--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ক’ভিড কাঢ়ি নিয়ে ভাৰতীয় সংগীত জগতৰ এগৰাকী তাৰকাক। দেশত ক’ভিড ত্ৰাস আৰম্ভ হোৱাৰে পৰা ভালেমান বৰেণ্য ব্যক্তিয়ে হাৰ মানিবলগীয়া হৈছে ক’ভিডৰে যুঁজত। এইবাৰ এই তালিকাত যোগ হৈছে আন এগৰাকী তাৰকাৰ নাম। বৃহস্পতিবাৰে ক’ভিডৰে যুঁজত হাৰ মানিলে সংগীত পৰিচালক শ্ৰাৱন ৰাথোৰে।

আৰু পঢ়িব পাৰিব: পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি! ঠিকাদাৰৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

হিন্দী ছবিজগতৰ ‘আইকনিক’ নাদিম-শ্ৰাৱন যুটিৰ এই অবিচ্ছেদ্য অংগক কাঢ়ি নিলে কৰ’না মহামাৰীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৬৬বছৰ হৈছিল। প্ৰখ্যাত সংগীত পৰিচালকগৰাকীৰ মৃত্যুৰ বাতৰি তেওঁৰ পুত্ৰ সঞ্জীৱ ৰাথোৰে নিশ্চিত কৰিছে। শোকস্তব্ধ পুত্ৰ তথা সংগীতশিল্পী সঞ্জীৱ ৰাথোৰে প্ৰকাশ কৰে যে, ‘কালি নিশা ১০.১৫বজাত তেওঁৰ মৃত্যু ঘটে। তেওঁৰ আত্মাৰ সদগতিৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰে যেন।’

আৰু পঢ়িব পাৰিব: বৰপেটাতো কৰ’নাৰ বিভীষিকা! মৃত্যু এজনৰ

ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ পাছত শ্ৰাৱন ৰাথোৰক মুম্বাইৰ এছ এল ৰাহেজা হাস্পতালত সংকটজনক অৱস্থাত ভৰ্তি কৰোঁৱা হৈছিল। তেওঁৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতে সংগীত জগতৰ বিভিন্নজন ৰথী মহাৰথীয়ে শোক প্ৰকাশ কৰিছে। হিন্দী ছবিজগতক ৯০ দশকত অতুলনীয় সংগীতৰ ভাণ্ডাৰ উপহাৰ দি যোৱা শিল্পীগৰাকীৰ মৃত্যু দেশৰ বাবে অপূৰণীয় ক্ষতি হিচাপে বিবেচিত হৈ ৰ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ