--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে ৰাজস্থানৰ বিৰুদ্ধে গুজৰাটৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল শুবমান গিলে। তেওঁৰ অ’পেনিং ন’ক ৪৪টা বলত ৭২ ৰান সংগ্ৰহ কৰি গুজৰাটক জয়লাভ কৰাত সহায় কৰে। সেই ইনিংছৰ সহায়ত শুবমানে কেইবাটাও নজিৰ ভংগ কৰিলে। ইয়াৰ ভিতৰত গুজৰাটৰ অধিনায়কগৰাকীয়ে কোহলীৰ অভিলেখ ভংগ কৰি আই পি এলত ইতিহাস সৃষ্টি কৰে৷

আই পি এলত ৩০০০ ৰান সংগ্ৰহ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে কোহলীৰ অভিলেখ ভংগ কৰিলে শুবমানে। ২৪ বছৰ ২১৫ দিন বয়সত তেওঁ এই নজিৰ গঢ়ি তুলিছিল। ২৬ বছৰ ১৮৬ দিন বয়সত কোহলীয়ে এই নজিৰ গঢ়ি তুলিছিল। এতিয়ালৈকে সেইটোৱেই আছিল আটাইতকৈ কম বয়সত ৩০০০ ৰানৰ নজিৰ। সেই নজিৰ শুবমানৰ সৌজন্যত ভাঙি গ’ল।

কেৱল সেয়াই নহয়, নূন্যতম ইনিংছত ৩০০০ ৰান সংগ্ৰহৰ ক্ষেত্ৰতো শ্বুবমেনে তিনি নম্বৰ স্থান দখল কৰিছে। ভাৰতীয়ৰ ভিতৰত তেওঁ দ্বিতীয় স্থানত আছে। আই পি এলৰ আটাইতকৈ চুটি ইনিংছত প্ৰথমে ৩০০০ ৰান সংগ্ৰহ কৰিছে ক্ৰীছ গেলে। আই পি এলৰ একাধিক দলত খেলা ৱেষ্ট ইণ্ডিজৰ বেটছমেনগৰাকীয়ে মাত্ৰ ৭৫ ইনিংছতে এই নজিৰ গঢ়ি তুলিছিল। ইয়াৰ পিছতে আছে কে এল ৰাহুল (৮০)। শ্বুবমেনে জোছ বাটলাৰ, ফাফ ডু প্লেছিছৰ সৈতে যৌথভাৱে তৃতীয় স্থানত আছে। প্ৰত্যেকেই ৯৪টা ইনিংছ লয়।

মুঠতে টি-২০ ফৰ্মেটত শুবমেনে ৪০০০ৰো অধিক ৰান সংগ্ৰহ কৰে। আই পি এলত ৩০০০ ৰানৰ ভিতৰত তেওঁ গুজৰাটৰ হৈ ১৫০০ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে তেওঁ দুটা ছিজন খেলিছে। এইটো তৃতীয় ছিজন। এইবাৰ তেওঁ অধিনায়কও।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ