--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : ক’ভিড সংক্ৰমণৰ ভয়াৱহতাই দেশক একপ্ৰকাৰ ব্যতিব্যস্ত কৰি ৰাখিছে। তাৰ মাজতে কেইবাটাও শোকাৱহ দুৰ্ঘটনাই প্ৰাণ কাঢ়িছে ভালেমান চিকিৎসাধীন ক’ভিড আক্ৰান্তৰ। মহাৰাষ্ট্ৰত অক্সিজেন নিৰ্গমনৰ ফলত হোৱা দুৰ্ঘটনাৰ বাবে ২৫জনকৈ চিকিৎসাধীন ৰোগীৰ মৃত্যু হোৱাৰ এদিনৰ পাছতে পুনৰ শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যখনত। মহাৰাষ্ট্ৰৰ ৱিৰাৰৰ এখন হাস্পতালৰ আইচিইউত সংঘটিত অগ্নিকাণ্ডৰ ফলত ১৩জনকৈ কৰ’না আক্ৰান্তৰ মৃত্যু হয়।

আৰু পঢ়িব পাৰিব: ক’ভিড টেষ্ট নকৰাৰকৈ বিমান বন্দৰৰপৰা পলায়ন ৩৮৫জন যাত্ৰী

মুম্বাইৰ পৰা ৭০ কিলোমিটাৰ আঁতৰৰ ঠাইখনত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে। বিজয় বল্লভ হাস্পতালৰ দ্বিতীয় মহলাত থকা আইচিইউত পুৱা ৩বজাত অগ্নিকাণ্ডৰ সূ্ত্ৰপাত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত চিকিৎসালয়খনত কমেও ৯০জন ৰোগী চিকিৎসাধীন হৈ আছিল বুলি প্ৰকাশ কৰিছে হাস্পতালখনৰ মুখ্য কাৰ্যবাহী বিষয়া দিলীপ শ্বাহে।

আৰু পঢ়িব পাৰিব: দেশজুৰি অব্যাহত আছে কৰ’নাৰ কালৰূপ

এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে পালঘৰ জিলাৰ হাস্পতালখনত হুৱাদুৱা লাগে আৰু ৰোগীৰ আত্মীয়ই নিজৰ প্ৰিয়জনক বিচাৰি হাস্পতালখনত অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনা সম্পৰ্কত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ এই দুৰ্ঘটনাক অতি কৰুণ আখ্যা দিয়াৰ লগতে দুৰ্ঘটনাত নিহত সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে আৰু আহতসকলৰ আৰোগ্য কামনা কৰে। মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেইও এই ঘটনাক লৈ উদ্বেগ তথা শোক ব্যক্ত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ