--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অধিনায়কত্ব এৰি কেৱল ক্ৰিকেটাৰ হিচাপে খেলিছে মহেন্দ্ৰ সিং ধোনীয়ে। আনহাতে গৌতম গম্ভীৰ হৈছে কেকেআৰৰ গুৰু।

শেহতীয়াকৈ সম্প্ৰচাৰ চেনেল এটাত কেকেআৰৰ অধিনায়ক হিচাপে থকা সময়ছোৱাত ধোনিৰ সৈতে হোৱা যুঁজৰ বিষয়ে গম্ভীয়ে কয়। 

তেওঁ কয়, ‘মই জয়ী হ’ব বিচাৰিছিলো। মোৰ পৰিকল্পনা স্পষ্ট আছিল। বন্ধুত্ব, সন্মান থাকিব। কিন্তু খেলপথাৰত ভৰি দিলে মই কে কে আৰৰ অধিনায়ক আৰু ধোনী চেন্নাইৰ। ধোনীক সুধিলে চাগে তেওঁ একেই উত্তৰ দিব। কাৰণ, তেওঁ ভাৰতৰ সফল অধিনায়ক। আইচিচিৰ তিনিটা ট্ৰফী লাভ কৰে।"

আই পি এলত ধোনীৰ সৈতে যুঁজিছিল বুলি গম্ভীয়ে কয়। তেওঁৰ ভাষাত, “ধোনিৰ মগজু বৰ শক্তিশালী। গতিকে তেওঁৰ লগত কাজিয়া কৰি ভাল পাইছিলোঁ। তেওঁৰ পৰিকল্পনা বৰ ভাল আছিল। স্পিনাৰসকলে খেলা ধৰণটো আন অধিনায়কৰ বাবে কঠিন। ধোনিৰ ফিল্ডিংও বাকীবোৰতকৈ পৃথক আছিল।"

গম্ভিৰে কয় যে তেওঁ বেটছমেন ধোনীক যথেষ্ট গুৰুত্ব দিছিল। কে কে আৰৰ গুৰুজনে কয় যে আমি জানিছিলোঁ যে ধোনীয়ে ৬, ৭, ৮ ৰানত বেটিং কৰিবলৈ য’তেই আহে তাতেই পুনৰ আহি মেচখন জয়ী হ’ব পাৰে। শেষৰ অভাৰত ২০ ৰানৰ প্ৰয়োজন হ’লেও ধোণীয়ে খেলখনত জয়ী হ’ব পাৰিলেহেঁতেন। গতিকে তেওঁৰ বিৰুদ্ধে খেলিও ভাল পাইছিলোঁ। ধোনী হয়তো মোৰ দৰে আক্ৰমণাত্মক নাছিল, কিন্তু তেওঁ কেতিয়াও হাৰ নামানিল। গতিকে যুঁজখন আৰু কঠিন হ’লহেঁতেন।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ