--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱন-মৃত্যুৰ সন্ধিক্ষণত পাকিস্তানৰ কিংবদন্তী ক্ৰিকেটাৰ জহীৰ আব্বাছ। কৰ’নাক্ৰান্ত হোৱাৰ পাছত ইংলেণ্ডৰ পেডিংটনস্থিত ছেইণ্ট মেৰীজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল জহীৰ আব্বাছক। মঙলবাৰে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত আইচিইউত ভৰ্তি কৰোৱা হয়।

মন কৰিবলগীয়া যে, ডুবাইৰ পৰা লণ্ডনলৈ যোৱাৰ পথত কৰ’নাত আক্ৰান্ত হৈছিল জহীৰ আব্বাছ। লণ্ডনত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ বৃক্কত বিষ অনুভৱ হয়। নিউমোনিয়াও ধৰা পৰে।

জহীৰ আব্বাছৰ পৰিয়ালে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছে সকলোকে। 

স্মৰ্তব্য যে, ১৯৬৯ চনৰ পৰা ১৯৮৫ চনলৈ ১৬ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত জহীৰ আব্বাছে পাকিস্তানৰ হৈ ৭৮ খন টেষ্ট আৰু ৬২ খন এদিনীয়া খেল খেলিছিল। ২০টা অৰ্ধশতক আৰু ১২টা শতককে ধৰি টেষ্ট ক্ৰিকেটত ৫০৬২ ৰানৰ বিপৰীতে এদিনীয়াত ৭টা শতকীয় ইনিংছ আৰু ১৩টা অৰ্ধশতক আছে এইগৰাকী ক্ৰিকেটাৰৰ নামত। এদিনীয়াত তেওঁৰ মুঠ ৰান ২৫৭২।

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৩৫ হাজাৰ ৰান সংগ্ৰহ কৰিছিল জহীৰ আব্বাছে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত শতক অৰ্জন কৰা এছিয়াৰ একমাত্ৰ বেটছমেন হিচাপে কৃতিত্ব অৰ্জন কৰিছিল তেওঁ। সেইবাবে এছিয়াৰ ব্ৰেডমেন বুলিও অভিহত কৰা হয় জহীৰ আব্বাছক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ