--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ 'শক্তি' মন্তব্যই এতিয়া দেশৰ ৰাজনীতিত  আলোড়নৰ সৃষ্টি কৰিছে। বিজেপিয়ে তেওঁৰ মন্তব্যৰ সমুচিৎ  প্ৰত্যুত্তৰ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ নেতাজনৰ মন্তব্যৰ পিছতে  বিজেপি বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাইছে। তামিলনাডুত এক ৰেলী সম্বোধন কৰি মোদীয়ে কয়, "কংগ্ৰেছৰ লক্ষ্য হৈছে ক্ষমতা ধ্বংস কৰা। মই সেই প্ৰত্যাহ্বান  স্বীকাৰ কৰি লৈছো। মোৰ জীৱন থকালৈকে  মই শক্তি ধ্বংস হ'বলৈ নিদিওঁ। "

দেওবাৰে ৰাহুলৰ ভাষণৰ পিছতে শক্তি বিতৰ্কৰ আৰম্ভণি হৈছিল। দেওবাৰে ৰাহুলৰ  ভাৰত জোডো ন্যায় যাত্ৰাৰ অন্তিম দিন আছিল। 'যাত্ৰা' মণিপুৰৰ পৰা আৰম্ভ হৈছিল আৰু মুম্বাইত সমাপ্ত হৈছিল। শিৱাজী পাৰ্কত কংগ্ৰেছে 'ন্যায় যাত্ৰা'ৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰিছিল। বিজেপি বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'কে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ নেতা সেই সমাবোশত  উপস্থিত আছিল।তামিলনাডুৰ মুখ্যমন্ত্ৰী আৰু ডিএমকেৰ মুৰব্বী এম কে ষ্টালিন, আৰজেডি নেতা তথা বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ আদি নেতাসকলেও সেই সমাবেশত উপস্থিত আছিল । 

 দেওবাৰে অনুষ্ঠানত  ভাষণ দি ৰাহুলে কয়, "হিন্দু ধৰ্মত শক্তি নামৰ এটা শব্দ আছে। আমি শক্তিৰ বিৰুদ্ধে যুঁজি আছো। কিন্তু সেই শক্তি কি? ৰজাৰ  আত্মা ইভিএম আৰু দেশৰ অনুসন্ধানকাৰী সংস্থা ইডি, চিবিআই, আয়কৰ বিভাগত নিহিত হৈ আছে। "ৰাহুলে  এইবুলিও দাবী কৰিছিল যে মহাৰাষ্ট্ৰৰ এজন জ্যেষ্ঠ নেতাই কংগ্ৰেছ ত্যাগ কৰাৰ সময়ত তেওঁৰ মাতৃয়ে  ছোনিয়াৰ ওচৰত স্বীকাৰ কৰিছিল যে তেওঁ ৰজাৰ সেই  "শক্তি"ক প্ৰত্যাহ্বান জনাব নোৱাৰে। ৰাহুল গান্ধীয়ে 'শক্তি' শব্দৰ দ্বাৰা  'ইডি, চিবিআই'ৰ দৰে কেন্দ্ৰীয় সংস্থাকে  বুজাইছিল।
 
কিন্তু ৰাহুলৰ মন্তব্যৰ পিছতে  বিতৰ্ক আৰম্ভ হয়। কংগ্ৰেছ নেতাজনৰ মন্তব্যৰ বিৰুদ্ধে সমগ্ৰ দেশৰ বহু বিজেপি নেতাই প্ৰতিবাদ কৰিছে। সোমবাৰে, মোদীয়ে 'শক্তি' বিতৰ্কৰ বিষয়ত  কংগ্ৰেছকে ধৰি বিৰোধী দলৰ নেতাসকলকো আক্ৰমণৰ লক্ষ্য কৰি লয়। তামিলনাডুত এক ৰেলী সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "ইণ্ডি মিত্ৰজোঁটে ইয়াৰ ইস্তাহাৰত কৈছে  যে তেওঁলোকৰ যুঁজ শক্তিৰ বিৰুদ্ধে। মোৰ বাবে, প্ৰতিগৰাকী মাতৃ, কন্যা  আৰু ভগ্নী একো একোটা  শক্তি। মই তেওঁলোককে 'শক্তি' বুলি উপাসনা কৰোঁ। মই ভাৰত মাতৃৰ এজন উপাসক। তেওঁলোকৰ (বিৰোধীৰ) লক্ষ্য হৈছে নাৰীৰ শক্তি ধ্বংস কৰা। মই সেই প্ৰত্যাহ্বান  স্বীকাৰ কৰি লৈছো। মই সেই প্ৰত্যাহ্বান সুৰক্ষিত কৰি ৰাখিবলৈ  মোৰ জীৱনৰ শেষ দিনটোলৈকে যুঁজিম"। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু