--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিমান দিন আই পি এল খেলিব মহেন্দ্ৰ সিং ধোনীয়ে? ক্ৰিকেট প্ৰেমীৰ এটা অংশই বিশ্বাস কৰে যে ভাৰতৰ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে ২০২৪ চনত খেলৰ পৰা অৱসৰ ল’ব পাৰে। ধোনীৰ অতি ঘনিষ্ঠ ব্যক্তি এজনে আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে কৈছে যে চেন্নাইৰ অধিনায়কগৰাকীক আৰু কিমান দিন ফ্ৰেঞ্চাইজি টি-২০ লীগত দেখা যাব।

যোৱা বছৰ ধোনিৰ নেতৃত্বত চেন্নাই ছুপাৰ কিংছে পঞ্চমবাৰৰ বাবে আই পি এলত জয়লাভ কৰিছিল। এইবাৰো তেওঁ চেন্নাইক নেতৃত্ব দিব। যোৱাবাৰ আঁঠুৰ আঘাতৰ বাবে ধোনীয়ে খেলিছিল। এইবাৰ অস্ত্ৰোপচাৰৰ পিছত ফিট হৈ পৰিছে। চেন্নাইৰ অধিনায়কগৰাকীৰ ফিটনেছে তেওঁৰ শৈশৱৰ বন্ধু পৰমজিৎ সিঙক আশাবাদী কৰি ৰাখিছে।

পৰমজিতৰ ৰাঞ্চিত ক্ৰীড়া সামগ্ৰীৰ দোকান আছে। এবাৰ ধোনীক সহায় কৰিছিল। ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে বন্ধুৰ অনুগ্ৰহ পাহৰা নাছিল। কিছুদিন আগতে পৰমজিতৰ কোম্পানীৰ ষ্টীকাৰ বেটেৰে অনুশীলন কৰা হৈছিল। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। তেতিয়াই ক্ৰিকেট প্ৰেমীসকলে ধোনিৰ ঘনিষ্ঠ বন্ধুৰ কথা জানিব পাৰিলে।

ধোনী য’তেই নাথাকক কিয়, পৰমজিতৰ সৈতে তেওঁৰ নিয়মীয়া যোগাযোগ। পৰমজিতৰ প্ৰিয় বন্ধুক লৈও গৌৰৱ। তেওঁ কয়, ‘মই নাভাবো যে এইটো ধোনীৰ আই পি এলৰ শেষ ছিজন। ধোনী এতিয়াও যথেষ্ট ফিট হৈ আছে। মই ভাবো তেওঁ আৰু এবছৰ বা দুবছৰ সহজে খেলিব পাৰিব। আৰু এবছৰ খেলিব। কাৰণ এই বয়সতো ধোনীৰ ফিটনেছ বৰ ভাল।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ