--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনাই সদনত সৃষ্টি হ’ল অবাঞ্চিত পৰিস্থিতিৰ। প্ৰধানমন্ত্ৰী মোদীয়ে আনকি তেওঁৰ মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত হোৱা মন্ত্ৰীসকলকো চিনাকি কৰি দিবলৈ সক্ষম নহ’ল। তেওঁ মন্ত্ৰীসকলক চিনাকি কৰি দিবলৈ লওঁতেই বিৰোধীয়ে বিভিন্ন শ্লোগান দিবলৈ আৰম্ভ কৰে। দামবৃদ্ধি, কৃষকৰ প্ৰতিবাদৰ প্ৰসংগৰে শ্লোগান দিবলৈ আৰম্ভ কৰে বিৰোধী দলসমূহে। এনে পৰিস্থিতিত উচ্চ আৰু নিম্ন সদনৰ কাম-কাজ স্থগিত ৰাখিবলগীয়া হয়। প্ৰধানমন্ত্ৰী মোদীয়ে পৰম্পৰাগতভাৱে তেওঁৰ ভাষণ আৰম্ভ কৰে আৰু বিৰোধীক কঠিনতম প্ৰশ্ন সুধিবলৈ আহ্বান জনায়।

কিন্তু এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চৰকাৰক যাতে সুযোগ দিয়ে তাৰ বাবে তেওঁ বিৰোধীক আবেদন জনায়। কিন্তু প্ৰধানমন্ত্ৰীৰ ভাষণৰ মাজতে বিৰোধীয়ে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাত তেওঁ আধাতে ভাষণ সামৰিবলৈ বাধ্য হৈ পৰে। বিৰোধীৰ এই বাধাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মোদীয়ে কয়, ‘সম্ভৱতঃ দেশৰ মহিলা, পিছপৰা শ্ৰেণীৰ লোক, কৃষকৰ সন্তান মন্ত্ৰী হোৱা কথাটো কিছুমান লোকে ভাল পোৱা নাই। সেইবাবে তেওঁলোকে এইসকল মন্ত্ৰীক চিনাকি কৰি দিবলৈও সুযোগ দিয়া নাই।’ বিৰোধীৰ এই ভূমিকাক শাসকীয় দলটোৱে সমালোচনা কৰিছে। প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে বিৰোধীক সমালোচনা কৰি কয় যে, এনে পৰিস্থিতি মোৰ ২৪বছৰীয়া সংসদীয় জীৱনত কেতিয়াও সংঘটিত হোৱা নাছিল।’ বিৰোধীৰ এই ভূমিকাক তেওঁ সংসদৰ বাবে ‘অস্বাস্থ্যকৰ’ আৰু দুৰ্ভাগ্যজনক আখ্যা দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু