--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : ক’ভিড সংক্ৰমণৰ ভয়াৱহতাই দেশক একপ্ৰকাৰ ব্যতিব্যস্ত কৰি ৰাখিছে। তাৰ মাজতে কেইবাটাও শোকাৱহ দুৰ্ঘটনাই প্ৰাণ কাঢ়িছে ভালেমান চিকিৎসাধীন ক’ভিড আক্ৰান্তৰ। মহাৰাষ্ট্ৰত অক্সিজেন নিৰ্গমনৰ ফলত হোৱা দুৰ্ঘটনাৰ বাবে ২৫জনকৈ চিকিৎসাধীন ৰোগীৰ মৃত্যু হোৱাৰ এদিনৰ পাছতে পুনৰ শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যখনত। মহাৰাষ্ট্ৰৰ ৱিৰাৰৰ এখন হাস্পতালৰ আইচিইউত সংঘটিত অগ্নিকাণ্ডৰ ফলত ১৩জনকৈ কৰ’না আক্ৰান্তৰ মৃত্যু হয়।

আৰু পঢ়িব পাৰিব: ক’ভিড টেষ্ট নকৰাৰকৈ বিমান বন্দৰৰপৰা পলায়ন ৩৮৫জন যাত্ৰী

মুম্বাইৰ পৰা ৭০ কিলোমিটাৰ আঁতৰৰ ঠাইখনত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে। বিজয় বল্লভ হাস্পতালৰ দ্বিতীয় মহলাত থকা আইচিইউত পুৱা ৩বজাত অগ্নিকাণ্ডৰ সূ্ত্ৰপাত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত চিকিৎসালয়খনত কমেও ৯০জন ৰোগী চিকিৎসাধীন হৈ আছিল বুলি প্ৰকাশ কৰিছে হাস্পতালখনৰ মুখ্য কাৰ্যবাহী বিষয়া দিলীপ শ্বাহে।

আৰু পঢ়িব পাৰিব: দেশজুৰি অব্যাহত আছে কৰ’নাৰ কালৰূপ

এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে পালঘৰ জিলাৰ হাস্পতালখনত হুৱাদুৱা লাগে আৰু ৰোগীৰ আত্মীয়ই নিজৰ প্ৰিয়জনক বিচাৰি হাস্পতালখনত অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনা সম্পৰ্কত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ এই দুৰ্ঘটনাক অতি কৰুণ আখ্যা দিয়াৰ লগতে দুৰ্ঘটনাত নিহত সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে আৰু আহতসকলৰ আৰোগ্য কামনা কৰে। মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেইও এই ঘটনাক লৈ উদ্বেগ তথা শোক ব্যক্ত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু