--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অধিনায়কত্ব এৰি কেৱল ক্ৰিকেটাৰ হিচাপে খেলিছে মহেন্দ্ৰ সিং ধোনীয়ে। আনহাতে গৌতম গম্ভীৰ হৈছে কেকেআৰৰ গুৰু।

শেহতীয়াকৈ সম্প্ৰচাৰ চেনেল এটাত কেকেআৰৰ অধিনায়ক হিচাপে থকা সময়ছোৱাত ধোনিৰ সৈতে হোৱা যুঁজৰ বিষয়ে গম্ভীয়ে কয়। 

তেওঁ কয়, ‘মই জয়ী হ’ব বিচাৰিছিলো। মোৰ পৰিকল্পনা স্পষ্ট আছিল। বন্ধুত্ব, সন্মান থাকিব। কিন্তু খেলপথাৰত ভৰি দিলে মই কে কে আৰৰ অধিনায়ক আৰু ধোনী চেন্নাইৰ। ধোনীক সুধিলে চাগে তেওঁ একেই উত্তৰ দিব। কাৰণ, তেওঁ ভাৰতৰ সফল অধিনায়ক। আইচিচিৰ তিনিটা ট্ৰফী লাভ কৰে।"

আই পি এলত ধোনীৰ সৈতে যুঁজিছিল বুলি গম্ভীয়ে কয়। তেওঁৰ ভাষাত, “ধোনিৰ মগজু বৰ শক্তিশালী। গতিকে তেওঁৰ লগত কাজিয়া কৰি ভাল পাইছিলোঁ। তেওঁৰ পৰিকল্পনা বৰ ভাল আছিল। স্পিনাৰসকলে খেলা ধৰণটো আন অধিনায়কৰ বাবে কঠিন। ধোনিৰ ফিল্ডিংও বাকীবোৰতকৈ পৃথক আছিল।"

গম্ভিৰে কয় যে তেওঁ বেটছমেন ধোনীক যথেষ্ট গুৰুত্ব দিছিল। কে কে আৰৰ গুৰুজনে কয় যে আমি জানিছিলোঁ যে ধোনীয়ে ৬, ৭, ৮ ৰানত বেটিং কৰিবলৈ য’তেই আহে তাতেই পুনৰ আহি মেচখন জয়ী হ’ব পাৰে। শেষৰ অভাৰত ২০ ৰানৰ প্ৰয়োজন হ’লেও ধোণীয়ে খেলখনত জয়ী হ’ব পাৰিলেহেঁতেন। গতিকে তেওঁৰ বিৰুদ্ধে খেলিও ভাল পাইছিলোঁ। ধোনী হয়তো মোৰ দৰে আক্ৰমণাত্মক নাছিল, কিন্তু তেওঁ কেতিয়াও হাৰ নামানিল। গতিকে যুঁজখন আৰু কঠিন হ’লহেঁতেন।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু