--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আয়ুৰ্বেদত বহুতো গছ-গছনিৰ‌ বিষয়ে উল্লেখ আছে যিবোৰৰ ঔষধি গুণ আছে। এনে কোনো ৰোগ থাকিব নোৱাৰে যাৰ চিকিৎসা আয়ুৰ্বেদৰ জৰিয়তে সম্ভৱ নহয়। আয়ুৰ্বেদ মতে আহঁত গছ অতি গুৰুত্বপূৰ্ণ। ই বহু ৰোগ নিৰাময়ৰ বাবে উপযোগী হ’ব পাৰে।

আহঁত পাতৰ বহু ঔষধি গুণ আছে। ইয়াৰ পাতৰ ৰস খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। আহঁত পাতত বহুতো পুষ্টিকৰ উপাদান থাকে, যিয়ে বহুতো গুৰুতৰ ৰোগৰ পৰা হাত সাৰিবলৈ সহায় কৰে। কেলচিয়াম, মেংগানিজ, তাম, আইৰণ আদি খনিজ পদাৰ্থ আৰু প্ৰটিন, আঁহ আদি পুষ্টিকৰ পদাৰ্থ আহঁতৰ পাতত পোৱা যায়। আহঁত পাতত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী, এন্টিবেক্টেৰিয়েল আৰু এন্টিডায়েবেটিক গুণ থাকে, যিয়ে স্বাস্থ্য সম্পৰ্কীয় বহু ৰোগ আঁতৰাই ৰখাত সহায় কৰে। আহঁত পাতৰ ৰস খালে কি কি উপকাৰ হয় জানো আহক।

১) হাওঁফাওঁ সুস্থ কৰি ৰাখে : আহঁত পাত হাওঁফাওঁৰ বাবে উপকাৰী।  আহঁত পাতৰ ৰসে হাওঁফাওঁৰ বিষমুক্ত কৰাৰ কাম কৰে। এই ৰস খালে হাওঁফাওঁৰ প্ৰদাহৰ সমস্যাও নাইকিয়া হয়। যদি আপুনি উশাহ-নিশাহ লোৱাত অসুবিধা অনুভৱ কৰে, তেন্তে আহঁত পাতৰ ৰস খালেও এই সমস্যা দূৰ কৰিব পাৰি।

২) কাহৰ পৰা উপশম পোৱা: আহঁত পাতত থকা গুণবোৰ কাহ নিৰাময়ত ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে। ইয়াৰ ৰস সেৱন কৰিলে কাহৰ সমস্যা দূৰ হয়, এই ৰস খালেও শ্লেষ্মাৰ সমস্যা দূৰ হয়।

৩) পাচনত উপকাৰী: আহঁত পাতৰ ৰস খালে ডায়েৰিয়াৰ সমস্যা শেষ হয়। যদি আপুনিও ডায়েৰিয়াৰ লগতে বমিৰ সমস্যাৰ সন্মুখীন হৈছে, তেন্তে এই ৰস সেৱনে এই সমস্যাৰ পৰা মুক্তি পায়। ইয়াৰ উপৰিও এই ৰসে গেছ, বদহজম, কোষ্ঠকাঠিন্য আৰু পেট ফুলাৰ সমস্যাও দূৰ কৰে।

৪) তেজ পৰিষ্কাৰ : আহঁত পাতৰ ৰসে বিষমুক্ত পানীয় হিচাপে কাম কৰে। এই ৰস খালে তেজ শুদ্ধ হয়। তেজৰ অশুদ্ধি আঁতৰোৱাৰ বাবে ছালৰ সমস্যাবোৰ আঁতৰি যায়। এই পানীয় খালে মুখৰ পিম্পল আৰু দাগবোৰো নাইকিয়া হয়।

৫) চুগাৰ নিয়ন্ত্ৰণ: ই তেজত থকা চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণৰ কাম কৰে। আহঁত পাতত থকা গুণে স্পাইক নিয়ন্ত্ৰণ কৰে আৰু স্বাভাৱিক চুগাৰৰ মাত্ৰা বজাই ৰখাত সহায় কৰে। ডায়েবেটিছ ৰোগীৰ বাবেও আহঁত পাতৰ ৰস উপকাৰী।

৬) দাঁত আৰু দাঁতৰ আঁলু সুস্থ কৰি তোলক: আহঁত পাতৰ ৰস দাঁত আৰু আঁঠুৰ বাবেও উপকাৰী। ই মুখত থকা বেক্টেৰিয়াবোৰক নিধন কৰি দাঁতবোৰ সুস্থ কৰি ৰাখে। ইয়াৰ ৰস খালে দাঁতৰ আলুৰ সমস্যাতো সকাহ পোৱা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু