--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ক’ভিড কাঢ়ি নিয়ে ভাৰতীয় সংগীত জগতৰ এগৰাকী তাৰকাক। দেশত ক’ভিড ত্ৰাস আৰম্ভ হোৱাৰে পৰা ভালেমান বৰেণ্য ব্যক্তিয়ে হাৰ মানিবলগীয়া হৈছে ক’ভিডৰে যুঁজত। এইবাৰ এই তালিকাত যোগ হৈছে আন এগৰাকী তাৰকাৰ নাম। বৃহস্পতিবাৰে ক’ভিডৰে যুঁজত হাৰ মানিলে সংগীত পৰিচালক শ্ৰাৱন ৰাথোৰে।

আৰু পঢ়িব পাৰিব: পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি! ঠিকাদাৰৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

হিন্দী ছবিজগতৰ ‘আইকনিক’ নাদিম-শ্ৰাৱন যুটিৰ এই অবিচ্ছেদ্য অংগক কাঢ়ি নিলে কৰ’না মহামাৰীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৬৬বছৰ হৈছিল। প্ৰখ্যাত সংগীত পৰিচালকগৰাকীৰ মৃত্যুৰ বাতৰি তেওঁৰ পুত্ৰ সঞ্জীৱ ৰাথোৰে নিশ্চিত কৰিছে। শোকস্তব্ধ পুত্ৰ তথা সংগীতশিল্পী সঞ্জীৱ ৰাথোৰে প্ৰকাশ কৰে যে, ‘কালি নিশা ১০.১৫বজাত তেওঁৰ মৃত্যু ঘটে। তেওঁৰ আত্মাৰ সদগতিৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰে যেন।’

আৰু পঢ়িব পাৰিব: বৰপেটাতো কৰ’নাৰ বিভীষিকা! মৃত্যু এজনৰ

ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ পাছত শ্ৰাৱন ৰাথোৰক মুম্বাইৰ এছ এল ৰাহেজা হাস্পতালত সংকটজনক অৱস্থাত ভৰ্তি কৰোঁৱা হৈছিল। তেওঁৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতে সংগীত জগতৰ বিভিন্নজন ৰথী মহাৰথীয়ে শোক প্ৰকাশ কৰিছে। হিন্দী ছবিজগতক ৯০ দশকত অতুলনীয় সংগীতৰ ভাণ্ডাৰ উপহাৰ দি যোৱা শিল্পীগৰাকীৰ মৃত্যু দেশৰ বাবে অপূৰণীয় ক্ষতি হিচাপে বিবেচিত হৈ ৰ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু