--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ফুটবলৰ আগশাৰীৰ লীগ ইণ্ডিয়ান চুপাৰ লীগত এতিয়ালৈকে বিশ্বৰ কেইবাগৰাকীও তাৰকাই ভাগ লৈছে। ৰবাৰ্টো কাৰ্লোছৰ পৰা ডিয়েগো ফৰলানলৈকে কেইবাগৰাকীও বিশ্বৰ আগশাৰীৰ ফুটবলাৰে আই এছ এল- ৰ ফ্ৰেঞ্চাইজী সমূহৰ হৈ ভাৰতীয় ফুটবলপ্ৰেমীৰ সন্মুখত ফুটবলৰ নিপুণ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰিছে। এনে বিশ্বমানৰ তাৰকাৰ ওপৰিও বিদেশৰ বহু খেলুৱৈয়ে ইতিমধ্যে আই এছ এল- ত ভাগ লৈ ফুটবল অনুৰাগীৰ মনত নিজৰ চাপ এৰি গৈছে। এইবাৰ আই এছ এল- ত ভাৰতীয় ফুটবল প্ৰেমীয়ে দেখিবলৈ পাব পগবাক। আন্ত:ৰাষ্ট্ৰীয় আৰু ক্লাৱ ফুটবলত ইতিমধ্যে নিজকে প্ৰতিষ্ঠিত কৰা পগবাই এইবাৰ আই এছ এল- ত ভুমুকি মাৰিব। অৱশ্যে এই পগবা ফ্ৰান্সৰ বিশ্বকাপ জয়ী ফুটবলাৰ তথা সাম্প্ৰতিক ফুটবল বিশ্বৰ অন্যতম শ্ৰেষ্ঠ মিডফিল্ডাৰ পল পগবা নহয়। কিন্তু পল পগবাৰ সৈতে এই আই এছ এল- ত ভাগ ল’বলগীয়া পগবাৰ আছে তেজৰ সম্পৰ্ক।

ইণ্ডিয়ান চুপাৰ লীগত (আইএছএল) এটিকে মোহন বাগানে চুক্তিবদ্ধ কৰিছে পগবাক। এই পগবাৰ সম্পূৰ্ণ নাম ফ্লোৰেণ্টিন পগবা। ফ্ৰান্স দলৰ এজন গুৰুত্বপূৰ্ণ তাৰকা পল পগবাৰ ডাঙৰ ভাতৃ ফ্লোৰেণ্টিন। অৱশ্যে পল পগবাৰ দৰে ফ্লোৰেণ্টিনে ফ্ৰান্সৰ হৈ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত নেখেলে। আন্ত:ৰাষ্ট্ৰীয় ফুটবলত ফ্লোৰেণ্টিনে প্ৰতিনিধিত্ব কৰে নিজৰ দেশ গিনিক। ফ্ৰেঞ্চ লীগৰ দ্বিতীয় ডিভিজনৰ ক্লাব এফ চি চোচাক্স-মণ্টবেলিয়াৰ্ডৰৰ পৰা দুবছৰীয়া চুক্তিত ফ্লোৰেণ্টিনে এটিকে মোহন বাগানত যোগদান কৰিছে। 

৩১ বছৰীয়া ৬.৪ ইঞ্চি উচ্চতাৰ ফ্লোৰেণ্টিনে চেণ্টাৰ বেকৰ দৰে গুৰুত্বপূৰ্ণ স্থানত খেলে। পেছাদাৰী কেৰিয়াৰত ফ্লোৰেণ্টিন পগবাই কেইবাটাও ক্লাবৰ হৈ খেলিছে। এফ চি চোচাক্সৰ হৈ খেলাৰ পূৰ্বে ফ্লোৰেণ্টিনে ছয় বছৰ লীগ ১ ক্লাৱ ছেইণ্ট এটিনৰ অংশ আছিল। ইয়াৰ পিছত তেওঁ লোণত আন এটা ফৰাচী ক্লাব চেডানলৈ যায়। ২০১৮ চনত পগবাই তুৰ্কীৰ দল জেনচেলাৰবিৰলিগি এছ.কে.- ৰ সৈতে চুক্তিবদ্ধ হয়। কিন্তু এণ্টালিয়াস্পৰৰ বিপক্ষে তুৰ্কী চুপাৰ লিগৰ পৰাজয়ৰ পিছত তেওঁৰ সতীৰ্থসকলৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ পিছত তেওঁ ক্লাব ত্যাগ কৰে।

তুৰ্কী এৰাৰ পিছতে ফ্লোৰেণ্টিন পগবাই এটা ছিজনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেজৰ লীগ ছকাৰৰ ক্লাৱ  আটলাণ্টা ইউনাইটেডৰ হৈ ভাগ লয়। এমএলএছ- ত পগবাই ক্লাবটোৰ হৈ ইউএছ অপেন কাপ আৰু কেম্পেওনেছ কাপ জয় কৰে।  এই দুটাই আছিল তেওঁৰ পেছাদাৰী কেৰিয়াৰৰ প্ৰথম দুটা মুখ্য খিতাপ। ইয়াৰ পিছতে পগবা চোচাক্সৰ সৈতে চুক্তিবদ্ধ হয়। চোচাক্সৰ হৈ দুটা ছিজনত ৬২ খন খেলত ভাগ লয় খেলুৱৈগৰাকীয়ে। উল্লেখ্য যে গিনি ৰাষ্ট্ৰীয় দললৈ যোৱাৰ পূৰ্বে ফ্লোৰেণ্টিন পগবাই ফ্ৰান্সৰ অনুৰ্ধ-২০ ৰাষ্ট্ৰীয় দলকো প্ৰতিনিধিত্ব কৰিছিল।

চলিত চিজনৰ বাবে পগবাৰ উপৰিও এটিকে মোহন বাগানে এছিয়ান চেম্পিয়নছ লীগৰ প্ৰাক্তন খিতাপ জয়ী খেলুৱৈ ব্ৰেণ্ডন হামিল, বেংগালুৰু এফ চিৰ পৰা আশিক কুৰুনিয়ান আৰু আই এছ এল চেম্পিয়ন হায়দৰাবাদ এফ চিৰ পৰা আশীষ ৰায়কো নতুনকৈ চুক্তিবদ্ধ কৰিছে। উল্লেখ্য যে এটিকে মোহন বাগান দলে আইএছএলৰ ২০২০-২১ সংস্কৰণত ৰানাৰ্ছ-আপ সন্মান অৰ্জন কৰাৰ বিপৰীতে যোৱাটো চিজনত লীগ পৰ্যায়ত তৃতীয় স্থান লাভ কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ