুৱাহাটী–নাহৰলগুন যাত্ৰীবাহী ৰে'লৰ বাবে এক গুৰুত্বপূৰ্ণ সংযোগস্থল। মহামুনি দেৱালয়ৰ নিকটৱৰ্তী হোৱাৰ বাবে ধৰ্মীয় তীৰ্থযাত্ৰীসকলৰ বাবেও এই ষ্টেচনটোৱে বিশেষ তাৎপৰ্য বহন কৰে।

পুনৰ উন্নয়নৰ অংশ হিচাপে ষ্টেচনটোৰ নতুন প্ৰৱেশদ্বাৰ, আধুনিক , উন্নত চাৰ্কুলেটিং এৰিয়া, পাৰ্কিং ব্যৱস্থা, ফুট অভাৰ ব্ৰিজ, লিফ্ট, জিৰণি চৰা, বেবী কেয়াৰ ৰূম, নতুন টিকট কাউণ্টাৰ, পৰিষ্কাৰ শৌচাগাৰ, বিশুদ্ধ খোৱাপানীৰ সুবিধা আৰু দিৱ্যাংজন-বান্ধৱ আন্তঃগাঁথনি গঢ়ি তোলা হৈছে। লগতে আধুনিক যাত্ৰী তথ্য প্ৰদৰ্শন ব্যৱস্থা, হাই-মাষ্ট লাইটিং, সহজে বুজিব পৰা চাইনেজৰ ব্যৱস্থাও কৰা হৈছে।


ইয়াৰ উপৰি ষ্টেচনৰ নক্সা আৰু সজ্জাত স্থানীয় শিল্প, সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতিফলন ঘটোৱাৰ লগতে 'ৱান ষ্টেচন, ৱান প্ৰডাক্ট' ধাৰণাৰ জৰিয়তে স্থানীয় সামগ্ৰীৰ প্ৰচাৰ আৰু বিক্ৰীৰ সুবিধাও সৃষ্টি কৰা হৈছে। ৰে'ল কৰ্তৃপক্ষৰ মতে, অমৃত ভাৰত ষ্টেচন আঁচনিৰ জৰিয়তে যাত্ৰীৰ সুবিধা বৃদ্ধিৰ লগতে সংযোগ, পৰ্যটন আৰু স্থানীয় অৰ্থনীতিও অধিক শক্তিশালী হ'ব। পুনৰ বিকশিত মাজবাট ৰে'লৱে ষ্টেচনে অঞ্চলটোৰ উন্নয়ন আৰু যাতায়াত ব্যৱস্থাত এক নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।


অহা ১৭ জুলাইত নতুন দিল্লীৰ পৰা প্ৰধানমন্ত্ৰীয়ে virtually মুকলি কৰিব মাজবাট ৰে’ল ষ্টেচন৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ