--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপে আই পি এলৰ শত্ৰুতা মচি পেলালে। আই পি এলত নিজ নিজ দলৰ হৈ খেলি থকাৰ সময়তে বিৰাট কোহলী আৰু নবীন উল হকৰ মাজত সংঘাত হৈছিল। সেই শত্ৰুতা বিশ্বকাপত দেশৰ জাৰ্চিত বন্ধুত্বলৈ পৰিণত হৈছে। খেলৰ দিনা দুয়োকে সাৱটি ধৰা আৰু হাত মিলাই থকা দেখা গৈছে। কোহলীয়ে নবীনৰ পিঠিত থপৰিয়ায়। খেলখনৰ পিছতে কোহলীক উচ্চ প্ৰশংসা কৰে যুৱকজনে।

কোহলীৰ বিষয়ে সোধাত নবীনে কয়, ''তেওঁ এজন বৰ ভাল ক্ৰিকেটাৰ। খেলৰ পিছত আমি হাত মিলাইছিলো। পথাৰখনৰ ভিতৰত বহু কথাই ঘটে। কিন্তু খেলপথাৰৰ বাহিৰত আমাৰ মাজত কোনো বিৰোধিতা নাই। মানুহে ইয়াক বৃদ্ধি কৰে। তেওঁলোকৰ অনুসৰণকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ চেষ্টা। কোহলীয়ে মোক পুৰণি সকলো কথা পাহৰিবলৈ কৈছিল। মইও ক’লোঁ, সকলো পাহৰি গ’লোঁ৷ ইয়াৰ পিছত আমি হাত ধৰি ইজনে সিজনক সাৱটি ধৰো।"

আই পি এলত সেই মেচৰ পিছত কোহলী আৰু নবীনক জৰিমনা বিহা হৈছিল। কেৱল সেয়াই নহয়, আফগানিস্তানৰ এই পেচাৰগৰাকীক ছ’চিয়েল মিডিয়াত তীব্ৰ সমালোচনা কৰা হৈছিল। আনকি বুধবাৰৰ মেচখনতো নবীন বেটিং বা বলিং কৰাৰ সময়ত অনুৰাগীয়ে কোহলীৰ নাম ধ্বনি দিছিল। কিন্তু ক্ৰিকেটাৰ দুগৰাকীৰ আচৰণে ইংগিত দিলে যে পাঁচ মাহৰ আগৰ আই পি এলৰ অধ্যায়টো এতিয়া অতীতত।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ