--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডাবলিনৰ মালাহাইড ক্ৰিকেট ক্লাব ওৰফে দ্য ভিলেজত প্ৰথম টি-২০ত মুখামুখি হৈছিল ভাৰত-আয়াৰলেণ্ড। বৰষুণে বিধি-পথালি দিয়া খেলখনত ভাৰতে ৬ উইকেটত জয়লাভ কৰি দুখন মেচৰ শৃংখলাত ১-০ ৰ ব্যৱধানত অগ্ৰগতি লৈছে। ভাৰতীয় দলৰ টি-২০ অধিনায়ক হিচাপে অভিষেক ঘটা হার্দিক পাণ্ডিয়াই এই জয়েৰে গঢ়িটছে অভিলেখ। কেৱল সেয়াই নহয়, বৰোদাৰ তাৰকা অলৰাউণ্ডাৰ গৰাকীয়ে ৰচনা কৰিলে এক অনন্য ইতিহাস।

বেট-বলে উজলি উঠিল হাৰ্দিক পাণ্ডিয়া। ২ অ’ভাৰ বলিং কৰি ১টা উইকেট দখল কৰে হাৰ্দিকে। তদুপৰি ১২ বলত ২৪ ৰান কৰে হাৰ্দিকে আৰু এই এটা উইকেটৰ বাবেই হার্দিকে এক অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে, হার্দিকে উইকেট দখল কৰা প্রথমজন ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হয়৷ মেচখনৰ দ্বিতীয় অ’ভাৰত আয়াৰলেণ্ডৰ ওপেনাৰ পল ষ্টাৰলিং পেভেলীয়নমুখী হয় হাৰ্দিকৰ বলত। 

ইফালে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কে এল ৰাহুলৰ পৰিৱৰ্তে ঋষভ পণ্টক দিয়া হৈছিল নেতৃত্বৰ ভাৰ। হাৰ্দিক আছিল সহ-অধিনায়ক। আয়াৰলেণ্ডৰ বিৰুদ্ধে এইবাৰ অধিনায়ক হার্দিক৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা দলটোৱে আয়াৰলেণ্ডলৈ উৰা মাৰিছে। পণ্টৰ পৰিৱৰ্তে দলটোত আছে দুজন উইকেটৰক্ষক- ঈশান কিষাণ আৰু দীনেশ কাৰ্তিক। প্রথমখন মেচত উজলি উঠিল হার্দিক৷ এইবাৰ দ্বিতীয়খন টি-২০ত হাৰ্দিকৰ নেতৃত্বত দলটোৱে জয়ৰ মুখ দেখে নে নাই সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু