--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ডাইনোছৰ এনে এটা প্ৰাণী যাৰ বিষয়ে বৰ্তমানো অব্যাহত আছে বহু গৱেষণা। লাখ লাখ বছৰ আগতে এই বিশাল প্ৰাণীটোৰ অস্তিত্ব আছিল যদিও এতিয়া পৃথিৱীৰ বহু ঠাইত ইয়াৰ লেখ-জোখহে পোৱা যায়। উত্তৰ চিলিৰ হুয়াটাকণ্ডোৰ এখন সৰু গাঁও টাৰাপাকাৰ নামৰ ঠাইখনে বিশেষ কৃতিত্ব অৰ্জন কৰিছে। এই গাঁওখনত এতিয়া ডাইনোছৰৰ ভৰিৰ চাপ পোৱা বুলি দাবী কৰা হৈছে। নিউজৱিকত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ বিজ্ঞানীৰ এটা দলে ইয়াত ১০০০ৰো অধিক ভৰিৰ চাপ উদ্ধাৰ কৰিছে।

 প্ৰতিবেদন অনুসৰি ২৩ মেৰ পৰা ৩ জুনলৈকে চিলি আৰু বিদেশৰ পৰা পাঁচজন পেছাদাৰী লোক উত্তৰ চিলিৰ টাৰাপাকা অঞ্চলত উপস্থিত হয়। ইয়াত এই লোকসকলে ৩০ বৰ্গ কিলোমিটাৰত বিস্তৃত কেইবাশ ভৰিৰ চাপ উদ্ধাৰ কৰে। ইয়াৰ পাছত এই বিজ্ঞানীসকলে স্থানীয় জনগোষ্ঠীয়ে সংগ্ৰহ কৰা তথ্যকো মূল্যায়ন কৰে।

 ১. ১০দিন ধৰি গৱেষণা চলাইছিল দলটোৱে-

এই গৱেষকসকলৰ ভিতৰত আছিল চিলিৰ ৰাজধানী চেণ্টিঅৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয় ইউনিভাৰ্চিটি মেয়ৰৰ সৈতে জড়িত ক্রিষ্টিয়ান ছালাজাৰ৷ তেওঁ গ্লবেল টাইমছক কয় যে ‘মোৰ পেছাদাৰী অভিজ্ঞতাত ই সঁচাকৈয়ে অভূতপূৰ্ব আৰু অবিশ্বাস্য। ১০দিনত আমি হাজাৰতকৈ অধিক ফুটপ্ৰিণ্ট পালোঁ। আমি জানো যে ইয়াত বিশাল সম্ভাৱনা আছে আৰু ই এটা ডাঙৰ প্ৰকল্প।’

 ২. ৮০ ছিন্টিমিটাৰৰ পৰা ১ মিটাৰলৈকে চাপ আকাৰ-

এই আৱিষ্কাৰৰ ভিতৰত ১৫ কোটি বছৰ পূৰ্বে জীৱিত অবস্থাত থকা প্ৰাপ্তবয়স্ক থেৰপড আৰু ছপড ডাইনোছৰৰ ১০০০ৰো অধিক ভৰিৰ চাপ আৱিষ্কাৰ কৰা হৈছে। দলটোৱে জনোৱা মতে, উদ্ধাৰ হোৱা ভৰিৰ চাপৰ আকাৰ ৮০ চেণ্টিমিটাৰৰ পৰা এক মিটাৰলৈকে। এই আকাৰৰ পৰা অনুমান কৰা হৈছে যে এই বিশাল প্ৰাণীটোৰ দৈৰ্ঘ্য নিশ্চয় ১২ মিটাৰ পৰ্যন্ত আছিল। এই আৱিষ্কাৰৰ সময়ত ওচৰৰ পলসুৱা শিলটোত পোক-পৰুৱা, উদ্ভিদ আৰু পোককে ধৰি আন আন সৰু জীৱ-জন্তুও আৱিষ্কাৰ হৈছে।

 ৩. অব্যাহত আছে অধিক গৱেষণা-

 এই আৱিষ্কাৰক লৈ পুৰাতত্ত্ববিদসকল অতিশয় উৎসাহিত কাৰণ ই ডাইনোছৰৰ আচৰণৰ ওপৰত অধিক পোহৰ পেলাব। জীৱাশ্মসমূহে সেই ডাইনোছৰসমূহ বাস কৰা সময় আৰু স্থানৰ পৰিৱেশ আৰু উষ্ণতাৰ বিষয়েও গৱেষণা অব্যাহত আছে। জীৱাশ্ম নিৰ্মাণৰ বাবে ভৰিৰ চাপ অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। বিজ্ঞানীসকলে কৰা গৱেষণাত আৰু অধিক তথ্য প্ৰকাশ পোৱাৰ আশা ব্যক্ত কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
'ককাদেউতা নাতি আৰু হাতী ২'ৰ প'ষ্টাৰ-ল'গ' মুকলি
ভাৰতৰ বিৰুদ্ধে এইবাৰ ৫০ শতাংশ শুল্ক ঘোষণা ট্রাম্পৰ
অসমীয়া জাতিক নিঃশেষ কৰিব খুজিলে পৰিস্থিতি বেয়া হ'ব, মুখ্যমন্ত্ৰীৰ পুনৰ সকীয়নি
৭ বছৰৰ মূৰত চীনলৈ যাব মোদী
'উচ্ছেদৰ পাছতে আমাক লাগিব নেঘেৰিবিল, পূৰ্বপুৰুষৰ ভূমি ঘূৰাই লাগিবই': অসমক হুংকাৰ দিলে নগাই
মোদীৰ প্ৰতিচ্ছবিৰে হাতেৰে সজ্জিত কৰিলে অংগবস্ত্ৰ! প্ৰধানমন্ত্ৰীলৈ বিশেষ সন্মান অসমৰ প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ
শ্রীহৰিকোটাৰ পৰা উৎক্ষেপণ বিশ্বৰ ব্যয়বহুল আর্থ ইমেজিং ছেটেলাইট
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা