--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পশ্চিমবংগৰ ১১খন জিলাত ৬৫ গৰাকী ক’লা জ্বৰত আক্ৰান্ত হোৱা দেখা গৈছে। বংগৰ পৰা ক’লা জ্বৰ সম্পূৰ্ণৰূপে নিৰ্মূল কৰা হৈছিল যদিও ইয়াৰ পুনৰ উত্থান আতংকজনক। যোৱা দুসপ্তাহত বংগৰ এঘাৰখন জিলাত ৰাজ্যিক নিৰীক্ষণত ক’লা জ্বৰ বা ব্লেক ফিভাৰৰ প্ৰায় ৬৫ গৰাকী লোকৰ দেহত ধৰা পৰিছে। ৰাজ্যৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি দাৰ্জিলিং, মালদা, উত্তৰ দিনাজপুৰ, দক্ষিণ দিনাজপুৰ আৰু কালিমপঙত ক’লা জ্বৰৰ প্ৰাদুৰ্ভাৱ বেছি। তদুপৰি উত্তৰ বংগত দক্ষিণ বংগতো ক’লা জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে। ক’লা জ্বৰ লেইছমেনিয়া ড’ন’ভানি নামৰ এবিধ পৰজীৱীৰ ফলত হয়। এই পৰ্যন্ত কোনো ভেকচিন প্ৰস্তুত কৰা হোৱা নাই।

পশ্চিমবংগ চৰকাৰে ঘোষণা কৰা মতে এই জ্বৰত আক্ৰান্ত সকলোকে বিনামূলীয়াকৈ চিকিৎসা কৰা হ'ব । ব্যক্তিগত পৰীক্ষাগাৰ বা চিকিৎসালয়ত সংক্ৰমণ ধৰা পৰিলেও চিকিৎসকে লগে লগে বিষয়টো জিলা স্বাস্থ্য বিষয়াৰ দৃষ্টি আকৰ্ষণ কৰিব লাগিব ।

ক’লা জ্বৰ কি?

লেইছমেনিয়া নামৰ এবিধ পৰজীৱীয়ে এই ৰোগৰ বাবে দায়ী, যিটো বালি মাখিৰ( sandfly) কামোৰৰ জৰিয়তে শৰীৰত উপনীত হয়। এই বালিমাখিৰ ৰং বাদামী। এই পৰজীৱীবোৰ ইতিমধ্যে এই মাখিবোৰত থাকে, গতিকে কামোৰৰ জৰিয়তে মানুহলৈ এই পৰজীৱী সংক্ৰমিত হয়। এই বিশেষ ধৰণৰ মাখি বেছিকৈ মাটি আৰু অধিক আৰ্দ্ৰতা থকা ঘৰত পোৱা যায়। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এই ৰোগ ৩ প্ৰকাৰৰ পৰজীৱীৰ দ্বাৰা হয়।


কোনে বেছিকৈ এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে?

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মতে, যিসকল লোক ইতিমধ্যে পুষ্টিহীনতাত ভুগি আছে, তেওঁলোকৰ মাজত ক’লা জ্বৰ হোৱাৰ আশংকা সৰ্বাধিক। স্থানচ্যুত বা ঘৰ পৰিষ্কাৰ নহ'লে, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ'লে, ইয়াৰ উপৰিও পৰিৱেশ পৰিৱৰ্তনো এই ৰোগৰ বাবেও দায়ী। উদাহৰণস্বৰূপে, দ্ৰুত বনাঞ্চল ধ্বংস আৰু বৃদ্ধি পোৱা নগৰায়নৰ ফলত এই ৰোগ বিয়পিব পাৰে। ২০২০ চনত ইয়াৰ ৯০ শতাংশ ৰোগী ব্ৰাজিল, চীন, ইথিওপিয়া, ভাৰত, কেনিয়া, ছোমালিয়া, দক্ষিণ চুডান, আৰু য়েমেনত সংঘটিত হৈছিল।

পশ্চিমবংগলৈ ক’ৰ পৰা আহিছিল?

ৰাজ্যৰ ভিতৰতে দাৰ্জিলিং, মালদা, উত্তৰ দিনাজপুৰ, দক্ষিণ দিনাজপুৰ আৰু কালিমপঙত সৰ্বাধিক লোক আক্ৰান্ত হৈছে। পশ্চিম বংগৰ বিষয়াসকলে জনোৱা মতে, উত্তৰ প্ৰদেশ, বিহাৰ আৰু ঝাৰখণ্ডত বসবাস কৰা লোকসকল এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। নেচনেল চেণ্টাৰ ফৰ ভেক্টৰ বৰ্ণ ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেম (এন চি ভি বি ডি চি)ৰ তথ্য অনুসৰি দেশৰ প্ৰায় ১৬ কোটি লোক এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। যোৱা কেইবছৰমানৰ পৰা ভাৰতত ইয়াৰ প্ৰাদুৰ্ভাৱ হ্ৰাস পাইছে। ২০১৪ চনত ৯২০০ টা আক্ৰান্ত হোৱাৰ বিপৰীতে ২০২১ চনত এই সংখ্যা হ্ৰাস পাই ১২৭৬ জনলৈ হ্ৰাস পাইছে।

কোনবোৰ লক্ষণ দেখিলে সতৰ্ক হ'ব লাগিব?

কিছুমান লক্ষণৰ প্ৰতি সাৱধান হ’ব লাগে। যেনে কিছুদিন লৈকে জ্বৰ, ওজন কমি যোৱা, প্লীহা বৃদ্ধি হোৱা, ৰক্তহীনতা। এনে অৱস্থাত ছালখন শুকাই যায় আৰু ফাটিবলৈ ধৰে। চুলি সৰা আৰম্ভ হয়। ছালৰ ৰং ধূসৰ দেখাবলৈ আৰম্ভ কৰে। হাত, ভৰি, পেট আৰু পিঠিত ইয়াৰ প্ৰভাৱ দেখা যায়, উক্ত লক্ষণ সমূহ দেখা দিলে সোনকালে চিকিৎসকৰ পৰামৰ্শ লওক।





FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
টেঙাখাতৰ অইল ইণ্ডিয়াৰ ITFত ভয়ংকৰ অগ্নিকাণ্ড; এজনৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত, এজন সন্ধানহীন
ধনতেৰছত কিয় ধনীয়া বীজ ক্ৰয় কৰিব লাগে? জানো আহক ইয়াৰ আধ্যাত্মিক আৰু ব্যৱহাৰিক গুৰুত্ব
ধনতেৰছত সোণ-ৰূপৰ বাহিৰেও কি কি ক্ৰয় কৰাটো শুভ; জানো আহক
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ