--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ডাইনোছৰ এনে এটা প্ৰাণী যাৰ বিষয়ে বৰ্তমানো অব্যাহত আছে বহু গৱেষণা। লাখ লাখ বছৰ আগতে এই বিশাল প্ৰাণীটোৰ অস্তিত্ব আছিল যদিও এতিয়া পৃথিৱীৰ বহু ঠাইত ইয়াৰ লেখ-জোখহে পোৱা যায়। উত্তৰ চিলিৰ হুয়াটাকণ্ডোৰ এখন সৰু গাঁও টাৰাপাকাৰ নামৰ ঠাইখনে বিশেষ কৃতিত্ব অৰ্জন কৰিছে। এই গাঁওখনত এতিয়া ডাইনোছৰৰ ভৰিৰ চাপ পোৱা বুলি দাবী কৰা হৈছে। নিউজৱিকত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ বিজ্ঞানীৰ এটা দলে ইয়াত ১০০০ৰো অধিক ভৰিৰ চাপ উদ্ধাৰ কৰিছে।

 প্ৰতিবেদন অনুসৰি ২৩ মেৰ পৰা ৩ জুনলৈকে চিলি আৰু বিদেশৰ পৰা পাঁচজন পেছাদাৰী লোক উত্তৰ চিলিৰ টাৰাপাকা অঞ্চলত উপস্থিত হয়। ইয়াত এই লোকসকলে ৩০ বৰ্গ কিলোমিটাৰত বিস্তৃত কেইবাশ ভৰিৰ চাপ উদ্ধাৰ কৰে। ইয়াৰ পাছত এই বিজ্ঞানীসকলে স্থানীয় জনগোষ্ঠীয়ে সংগ্ৰহ কৰা তথ্যকো মূল্যায়ন কৰে।

 ১. ১০দিন ধৰি গৱেষণা চলাইছিল দলটোৱে-

এই গৱেষকসকলৰ ভিতৰত আছিল চিলিৰ ৰাজধানী চেণ্টিঅৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয় ইউনিভাৰ্চিটি মেয়ৰৰ সৈতে জড়িত ক্রিষ্টিয়ান ছালাজাৰ৷ তেওঁ গ্লবেল টাইমছক কয় যে ‘মোৰ পেছাদাৰী অভিজ্ঞতাত ই সঁচাকৈয়ে অভূতপূৰ্ব আৰু অবিশ্বাস্য। ১০দিনত আমি হাজাৰতকৈ অধিক ফুটপ্ৰিণ্ট পালোঁ। আমি জানো যে ইয়াত বিশাল সম্ভাৱনা আছে আৰু ই এটা ডাঙৰ প্ৰকল্প।’

 ২. ৮০ ছিন্টিমিটাৰৰ পৰা ১ মিটাৰলৈকে চাপ আকাৰ-

এই আৱিষ্কাৰৰ ভিতৰত ১৫ কোটি বছৰ পূৰ্বে জীৱিত অবস্থাত থকা প্ৰাপ্তবয়স্ক থেৰপড আৰু ছপড ডাইনোছৰৰ ১০০০ৰো অধিক ভৰিৰ চাপ আৱিষ্কাৰ কৰা হৈছে। দলটোৱে জনোৱা মতে, উদ্ধাৰ হোৱা ভৰিৰ চাপৰ আকাৰ ৮০ চেণ্টিমিটাৰৰ পৰা এক মিটাৰলৈকে। এই আকাৰৰ পৰা অনুমান কৰা হৈছে যে এই বিশাল প্ৰাণীটোৰ দৈৰ্ঘ্য নিশ্চয় ১২ মিটাৰ পৰ্যন্ত আছিল। এই আৱিষ্কাৰৰ সময়ত ওচৰৰ পলসুৱা শিলটোত পোক-পৰুৱা, উদ্ভিদ আৰু পোককে ধৰি আন আন সৰু জীৱ-জন্তুও আৱিষ্কাৰ হৈছে।

 ৩. অব্যাহত আছে অধিক গৱেষণা-

 এই আৱিষ্কাৰক লৈ পুৰাতত্ত্ববিদসকল অতিশয় উৎসাহিত কাৰণ ই ডাইনোছৰৰ আচৰণৰ ওপৰত অধিক পোহৰ পেলাব। জীৱাশ্মসমূহে সেই ডাইনোছৰসমূহ বাস কৰা সময় আৰু স্থানৰ পৰিৱেশ আৰু উষ্ণতাৰ বিষয়েও গৱেষণা অব্যাহত আছে। জীৱাশ্ম নিৰ্মাণৰ বাবে ভৰিৰ চাপ অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। বিজ্ঞানীসকলে কৰা গৱেষণাত আৰু অধিক তথ্য প্ৰকাশ পোৱাৰ আশা ব্যক্ত কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম