--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : পেগাছাছ কাণ্ডই দেশৰ ৰাজনীতিত এতিয়া ধুমুহা তুলিছে। ৰাজনীতিক, সাংবাদিক, ৰাজনৈতিক সংগ্ৰামী, ৰাজনৈতিক কৌশল নিৰ্ধাৰক, বিৰোধী দলৰ নেতা আদিৰ ফোনত অনৈতিক হস্তক্ষেপৰ জৰিয়তে নজৰদাৰি কৰাৰ কৰাৰ কথা পোহৰলৈ অহাৰ পাছতে এই বিষয়টোৱে দেশত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভাৰতত যিসকল লোকৰ ওচৰত এই বিশেষ প্ৰযুক্তিৰ জৰিয়তে নজৰদাৰি কৰাৰ তথ্য পোহৰলৈ আহিছিল সেই তালিকা কোনে প্ৰস্তুত কৰিছিল তাক লৈও প্ৰশ্নবোধকৰ সৃষ্টি হৈছিল।

এতিয়া এই প্ৰশ্নৰ উত্তৰ দিছে এই প্ৰযুক্তি নিৰ্মানকাৰী প্ৰতিষ্ঠানটোৱে। ইজৰাইলৰ এনএছঅ’ নামৰ কোম্পানীটোৱে পেগাছাছ স্পাইৱেৰ প্ৰগৰেম নিৰ্মাণ কৰে। তেওঁলোকে এই প্ৰযুক্তি কোনো ব্যক্তিগত প্ৰতিষ্ঠানক বিক্ৰী নকৰে বৰং কোনো দেশৰ চৰকাৰকহে কৰে বুলি স্পষ্ট কৰি দিছিল। শেহতীয়াকৈ কোম্পানীটোৱে প্ৰকাশ কৰিছে যে, চৰকাৰে এই ছফ্টৱেৰ ব্যৱহাৰ কৰি যিসকল লোকৰ ওপৰত নজৰদাৰি কৰিছিল সেই তালিকা কোনো কাৰণতে কোম্পানীটোৱে প্ৰস্তুত কৰা তালিকা নহয়।

এনএছঅ’ৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰে যে, ‘এয়া এনএছঅ’ৰ তালিকা নহয়, বা কেতিয়াও নাছিল। এয়া এক বিকৃত ৰূপত প্ৰকাশ কৰা তথ্য।’উল্লেখ্য যে, দ্য ৱায়াৰত দেশৰ ৩০০লোকৰ ফোন নম্বৰত অবৈধ নজৰদাৰিৰ তথ্য ফাদিল কৰি বিস্ফোৰক বাতৰি প্ৰকাশ পাইছিল। এই বাতৰিৰে সমগ্ৰ দেশতে তোলপাৰ লগাইছিল। বিৰোধী দল কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী, ৰাজনৈতিক কৌশল নিৰ্ধাৰক প্ৰশান্ত কিশোৰৰ লগতে ভালেসংখ্যক জ্যেষ্ঠ ৰাজনীতিকৰ ফোনত পেগাছাছ প্ৰযুক্তিৰ জৰিয়তে চোৰাংচোৱাগিৰি কৰাৰ তথ্যই চৰকাৰৰ চৰম অস্বস্তিত পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ