--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ 'শক্তি' মন্তব্যই এতিয়া দেশৰ ৰাজনীতিত  আলোড়নৰ সৃষ্টি কৰিছে। বিজেপিয়ে তেওঁৰ মন্তব্যৰ সমুচিৎ  প্ৰত্যুত্তৰ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ নেতাজনৰ মন্তব্যৰ পিছতে  বিজেপি বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাইছে। তামিলনাডুত এক ৰেলী সম্বোধন কৰি মোদীয়ে কয়, "কংগ্ৰেছৰ লক্ষ্য হৈছে ক্ষমতা ধ্বংস কৰা। মই সেই প্ৰত্যাহ্বান  স্বীকাৰ কৰি লৈছো। মোৰ জীৱন থকালৈকে  মই শক্তি ধ্বংস হ'বলৈ নিদিওঁ। "

দেওবাৰে ৰাহুলৰ ভাষণৰ পিছতে শক্তি বিতৰ্কৰ আৰম্ভণি হৈছিল। দেওবাৰে ৰাহুলৰ  ভাৰত জোডো ন্যায় যাত্ৰাৰ অন্তিম দিন আছিল। 'যাত্ৰা' মণিপুৰৰ পৰা আৰম্ভ হৈছিল আৰু মুম্বাইত সমাপ্ত হৈছিল। শিৱাজী পাৰ্কত কংগ্ৰেছে 'ন্যায় যাত্ৰা'ৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰিছিল। বিজেপি বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'কে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ নেতা সেই সমাবোশত  উপস্থিত আছিল।তামিলনাডুৰ মুখ্যমন্ত্ৰী আৰু ডিএমকেৰ মুৰব্বী এম কে ষ্টালিন, আৰজেডি নেতা তথা বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ আদি নেতাসকলেও সেই সমাবেশত উপস্থিত আছিল । 

 দেওবাৰে অনুষ্ঠানত  ভাষণ দি ৰাহুলে কয়, "হিন্দু ধৰ্মত শক্তি নামৰ এটা শব্দ আছে। আমি শক্তিৰ বিৰুদ্ধে যুঁজি আছো। কিন্তু সেই শক্তি কি? ৰজাৰ  আত্মা ইভিএম আৰু দেশৰ অনুসন্ধানকাৰী সংস্থা ইডি, চিবিআই, আয়কৰ বিভাগত নিহিত হৈ আছে। "ৰাহুলে  এইবুলিও দাবী কৰিছিল যে মহাৰাষ্ট্ৰৰ এজন জ্যেষ্ঠ নেতাই কংগ্ৰেছ ত্যাগ কৰাৰ সময়ত তেওঁৰ মাতৃয়ে  ছোনিয়াৰ ওচৰত স্বীকাৰ কৰিছিল যে তেওঁ ৰজাৰ সেই  "শক্তি"ক প্ৰত্যাহ্বান জনাব নোৱাৰে। ৰাহুল গান্ধীয়ে 'শক্তি' শব্দৰ দ্বাৰা  'ইডি, চিবিআই'ৰ দৰে কেন্দ্ৰীয় সংস্থাকে  বুজাইছিল।
 
কিন্তু ৰাহুলৰ মন্তব্যৰ পিছতে  বিতৰ্ক আৰম্ভ হয়। কংগ্ৰেছ নেতাজনৰ মন্তব্যৰ বিৰুদ্ধে সমগ্ৰ দেশৰ বহু বিজেপি নেতাই প্ৰতিবাদ কৰিছে। সোমবাৰে, মোদীয়ে 'শক্তি' বিতৰ্কৰ বিষয়ত  কংগ্ৰেছকে ধৰি বিৰোধী দলৰ নেতাসকলকো আক্ৰমণৰ লক্ষ্য কৰি লয়। তামিলনাডুত এক ৰেলী সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "ইণ্ডি মিত্ৰজোঁটে ইয়াৰ ইস্তাহাৰত কৈছে  যে তেওঁলোকৰ যুঁজ শক্তিৰ বিৰুদ্ধে। মোৰ বাবে, প্ৰতিগৰাকী মাতৃ, কন্যা  আৰু ভগ্নী একো একোটা  শক্তি। মই তেওঁলোককে 'শক্তি' বুলি উপাসনা কৰোঁ। মই ভাৰত মাতৃৰ এজন উপাসক। তেওঁলোকৰ (বিৰোধীৰ) লক্ষ্য হৈছে নাৰীৰ শক্তি ধ্বংস কৰা। মই সেই প্ৰত্যাহ্বান  স্বীকাৰ কৰি লৈছো। মই সেই প্ৰত্যাহ্বান সুৰক্ষিত কৰি ৰাখিবলৈ  মোৰ জীৱনৰ শেষ দিনটোলৈকে যুঁজিম"। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement