--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিৰাট কোহলীলৈ তীক্ষ্ণ প্ৰশ্নবাণ কিংবদন্তি ভাৰতীয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ।  দৰাচলতে, সুনীল গাভাস্কাৰে ভাৰতীয় ক্ৰিকেট দলৰ জ্যেষ্ঠ ক্ৰিকেটাৰসকলক জিৰণি দিয়া সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে। চলিত মাহৰ শেষৰ ফালে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ পৰা ৰোহিত শৰ্মা, যশস্প্ৰীত বুমৰাহ, বিৰাট কোহলী, হাৰ্দিক পাণ্ডিয়া, ঋষভ পন্তৰ দৰে আৰু কেইজনমান জ্যেষ্ঠ ক্ৰিকেটাৰক জিৰণি দিয়াৰ সিদ্ধান্তত সুখী নহয় সুনীল গাভাস্কাৰ। এই সন্দৰ্ভত এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে গাভাস্কাৰে।

ইয়াৰোপৰি, আউট অৱ ফৰ্মত থকা বেটছমেন বিৰাট কোহলীয়ে সমগ্ৰ ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে জিৰণি বিচাৰিছে বুলিও খবৰ ওলাইছে। য’ত ৫খন টি-২০ মেচো অন্তৰ্ভুক্ত কৰা হৈছে। সুনীল গাভাস্কাৰে এতিয়া বিৰাট কোহলীক সুধিছে যে, যদি তেওঁৰ দৰে ক্ৰিকেটাৰে আইপিএলত জিৰণি ল’ব নিবিচাৰে, তেন্তে ভাৰতীয় মেচৰ পূৰ্বে বিৰতিৰ কথা কিয় ভাবিছে? খেলুৱৈসকলক জিৰণি দিয়াৰ সিদ্ধান্তৰ সৈতে একমত নহয় বুলিও কয় গাভাস্কাৰে। সুনীলৰ পোনপটীয়া প্ৰশ্ন, ‘আইপিএলৰ সময়ত বিৰতি নোলোৱা খেলুৱৈয়ে দেশৰ হৈ খেলিবলৈ যাওঁতে জিৰণি কিয় ল’ব বিচাৰে? মই সেই কথাত একমত নহয়।’

সুনীল গাভাস্কৰে লগতে কয়, ‘আমি ভাৰতৰ হৈ খেলিব লাগিব। জিৰণিৰ কথা ভাবিলে নহ’ব৷ টি-২০ত এটা ইনিংছত মাত্ৰ ২০ অ’ভাৰ। ই আপোনাৰ শৰীৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। টেষ্ট মেচত মন আৰু শৰীৰৰ ক্লান্তি অধিক বুলি জানো। কিন্তু টি-২০ ক্ৰিকেটত বিশেষ সমস্যা আছে বুলি মই নাভাবো।’

প্ৰবীণ ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে আৰু কয় যে, বিচিচিআইৰ বিশ্ৰাম নীতিত হস্তক্ষেপ কৰাৰ সময় আহি পৰিছে। যিটো এতিয়া ভাৰতীয় ক্ৰিকেটত এক সাধাৰণ প্ৰথাত পৰিণত হৈছে। টেষ্ট ক্ৰিকেটত ১০ হাজাৰ ৰান সংগ্ৰহ কৰা প্ৰথমগৰাকী বেটছমেন গাভাস্কাৰে কয় যে, অপ্ৰয়োজনীয়ভাৱে জিৰণি ল’ব বিচৰা ক্ৰিকেটাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ