--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিমান দিন আই পি এল খেলিব মহেন্দ্ৰ সিং ধোনীয়ে? ক্ৰিকেট প্ৰেমীৰ এটা অংশই বিশ্বাস কৰে যে ভাৰতৰ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে ২০২৪ চনত খেলৰ পৰা অৱসৰ ল’ব পাৰে। ধোনীৰ অতি ঘনিষ্ঠ ব্যক্তি এজনে আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে কৈছে যে চেন্নাইৰ অধিনায়কগৰাকীক আৰু কিমান দিন ফ্ৰেঞ্চাইজি টি-২০ লীগত দেখা যাব।

যোৱা বছৰ ধোনিৰ নেতৃত্বত চেন্নাই ছুপাৰ কিংছে পঞ্চমবাৰৰ বাবে আই পি এলত জয়লাভ কৰিছিল। এইবাৰো তেওঁ চেন্নাইক নেতৃত্ব দিব। যোৱাবাৰ আঁঠুৰ আঘাতৰ বাবে ধোনীয়ে খেলিছিল। এইবাৰ অস্ত্ৰোপচাৰৰ পিছত ফিট হৈ পৰিছে। চেন্নাইৰ অধিনায়কগৰাকীৰ ফিটনেছে তেওঁৰ শৈশৱৰ বন্ধু পৰমজিৎ সিঙক আশাবাদী কৰি ৰাখিছে।

পৰমজিতৰ ৰাঞ্চিত ক্ৰীড়া সামগ্ৰীৰ দোকান আছে। এবাৰ ধোনীক সহায় কৰিছিল। ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে বন্ধুৰ অনুগ্ৰহ পাহৰা নাছিল। কিছুদিন আগতে পৰমজিতৰ কোম্পানীৰ ষ্টীকাৰ বেটেৰে অনুশীলন কৰা হৈছিল। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। তেতিয়াই ক্ৰিকেট প্ৰেমীসকলে ধোনিৰ ঘনিষ্ঠ বন্ধুৰ কথা জানিব পাৰিলে।

ধোনী য’তেই নাথাকক কিয়, পৰমজিতৰ সৈতে তেওঁৰ নিয়মীয়া যোগাযোগ। পৰমজিতৰ প্ৰিয় বন্ধুক লৈও গৌৰৱ। তেওঁ কয়, ‘মই নাভাবো যে এইটো ধোনীৰ আই পি এলৰ শেষ ছিজন। ধোনী এতিয়াও যথেষ্ট ফিট হৈ আছে। মই ভাবো তেওঁ আৰু এবছৰ বা দুবছৰ সহজে খেলিব পাৰিব। আৰু এবছৰ খেলিব। কাৰণ এই বয়সতো ধোনীৰ ফিটনেছ বৰ ভাল।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু