--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনাই সদনত সৃষ্টি হ’ল অবাঞ্চিত পৰিস্থিতিৰ। প্ৰধানমন্ত্ৰী মোদীয়ে আনকি তেওঁৰ মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত হোৱা মন্ত্ৰীসকলকো চিনাকি কৰি দিবলৈ সক্ষম নহ’ল। তেওঁ মন্ত্ৰীসকলক চিনাকি কৰি দিবলৈ লওঁতেই বিৰোধীয়ে বিভিন্ন শ্লোগান দিবলৈ আৰম্ভ কৰে। দামবৃদ্ধি, কৃষকৰ প্ৰতিবাদৰ প্ৰসংগৰে শ্লোগান দিবলৈ আৰম্ভ কৰে বিৰোধী দলসমূহে। এনে পৰিস্থিতিত উচ্চ আৰু নিম্ন সদনৰ কাম-কাজ স্থগিত ৰাখিবলগীয়া হয়। প্ৰধানমন্ত্ৰী মোদীয়ে পৰম্পৰাগতভাৱে তেওঁৰ ভাষণ আৰম্ভ কৰে আৰু বিৰোধীক কঠিনতম প্ৰশ্ন সুধিবলৈ আহ্বান জনায়।

কিন্তু এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চৰকাৰক যাতে সুযোগ দিয়ে তাৰ বাবে তেওঁ বিৰোধীক আবেদন জনায়। কিন্তু প্ৰধানমন্ত্ৰীৰ ভাষণৰ মাজতে বিৰোধীয়ে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাত তেওঁ আধাতে ভাষণ সামৰিবলৈ বাধ্য হৈ পৰে। বিৰোধীৰ এই বাধাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মোদীয়ে কয়, ‘সম্ভৱতঃ দেশৰ মহিলা, পিছপৰা শ্ৰেণীৰ লোক, কৃষকৰ সন্তান মন্ত্ৰী হোৱা কথাটো কিছুমান লোকে ভাল পোৱা নাই। সেইবাবে তেওঁলোকে এইসকল মন্ত্ৰীক চিনাকি কৰি দিবলৈও সুযোগ দিয়া নাই।’ বিৰোধীৰ এই ভূমিকাক শাসকীয় দলটোৱে সমালোচনা কৰিছে। প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে বিৰোধীক সমালোচনা কৰি কয় যে, এনে পৰিস্থিতি মোৰ ২৪বছৰীয়া সংসদীয় জীৱনত কেতিয়াও সংঘটিত হোৱা নাছিল।’ বিৰোধীৰ এই ভূমিকাক তেওঁ সংসদৰ বাবে ‘অস্বাস্থ্যকৰ’ আৰু দুৰ্ভাগ্যজনক আখ্যা দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ