--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডাবলিনৰ মালাহাইড ক্ৰিকেট ক্লাব ওৰফে দ্য ভিলেজত প্ৰথম টি-২০ত মুখামুখি হৈছিল ভাৰত-আয়াৰলেণ্ড। বৰষুণে বিধি-পথালি দিয়া খেলখনত ভাৰতে ৬ উইকেটত জয়লাভ কৰি দুখন মেচৰ শৃংখলাত ১-০ ৰ ব্যৱধানত অগ্ৰগতি লৈছে। ভাৰতীয় দলৰ টি-২০ অধিনায়ক হিচাপে অভিষেক ঘটা হার্দিক পাণ্ডিয়াই এই জয়েৰে গঢ়িটছে অভিলেখ। কেৱল সেয়াই নহয়, বৰোদাৰ তাৰকা অলৰাউণ্ডাৰ গৰাকীয়ে ৰচনা কৰিলে এক অনন্য ইতিহাস।

বেট-বলে উজলি উঠিল হাৰ্দিক পাণ্ডিয়া। ২ অ’ভাৰ বলিং কৰি ১টা উইকেট দখল কৰে হাৰ্দিকে। তদুপৰি ১২ বলত ২৪ ৰান কৰে হাৰ্দিকে আৰু এই এটা উইকেটৰ বাবেই হার্দিকে এক অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে, হার্দিকে উইকেট দখল কৰা প্রথমজন ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হয়৷ মেচখনৰ দ্বিতীয় অ’ভাৰত আয়াৰলেণ্ডৰ ওপেনাৰ পল ষ্টাৰলিং পেভেলীয়নমুখী হয় হাৰ্দিকৰ বলত। 

ইফালে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কে এল ৰাহুলৰ পৰিৱৰ্তে ঋষভ পণ্টক দিয়া হৈছিল নেতৃত্বৰ ভাৰ। হাৰ্দিক আছিল সহ-অধিনায়ক। আয়াৰলেণ্ডৰ বিৰুদ্ধে এইবাৰ অধিনায়ক হার্দিক৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা দলটোৱে আয়াৰলেণ্ডলৈ উৰা মাৰিছে। পণ্টৰ পৰিৱৰ্তে দলটোত আছে দুজন উইকেটৰক্ষক- ঈশান কিষাণ আৰু দীনেশ কাৰ্তিক। প্রথমখন মেচত উজলি উঠিল হার্দিক৷ এইবাৰ দ্বিতীয়খন টি-২০ত হাৰ্দিকৰ নেতৃত্বত দলটোৱে জয়ৰ মুখ দেখে নে নাই সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ