--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱন-মৃত্যুৰ সন্ধিক্ষণত পাকিস্তানৰ কিংবদন্তী ক্ৰিকেটাৰ জহীৰ আব্বাছ। কৰ’নাক্ৰান্ত হোৱাৰ পাছত ইংলেণ্ডৰ পেডিংটনস্থিত ছেইণ্ট মেৰীজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল জহীৰ আব্বাছক। মঙলবাৰে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত আইচিইউত ভৰ্তি কৰোৱা হয়।

মন কৰিবলগীয়া যে, ডুবাইৰ পৰা লণ্ডনলৈ যোৱাৰ পথত কৰ’নাত আক্ৰান্ত হৈছিল জহীৰ আব্বাছ। লণ্ডনত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ বৃক্কত বিষ অনুভৱ হয়। নিউমোনিয়াও ধৰা পৰে।

জহীৰ আব্বাছৰ পৰিয়ালে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছে সকলোকে। 

স্মৰ্তব্য যে, ১৯৬৯ চনৰ পৰা ১৯৮৫ চনলৈ ১৬ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত জহীৰ আব্বাছে পাকিস্তানৰ হৈ ৭৮ খন টেষ্ট আৰু ৬২ খন এদিনীয়া খেল খেলিছিল। ২০টা অৰ্ধশতক আৰু ১২টা শতককে ধৰি টেষ্ট ক্ৰিকেটত ৫০৬২ ৰানৰ বিপৰীতে এদিনীয়াত ৭টা শতকীয় ইনিংছ আৰু ১৩টা অৰ্ধশতক আছে এইগৰাকী ক্ৰিকেটাৰৰ নামত। এদিনীয়াত তেওঁৰ মুঠ ৰান ২৫৭২।

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৩৫ হাজাৰ ৰান সংগ্ৰহ কৰিছিল জহীৰ আব্বাছে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত শতক অৰ্জন কৰা এছিয়াৰ একমাত্ৰ বেটছমেন হিচাপে কৃতিত্ব অৰ্জন কৰিছিল তেওঁ। সেইবাবে এছিয়াৰ ব্ৰেডমেন বুলিও অভিহত কৰা হয় জহীৰ আব্বাছক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু