--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কৰ’না মাৰন ভাইৰাছৰ ত্ৰাসত সমগ্ৰ বিশ্ব। ইয়াৰ মাজতে কৰ’না মহামাৰীৰ তৃতীয় ঢৌৰ আশংকা ক্ৰমাত বৃদ্ধি পাইছে। বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো কৰ’নাৰ বাবে বহুলোক মৃত্যুৰ মুখত পৰিছে। বিশ্বত কৰ’নাৰ দামামাৰ মাজতে এনে কেইখনমান দেশ আছে য’ত কৰ’নাই অনাহূত পৰিস্থিতিৰ সৃষ্টি পৰা নাই। ইয়াৰে ভিতৰত অন্যতম দেশ আইচলেণ্ড। আইচলেণ্ডৰ স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি, সম্প্ৰতি দেশখনত কৰ’নাক্ৰান্তৰ সংখ্যা মাত্ৰ ৬০জন। আচৰ্যজনক যে, চলিত বৰ্ষত দেশখনত ক’ভিডত মৃত্যু হৈছে মাত্ৰ ১জনৰ। সমগ্ৰ ইউৰোপৰ ভিতৰত কেৱল আইচলেণ্ডতে মৃত্যুৰ সৰ্বনিম্ন হাৰ।

কৰ’না নিয়ন্ত্ৰণৰ বাবে বিগত ৬মাহত আইচলেণ্ডে কেতবোৰ প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে। আইচলেণ্ডত এসপ্তাহ পূৰ্বে কৰ’নাক্ৰান্তৰ সংখ্যা আছিল ৩০জন। সম্প্ৰতি এই সংখ্যা ৬০জনলৈ বৃদ্ধি পাইছে। ৩লাখ ৬০হাজাৰ জনসংখ্যাৰ দেশখনত মুঠ কৰ’নাত আক্ৰান্তৰ সংখ্যা ৬হাজাৰ ৬৩৭। মৃত্যু হৈছে ৩০জনৰ।

জানিবলৈ পোৱা মতে, কৰ’নাৰ নতুন প্ৰকাৰ ডেলটা ভেৰিয়েণ্টৰ উপস্থিতি ধৰা পৰিছে আইচলেণ্ডত। দুগৰাকী ব্যক্তি ডেলটা ভেৰিয়েণ্টত আক্ৰান্ত হৈছে। দেশখনৰ সৰহভাগ লোকে ক’ভিড টিকা গ্ৰহণ কৰিছে। ফলত পৰিস্থিতিৰ অধিক অৱনতি নঘটাৰ আশা প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ