--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মঙ্গলবাৰে সামৰণি পৰা ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ নিৰ্ণায়ক টেষ্টত শোচনীয় পৰাজয়ৰ পিছত সীমিত অভাৰৰ শৃংখলাতো ভাৰতীয় ক্ৰিকেট দলৰ সম্ভাৱনাক লৈ সন্দেহৰ সৃষ্টি হৈছিল। তাতে টি-২০ ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা কেইবাগৰাকীও খেলুৱৈৰে সমৃদ্ধ ইংলেণ্ড দল। কিন্তু সকলো পূৰ্ব সম্ভাৱনাক ভুল প্ৰমাণিত কৰি বৃহস্পতিবাৰে দৰ্শনীয় জয় সাব্যস্ত কৰে ভাৰতে। চমকপ্ৰদ অলৰাউণ্ড প্ৰদৰ্শনেৰে ভাৰতে প্ৰথমখন টি-২০ত ইংলেণ্ডক ৫০ ৰানত পৰাস্ত কৰে।

ভাৰতৰ এই চমকপ্ৰদ জয়ত প্ৰধান ভূমিকা পালন কৰে অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াই। দুৰ্বল ফৰ্ম আৰু আঘাতৰ বাবে দীৰ্ঘ সময়ৰ বাবে ভাৰতীয় দলৰ বাহিৰত থকা পাণ্ডিয়াই ইতিমধ্যে যোৱা মাৰ্চ মাহত সমাপ্ত হোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগতে প্ৰত্যাবৰ্তনৰ উমান দিছিল। নৱাগত গুজৰাট টাইটানছক সন্মুখৰ পৰা নেতৃত্ব দি পাণ্ডিয়াই অভিষেক বৰ্ষতে দলটোৰ হাতত তুলি দিছিল আই পি এল খিতাপ। 

ইয়াৰ পাছতে ভাৰতীয় দললৈ পাণ্ডিয়াৰ প্ৰত্যাবৰ্তন ঘটে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ জৰিয়তে ভাৰতীয় দললৈ পুনৰ উভতি অহা পাণ্ডিয়াই আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাত দলৰ নেতৃত্বৰ দায়িত্ব চম্ভালে। 

নিজৰ চমকপ্ৰদ প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখি পাণ্ডিয়াই বৃহস্পতিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে মেচতো নিজৰ যোগ্যতা পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱায়। অলৰাউণ্ড প্ৰদৰ্শনেৰে ভাৰতৰ জয়ত মুখ্য ভূমিকা লোৱা পাণ্ডিয়াই ভাৰতীয় ইনিংছত আক্ৰমণাত্মক বেটিঙেৰে ৫৩ ৰানৰ এটা দৰ্শনীয় ইনিংছ খেলাৰ পিছত বল হাতত লৈও ইংলেণ্ডৰ বেটিংক্ৰমত খহনীয়াৰ সৃষ্টি কৰি চাৰিটা উইকেট দখল কৰে।  

এইদৰে একেখন টি-২০ মেচতে অৰ্ধশতক অৰ্জন আৰু চাৰিটা উইকেট দখল কৰা ভাৰতৰ প্ৰথম ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় পাণ্ডিয়া। সামগ্ৰিকভাৱে পাণ্ডিয়া এই ঈৰ্ষণীয় কৃতিত্ব অৰ্জন কৰা  বিশ্বৰ পঞ্চম খেলুৱৈ। পাণ্ডিয়াৰ পূৰ্বে এই সফলতা লাভ কৰা আন খেলুৱৈসকল হৈছে ডুৱেইন ব্ৰেভো, মহম্মদ হাফিজ, শ্বেন ৱাটছন আৰু চামিউল্লাহ শিনৱাৰী। 

পাণ্ডিয়াৰ এই প্ৰদৰ্শন ভাৰতৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। পেচ বলিং অলৰাউণ্ডাৰৰ ভূমিকা পালন কৰা পাণ্ডিয়া ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী অত্যন্ত  নিৰ্ভৰযোগ্য খেলুৱৈ। চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। গতিকে বিশ্বকাপৰ পূৰ্বে পাণ্ডিয়াৰ এই প্ৰদৰ্শনে ভাৰতীয় দলৰ শক্তি নিশ্চিতভাৱে বৃদ্ধি কৰিব।

উল্লেখ্য যে পাণ্ডিয়াৰ অৰ্ধশতকৰ লগতে সূৰ্যকুমাৰ যাদৱ, দীপক হুদা, অধিনায়ক ৰোহিত শৰ্মাৰ গুৰুত্বপূৰ্ণ অৱদানৰ সহায়ত ভাৰতে প্ৰথমে বেটিং কৰি ১৯৮ ৰাণৰ বিশাল স্ক’ৰ থিয় কৰাইছিল। এই বিশাল লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডে ভাৰতৰ সংগঠিত আৰু নিয়ন্ত্ৰিত বলিং আক্ৰমণৰ সন্মুখত বশ্যতা স্বীকাৰ কৰি কৰি ১৪৮ ৰানতে ইনিংছ সামৰে।

শৃংখলাৰ দ্বিতীয়খন মেচ শনিবাৰে অনুষ্ঠিত হ’ব। প্ৰথমখন টি-২০ ত বিশ্ৰাম দিয়া জেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলী, যশপ্ৰীত বুমৰাহ, ৰবীন্দ্ৰ জাদেজা আৰু ঋষভ পণ্ট দ্বিতীয় আৰু তৃতীয় মেচৰ বাবে ভাৰতীয় দললৈ ঘূৰি আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ