--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পানী হৈছে প্ৰাণীৰ প্ৰাঁণ৷ কিন্তু সঠিক পদ্ধতিৰে পানী পান নকৰিলে দেহত নানা ৰোগে দেখা দিব পাৰে৷ বহুলোকৰ ক্ষেত্ৰত দেখা যায়  যে খাদ্য খোৱাৰ ঠিক পিছতে  বা খোৱাৰ লগে লগে পানী খায়৷ ইয়াৰ  ফলত  পেটৰ বিকাৰ হোৱাৰ আশংকা থাকে৷ কিছুমান লোকৰ অভ্যাস আছে যে তেওঁলোকে খোৱাৰ সময়ত খাদ্যতকৈ অধিক পানীহে খায়, এনেদৰে  পানী খোৱাৰ খোৱাৰ ফলত  পানীয়ে পাকস্থলী পূৰ্ণ কৰি পেলায়৷ 

ফলত সঠিক পৰিমাণৰ আহাৰ গ্ৰহণ কৰাত অসুবিধা আহি পৰিব পাৰে৷ আহাৰ খোৱাৰ ঠিক পিছতে অথবা আহাৰ খাই থকাৰ মাজতে পানী খাই থাকিলে পেটত অধিক পৰিমাণে গেষ্ট্ৰিক ৰস সৃষ্টি হোৱাত বাধা দিয়ে৷  খাদ্য খোৱাৰ লগে লগে খোৱা পানী খালে পেটত  গেষ্ট্ৰিক ৰস নিৰ্গমনহোৱা মন্থৰ হৈ পৰে৷  গেষ্ট্ৰিক ৰসে খাদ্য হজম কৰাত সহায় কৰে৷ কিন্তু খাদ্য খোৱাৰ লগে লগে পানী খালে পাকস্থলীৰ ভিতৰত এচিড প্ৰস্তুৰ ভাৰসাম্য নোহোৱা হৈ পৰে৷  ইয়াৰ ফলত গেছ হ’ব পাৰে৷ 

আয়ুৰ্বেদিক বিশেষজ্ঞসকলৰ মতে  খোৱাৰ সময়ত বা ঠিক পিছতে পানী খালে দেহত   প্ৰায় ১০৩  প্ৰকাৰৰ ৰোগ হ’ব পাৰে৷  সেয়েহে খাদ্য খোৱাৰ সময়ত বাবে ঠিক পিছতে পানী পৰিহাৰ কৰিবলৈ চেষ্টা কৰক। আমি সকলোৱে জানো যে এটা ভাল আৰু স্বাস্থ্যৱান শৰীৰৰ বাবে পেট ভালে থকাটো  অতি প্ৰয়োজনীয় কথা৷  কিয়নো আমাৰ গোটেই শৰীৰৰ কাম কৰাৰ শক্তি যোগোৱা মুখ্য যন্ত্ৰটোৱেই হৈছে  পেট ৷ 

যদি  পেট ভালে নাথাকে আমি কেনেকৈ স্বাস্থ্যৱান হৈ থাকিম? স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে আহাৰ গ্ৰহণৰ প্ৰায় এঘণ্টা পিছতহে পানী খাব লাগে৷ এনে কৰিলে এচিডৰ মাত্ৰা সঠিক হৈ থাকিব আৰু খাদ্যও ভালদৰে হজম হ’ব৷ 











FOLLOW US F
POPULAR
FEATURE
TRENDY
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি