--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ভাৰতীয় ৰাজনীতিত সঘনাই চৰ্চিত হৈছে ৰাহুল গান্ধীৰ নাম৷গান্ধী বৰ্তমান ভ্ৰমণৰ বাবে সংযুক্ত যুক্তৰাষ্ট্ৰত উপস্থিত হৈছেগৈ৷মঙলবাৰে চান্টা ক্ৰুজৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ছিলিকন ভেলী কেম্পাছত অনুষ্ঠিত এক অনুষ্ঠানত মডাৰেটৰ আৰু দৰ্শকৰ প্ৰশ্নৰ উত্তৰত গান্ধীয়ে কয় যে তেওঁ বিজেপিত “দুৰ্বলতা” বৰ্তমান স্পষ্টভাৱে প্ৰত্যক্ষ কৰিছে৷

ৰাহুলে কয় যে "এজন ৰাজনৈতিক উদ্যোগী হিচাপে মই বিজেপিৰ দুৰ্বলতা স্পষ্টকৈ দেখিবলৈ পাইছো,বিৰোধী দলসমূহে সঠিকভাৱে মিত্ৰতা কৰিলে বিজেপি পৰাজিত হ'ব পাৰে।কৰ্ণাটকৰ ফালে লক্ষ্য কৰিলে গ’ম পাম যে কৰ্ণাটকৰ নিৰ্বাচনৰ সাধাৰণ অৰ্থ হ’ল কংগ্ৰেছ দলে বিজেপিৰ বিৰুদ্ধে যুঁজি বিজেপিক পৰাস্ত কৰিলে।কিন্তু যিটো বিজেপিয়ে ভালদৰে বুজা হোৱা নাই সেয়া হ’ল আমি ব্যৱহাৰ কৰা প্ৰযুক্তি"৷

কংগ্ৰেছ দলে নিৰ্বাচনত যুঁজ দিয়া আৰু ইতিহাস গঢ়ি তোলাৰ ক্ষেত্ৰত সম্পূৰ্ণ বেলেগ পন্থা ব্যৱহাৰ কৰিছিল বুলি গান্ধীয়ে লগতে কয় যে কৰ্ণাটকত যি ঘটিছিল তাৰ উপাদানসমূহ ‘ভাৰত জোডো যাত্ৰা’ৰ পৰা ওলাই আহিছিল৷

উল্লেখযোগ্য যে,২২৪ জনীয়া কৰ্ণাটক বিধানসভাৰ ১০ মে’ত অনুষ্ঠিত নিৰ্বাচনত কংগ্ৰেছে ১৩৫খন আসন লাভ কৰাৰ বিপৰীতে বৰ্তমানৰ বিজেপি আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া নেতৃত্বাধীন জনতা দলে (চেকুলাৰ) ক্ৰমে ৬৬ আৰু ১৯খন আসন লাভ কৰে।ৰাহুল গান্ধীয়ে কয় যে কৰ্ণাটকৰ নিৰ্বাচনত বিজেপিয়ে কংগ্ৰেছ দলতকৈ ১০ গুণ বেছি ধন খৰচ কৰিছিল।কিন্তু বিজেপিয়ে একো সুফল লাভ নকৰিলে৷


তদুপৰি ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত ঐক্যবদ্ধ বিৰোধী দল থকাৰ উপৰিও শাসকীয় ভাৰতীয় জনতা পাৰ্টিক পৰাস্ত কৰিবলৈ দেশক বিকল্প দৃষ্টিভংগীৰ প্ৰয়োজন বুলিও তেওঁ কয়।

তেওঁ কয় যে ভাৰত জোড়ো যাত্ৰাৰ এটা অংশই এনে দৃষ্টিভংগীৰ প্ৰস্তাৱ দিয়াৰ প্ৰথম পদক্ষেপ আছিল।এয়া সেই দৃষ্টিভংগী যাৰ সৈতে সকলো বিৰোধী দল একত্ৰিত হৈছে।ভাৰত জোড়ো যাত্ৰাৰ ধাৰণাটোৰ সৈতে কোনো বিৰোধী দলে মতানৈক্য নকৰিব।

ভাৰত জোডো যাত্ৰা আছিল ভাৰতক একত্ৰিত কৰাৰ লক্ষ্যৰে ৰাহুল গান্ধী নেতৃত্বাধীন গণ আন্দোলন। ৭ ছেপ্টেম্বৰৰ পৰা কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই ১২খন ৰাজ্যৰ মাজেৰে পাৰ হৈ যোৱা ৩১ জানুৱাৰীত জম্মু-কাশ্মীৰত উপনীত হয়।

যাত্ৰাৰ সময়ছোৱাত ৫২ বছৰীয়া গান্ধীয়ে ১২খন ৰাজহুৱা সভা, ১০০খনতকৈও অধিক কৰ্ণাৰ সভা আৰু ১৩খন সংবাদমেলত ভাষণ দিয়ে। 

স্মৰ্তৱ্য যে যোৱা সপ্তাহত ভাৰতীয় বহিঃৰাজ্য কংগ্ৰেছৰ অধ্যক্ষ ছেম পিট্ৰ’ডাই কয় যে গান্ধীৰ এই ভ্ৰমণৰ লক্ষ্য হৈছে ভাগ কৰা মূল্যবোধ আৰু প্ৰকৃত গণতন্ত্ৰৰ দৃষ্টিভংগীক প্ৰসাৰিত কৰা।












FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপালী পর্দাত জিলিকিব ‘অসীমত যাৰ হেৰাল সীমা’; কাঞ্চন বৰুৱাৰ কালজয়ী উপন্যাসৰ চিত্ৰৰূপ
মহাৰাষ্ট্ৰত অমানৱীয় ঘটনা; পিক পেলাবলৈ মানা কৰাত এজন বৃদ্ধক নিৰ্মমভাৱে মাৰপিট অটো চালকৰ
পশ্চিমবংগত চাঞ্চল্য! এখন বিদ্যালয়ৰ পৰা ১.৪৪ কোটি টকা জব্দ
মেঘালয়ত নতুন সাপৰ প্ৰজাতি আৱিষ্কাৰ, অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ গৱেষকৰ গুৰুত্বপূৰ্ণ ভূমিকা
১২৪৮ যোদ্ধাই যুঁজিব ফুটবলৰ বিশ্বযুদ্ধত
অসমৰ ১১ গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা; সন্মানিত জ্যেষ্ঠ অভিনেত্ৰী চেতনা দাসো
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement