--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰচিন ৰবিন্দ্ৰ সুখী নহয়। ভাল খেলাৰ পিছতো তেওঁ সুখী নহয়। নিউজিলেণ্ডৰ এইগৰাকী ক্ৰিকেটাৰে আই পি এলৰ প্ৰথমখন খেলত দৃষ্টি আকৰ্ষণ কৰিছিল। ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে দলৰ জয়ত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিন্তু ৰবীন্দ্ৰই এতিয়াই নিজকে তাৰকা বুলি ক’ব নিবিচাৰে।

আৰচিবিৰ বিৰুদ্ধে ১৫টা বলত ৩৭ ৰানৰ ইনিংছ খেলি ৰবীন্দ্ৰই অ’পেন কৰে। তেওঁৰ আক্ৰমণাত্মক বেটিং ইনিংছ আৰম্ভণিৰে পৰাই গঢ় লৈ উঠিছে। মাত্ৰ এখন মেচৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ নিজকে তাৰকা বুলি ক’ব নিবিচাৰে। খেলখনৰ শেষত ৰবীন্দ্ৰই কয় - ''দলীয় প্ৰদৰ্শনৰ বাবেই আমি জয়ী হৈছিলো। উইকেটটো বৰ ভাল আছিল। কোনোমতে মোৰ স্নায়ু ধৰি ৰাখিব পাৰিলোঁ। মই যি কৰিব লাগিছিল তাকেই কৰিলোঁ। দলটোক ৰান খেদিবলৈ সহায় কৰিছিল। কাষত ৰুতুৰাজ (গৈকৱাদ) থকাৰ বাবে কামবোৰ সহজ হৈ পৰিল। কিন্তু এখন মেচৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি কাকো তাৰকা বুলি ক’ব নোৱাৰি। মই এতিয়াও সেই ঠাইলৈ যোৱা নাই।"

লগতে মহেন্দ্ৰ সিং ধোনীক তেওঁৰ ভাল খেলৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৰবীন্দ্ৰই। তেওঁ কয়, ‘মই যোৱা বছৰ ভাৰতত খেলিছিলো। ধোনি ছাৰে এইবাৰ অহাৰ পিছত বহুত সহায় কৰিলে। সকলো দলৰ সৈতে বুজাবুজি ভাল হৈছে। চেন্নাই অনুৰাগীৰ আৱেগ বুজি পাওঁ। প্ৰথমখন খেলত জয়ী হোৱাৰ পিছত আত্মবিশ্বাস বহুত বাঢ়িল। এইবাৰ ভাল ফলাফল পাম বুলি আশা কৰিলোঁ।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ