--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে ৰাজস্থানৰ বিৰুদ্ধে গুজৰাটৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল শুবমান গিলে। তেওঁৰ অ’পেনিং ন’ক ৪৪টা বলত ৭২ ৰান সংগ্ৰহ কৰি গুজৰাটক জয়লাভ কৰাত সহায় কৰে। সেই ইনিংছৰ সহায়ত শুবমানে কেইবাটাও নজিৰ ভংগ কৰিলে। ইয়াৰ ভিতৰত গুজৰাটৰ অধিনায়কগৰাকীয়ে কোহলীৰ অভিলেখ ভংগ কৰি আই পি এলত ইতিহাস সৃষ্টি কৰে৷

আই পি এলত ৩০০০ ৰান সংগ্ৰহ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে কোহলীৰ অভিলেখ ভংগ কৰিলে শুবমানে। ২৪ বছৰ ২১৫ দিন বয়সত তেওঁ এই নজিৰ গঢ়ি তুলিছিল। ২৬ বছৰ ১৮৬ দিন বয়সত কোহলীয়ে এই নজিৰ গঢ়ি তুলিছিল। এতিয়ালৈকে সেইটোৱেই আছিল আটাইতকৈ কম বয়সত ৩০০০ ৰানৰ নজিৰ। সেই নজিৰ শুবমানৰ সৌজন্যত ভাঙি গ’ল।

কেৱল সেয়াই নহয়, নূন্যতম ইনিংছত ৩০০০ ৰান সংগ্ৰহৰ ক্ষেত্ৰতো শ্বুবমেনে তিনি নম্বৰ স্থান দখল কৰিছে। ভাৰতীয়ৰ ভিতৰত তেওঁ দ্বিতীয় স্থানত আছে। আই পি এলৰ আটাইতকৈ চুটি ইনিংছত প্ৰথমে ৩০০০ ৰান সংগ্ৰহ কৰিছে ক্ৰীছ গেলে। আই পি এলৰ একাধিক দলত খেলা ৱেষ্ট ইণ্ডিজৰ বেটছমেনগৰাকীয়ে মাত্ৰ ৭৫ ইনিংছতে এই নজিৰ গঢ়ি তুলিছিল। ইয়াৰ পিছতে আছে কে এল ৰাহুল (৮০)। শ্বুবমেনে জোছ বাটলাৰ, ফাফ ডু প্লেছিছৰ সৈতে যৌথভাৱে তৃতীয় স্থানত আছে। প্ৰত্যেকেই ৯৪টা ইনিংছ লয়।

মুঠতে টি-২০ ফৰ্মেটত শুবমেনে ৪০০০ৰো অধিক ৰান সংগ্ৰহ কৰে। আই পি এলত ৩০০০ ৰানৰ ভিতৰত তেওঁ গুজৰাটৰ হৈ ১৫০০ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে তেওঁ দুটা ছিজন খেলিছে। এইটো তৃতীয় ছিজন। এইবাৰ তেওঁ অধিনায়কও।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু