--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে ৰাঁচী টেষ্টত জয়লাভ কৰাৰ দুদিন পিছত আইচিচিৰ নতুন টেষ্ট ক্ৰিকেট ৰেংকিঙত ভাৰতীয় ক্ৰিকেটাৰসকলৰ যথেষ্ট উন্নতি হৈছে। শুবমান গিল, ধ্ৰুৱ জুৰেল, ইয়াছৱী জয়ছৱালৰ দৰে যুৱ ক্ৰিকেটাৰে ৰেংকিঙত অগ্ৰগতি লাভ কৰিছে। 

ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাত এতিয়ালৈকে সৰ্বাধিক ৰান সংগ্ৰহ কৰা যশ্ছৱীয়ে বেটছমেনৰ তালিকাৰ দ্বাদশ স্থানলৈ তিনি খোজ আগুৱাই গৈছে। এই তালিকাত চাৰি খোজ আগুৱাই ৩১ নম্বৰ স্থানত আছে শুবমান। ৰাঁচী টেষ্টৰ শ্ৰেষ্ঠ উইকেটকীপাৰ বেটছমেন জুৰেলে বেটছমেনৰ ৰেংকিঙত ৬৯ নম্বৰ স্থানত আছে।

ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজত নেখেলা বিৰাট কোহলীয়ে দুটা স্থান হ্ৰাস কৰি নৱম স্থান লাভ কৰে। ভাৰতীয় দলৰ অধিনায়কগৰাকীয়ে এটা স্থান হ্ৰাস কৰি ত্ৰয়োদশ স্থানত উপনীত হৈছে। এবছৰতকৈও অধিক সময় খেলপথাৰৰ বাহিৰত থকা ঋষভ পণ্টে টেষ্ট বেটছমেনৰ তালিকাত ১৪ নম্বৰ স্থান অক্ষুণ্ণ ৰাখিছে। এই তালিকাৰ শীৰ্ষত আছে নিউজিলেণ্ডৰ কেন উইলিয়ামছন।

টেষ্ট ক্ৰিকেটৰ বলাৰৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে যশপ্ৰীত বুমৰাহ। চতুৰ্থ টেষ্টৰ বাবে তেওঁক জিৰণি দিয়া হয়। দ্বিতীয় স্থানতো অক্ষুণ্ণ ৰাখিছে ৰবিচন্দ্ৰন অশ্বিনে। ছয় নম্বৰত আছে ৰবীন্দ্ৰ জাডেজা। ৩২ নম্বৰ স্থানত ১০ স্থান আগবাঢ়ি আছে কুলদীপ যাদৱ। শীৰ্ষ ১০ গৰাকী টেষ্ট অলৰাউণ্ডাৰৰ ভিতৰত তিনিগৰাকী ভাৰতৰ। জাদেজা আৰু অশ্বিনে ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান অক্ষুণ্ণ ৰাখিছে। অক্ষৰ পেটেলে এখোজ তললৈ নামি পঞ্চম স্থান লাভ কৰে।

ইংৰাজী ক্ৰিকেটাৰৰ কেইবাগৰাকীও ক্ৰিকেটাৰে ৰেংকিঙত উন্নতি সাধন কৰিছে। অ’পেনাৰ জেক ক্ৰ’লিয়ে বেটছমেনৰ ক্ৰমত ১০টা স্থান বৃদ্ধি কৰি ১৭ নম্বৰ স্থান লাভ কৰিছে। তৃতীয় স্থানত দুখোজ আগবাঢ়ি আছে জো ৰুট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ