--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিৰাট কোহলীলৈ তীক্ষ্ণ প্ৰশ্নবাণ কিংবদন্তি ভাৰতীয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ।  দৰাচলতে, সুনীল গাভাস্কাৰে ভাৰতীয় ক্ৰিকেট দলৰ জ্যেষ্ঠ ক্ৰিকেটাৰসকলক জিৰণি দিয়া সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে। চলিত মাহৰ শেষৰ ফালে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ পৰা ৰোহিত শৰ্মা, যশস্প্ৰীত বুমৰাহ, বিৰাট কোহলী, হাৰ্দিক পাণ্ডিয়া, ঋষভ পন্তৰ দৰে আৰু কেইজনমান জ্যেষ্ঠ ক্ৰিকেটাৰক জিৰণি দিয়াৰ সিদ্ধান্তত সুখী নহয় সুনীল গাভাস্কাৰ। এই সন্দৰ্ভত এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে গাভাস্কাৰে।

ইয়াৰোপৰি, আউট অৱ ফৰ্মত থকা বেটছমেন বিৰাট কোহলীয়ে সমগ্ৰ ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে জিৰণি বিচাৰিছে বুলিও খবৰ ওলাইছে। য’ত ৫খন টি-২০ মেচো অন্তৰ্ভুক্ত কৰা হৈছে। সুনীল গাভাস্কাৰে এতিয়া বিৰাট কোহলীক সুধিছে যে, যদি তেওঁৰ দৰে ক্ৰিকেটাৰে আইপিএলত জিৰণি ল’ব নিবিচাৰে, তেন্তে ভাৰতীয় মেচৰ পূৰ্বে বিৰতিৰ কথা কিয় ভাবিছে? খেলুৱৈসকলক জিৰণি দিয়াৰ সিদ্ধান্তৰ সৈতে একমত নহয় বুলিও কয় গাভাস্কাৰে। সুনীলৰ পোনপটীয়া প্ৰশ্ন, ‘আইপিএলৰ সময়ত বিৰতি নোলোৱা খেলুৱৈয়ে দেশৰ হৈ খেলিবলৈ যাওঁতে জিৰণি কিয় ল’ব বিচাৰে? মই সেই কথাত একমত নহয়।’

সুনীল গাভাস্কৰে লগতে কয়, ‘আমি ভাৰতৰ হৈ খেলিব লাগিব। জিৰণিৰ কথা ভাবিলে নহ’ব৷ টি-২০ত এটা ইনিংছত মাত্ৰ ২০ অ’ভাৰ। ই আপোনাৰ শৰীৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। টেষ্ট মেচত মন আৰু শৰীৰৰ ক্লান্তি অধিক বুলি জানো। কিন্তু টি-২০ ক্ৰিকেটত বিশেষ সমস্যা আছে বুলি মই নাভাবো।’

প্ৰবীণ ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে আৰু কয় যে, বিচিচিআইৰ বিশ্ৰাম নীতিত হস্তক্ষেপ কৰাৰ সময় আহি পৰিছে। যিটো এতিয়া ভাৰতীয় ক্ৰিকেটত এক সাধাৰণ প্ৰথাত পৰিণত হৈছে। টেষ্ট ক্ৰিকেটত ১০ হাজাৰ ৰান সংগ্ৰহ কৰা প্ৰথমগৰাকী বেটছমেন গাভাস্কাৰে কয় যে, অপ্ৰয়োজনীয়ভাৱে জিৰণি ল’ব বিচৰা ক্ৰিকেটাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু